তোমাক সকলো নাৰীয়ে ঘৃণা কৰিব! শ্বাহৰুখ খানক প্ৰচণ্ড চৰ অভিনেত্ৰীৰ, পাছত…

বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহিছে। এনে এক খবৰ হৈছে, এগৰাকী অভিনেত্ৰীৰ শ্বাহৰুখ খানৰ গালত প্ৰচণ্ড চৰ। এক সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা প্ৰকাশ কৰিছিল।

তোমাক সকলো নাৰীয়ে ঘৃণা কৰিব! শ্বাহৰুখ খানক প্ৰচণ্ড চৰ অভিনেত্ৰীৰ, পাছত...

শ্বাহৰুখ খান

Published: 

06 Oct 2025 12:24 PM

জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানক এবাৰ চৰ মাৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল এগৰাকী অভিনেত্ৰী। এক সাক্ষাৎকাৰত নিজেই এই কথা অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। বলীউডত চিনেমাৰ শ্বুটিং কৰাৰ সময়ত বহু ধৰণৰ ঘটনা সংঘটিত হয়। বেছিভাগ কথা অভিনেতা-অভিনেত্ৰীসকলে বহু সময়ত মনত পেলায়। কেতিয়াবা কিছুমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় যি পাহৰি যোৱা সহজ নহয়। এনে এক ঘটনা সংঘটিত হৈছিল অভিনেত্ৰী প্ৰিয়া গিলৰ জীৱনত। সেই সময়ত তেওঁ ‘জোছ’ নামৰ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছিল। তেওঁৰ লগতে সেই ছবিখনত আছিল অভিনেতা শ্বাহৰুখ খান।

‘জোছ’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে প্ৰিয়াই শ্বাহৰুখক চৰ মাৰিবলগীয়া হৈছিল। প্ৰিয়াই এটা সাক্ষাৎকাৰত কয়, ”মই টিভিৰ সময়ৰ পৰাই শ্বাহৰুখ খানৰ অনুৰাগী আছিলো। জোছ ছবিখনৰ শ্বুটিঙৰ সময়ত মই বুজি পোৱা নাছিলো যে শ্বাহৰুখ খানক মই কেনেকৈ চৰিয়াম। নিৰ্দেশক মঞ্চুৰ খানে বাৰে বাৰে কৈ আছিল যে তেওঁক জোৰকৈ চৰ মৰা। শ্বাহৰুখ খানে নিজেই কৈছিল ‘মোক চৰ মৰা, ভয় নকৰিবা’। অৱশেষত মই তেওঁক জোৰকৈ চৰ মাৰিছিলো’।

তেওঁ আৰু কয়,  ”চৰ মৰাৰ লগে লগে সমগ্ৰ শ্বুটিং স্থলী একেবাৰে নিস্তব্ধ হৈ পৰিছিল। কোনোৱে কাট বুলি কোৱা নাছিল। কেমেৰা চলি আছিল”। প্ৰিয়াই কয়, ‘সকলো মনে মনে আছিল। মইও আচৰিত হৈ পৰিছিলো। পাছত কেমেৰামেনে ধেমেলিয়া সুৰত কৈছিল, “তোমাক সকলো নাৰীয়ে ঘৃণা কৰিব, কাৰণ তুমি শ্বাহৰুখ খানক চৰ মাৰিছা”। সেই দিনাৰ পৰা প্ৰিয়াৰ মনত শ্বাহৰুখে অন্য এক স্থান লৈছিল। প্ৰিয়াই কয়, তেওঁ একেবাৰে বেয়া পোৱা নাছিল। ইয়াৰ সলনি তেওঁ চাব্বাছ, শ্বটটো ঠিকেই আছে বুলিহে কৈছিল। এজন ছুপাৰষ্টাৰ ইমান বিনম্ৰ হোৱা সঁচাকৈ দুৰ্লভ বুলি কয় প্ৰিয়াই।

বহু বছৰ পাছত প্ৰিয়াই সেই মুহূৰ্ত পুনৰ মনত পেলায়। প্ৰিয়াৰ মতে, সেয়া আছিল তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ “আচৰিত অথচ গুৰুত্বপূৰ্ণ” মুহূৰ্ত। প্ৰিয়াৰ মতে শ্বাহৰুখ খানক চৰ মৰা তেওঁৰ বাবে সহজ নাছিল যদিও এয়া তেওঁঁৰ কেৰিয়াৰৰ এক গৌৰৱপূৰ্ণ সময় বুলিও ক’ব পাৰি।

 

অন্য খবৰ পঢ়কঃ বিশ্বৰ ধনী অভিনেতাৰ তালিকাত শ্বাহৰুখ খানৰ নাম, সম্পত্তিৰ পৰিমাণ কিমান, জানক…

আহিব দুৰ্দশা! শিৱ মন্দিৰৰ পৰা উভতাৰ পথত নকৰিব এই ৫টা ভুল...
মদ্যপান কৰাৰ পাছত কেনে ধৰণৰ খাদ্য খাব নালাগে? খালে কি কি সমস্যা হ'ব পাৰে? জানক
মেদবহুলতাক আওকাণ নকৰিব ! কি কি বেমাৰত ওজন বৃদ্ধি হয় ? জানক
ভৰিৰ এই লক্ষণে দিয়ে যকৃতৰ ক্ষতি হোৱাৰ ইংগিত, জানক...