বলীউডৰ এক নম্বৰ অভিনেত্ৰীক অভিষেকে দিলে একেলগে শোৱাৰ প্ৰস্তাৱ! তাৰ পিছত…

প্ৰেমৰ চৰ্চা বাৰু ঠিকেই, কিন্তু এসময়ত অভিষেকে বলীউডৰ এগৰাকী শীৰ্ষ অভিনেত্ৰীক দিছিল আচৰিত প্ৰস্তাৱ। মুকলিকৈয়ে অভিনেত্ৰীগৰাকীক একেলগে শোৱাৰ প্ৰস্তাৱ দিছিল অভিষেকে। কিন্তু কোন আছিল এই অভিনেত্ৰীগৰাকী?

বলীউডৰ এক নম্বৰ অভিনেত্ৰীক অভিষেকে দিলে একেলগে শোৱাৰ প্ৰস্তাৱ! তাৰ পিছত...

অভিষেক বচ্চন

Updated On: 

05 Oct 2025 | 02:14 PM

বলীউডত বচ্চন পৰিয়াল বুলিলেই আছে এক বিশেষ স্থান। বিগ বি অমিতাভ বচ্চনৰ পদাংক অনুসৰণ কৰিয়েই বলীউডত খোজ পেলাইছিল পুত্ৰ অভিষেকে। অৱশ্যে বক্স অফিচত অভিষেকে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। ছবি হিট হওক বা নহওক, চৰ্চাত পিছে ঠিকেই থাকে অভিষেক বচ্চন। এসময়ত প্ৰেম সম্পৰ্কীয় খবৰৰ বাবে অভিষেক যথেষ্ট চৰ্চাত আছিল। কেতিয়াবা যদি কৰিশ্মা কাপুৰ, আন কেতিয়াবা ৰাণী মুখাৰ্জীৰ সৈতে জড়িত হৈছিল তেওঁৰ নাম। অৱশ্যে শেষত ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে জীৱনৰ যুটি বান্ধে অভিষেকে।

প্ৰেমৰ চৰ্চা বাৰু ঠিকেই, কিন্তু এসময়ত অভিষেকে বলীউডৰ এগৰাকী শীৰ্ষ অভিনেত্ৰীক দিছিল আচৰিত প্ৰস্তাৱ। মুকলিকৈয়ে অভিনেত্ৰীগৰাকীক একেলগে শোৱাৰ প্ৰস্তাৱ দিছিল অভিষেকে। পিছে অভিষেকৰ এই প্ৰস্তাৱত খং উঠা নাছিল অভিনেত্ৰীগৰাকীৰ। বৰঞ্চ হাঁহি হাঁহি কৰিছিল এক বিশেষ মন্তব্য। কিন্তু কোন আছিল এই অভিনেত্ৰীগৰাকী?

সেয়া আছিল ১৯৮২ চনৰ কথা। সেই সময়ত অমিতাভ বচ্চনে জীনত আমানৰ সৈতে যুটি বান্ধি কেইবাখনো হিট ছবি উপহাৰ দিছিল। সেই সময়তে এখন ছবিৰ শ্বুটিঙৰ বাবে অমিতাভ আৰু জিনত কাঠমাণ্ডুলৈ গৈছিল। সেই ভ্ৰমণত অমিতাভৰ সৈতে তেওঁৰ কণমানি পুত্ৰ অভিষেকো লগত আছিল।

এদিন দিনটোৰ শ্বুটিঙৰ পিছত নিশা সকলোৱে হোটেলৰ কোঠাত আড্ডা মাৰি আছিল। কোঠাতে থকা এখন চোফাত বহি আছিল অভিষেক বচ্চন। আড্ডাৰ পিছত জিনত শোৱাৰ বাবে নিজা কোঠালৈ আগবাঢ়িল। ঠিক সেই সময়তে অভিষেকে জিনতৰ হাতত ধৰি টানি লৈ গ’ল। তেতিয়া জিনতে অভিষেকক ক’লে, “মই এতিয়া শুব লাগিব। গতিকে মই ৰুমলৈ যাও।”

জিনত আমানৰ এই কথাত অভিষেকে লগে লগে কয়, “তুমি মোৰ লগত শুবা।” কণমানি অভিষেকৰ মুখত এই কথা শুনি জিনতৰ মুখত হাঁহি ফুটি উঠিল। অভিষেকৰ গালত লাহেকৈ চিকুট মাৰি জিনতে তেতিয়া ক’লে, “তুমি প্ৰথমে ডাঙৰ হোৱা, তাৰ পিছত মই তোমাৰ লগত শুম!” শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিষেকে নিজৰ শৈশৱৰ এই ধেমেলীয়া কথা প্ৰকাশ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...