অভিনয় নহয়! তেন্তে ঘৰত বহি কেনেকৈ অভিষেকে মাহিলী ২০ লাখ উপাৰ্জন কৰে, শুনি হ’ব আচৰিত…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা অভিষেক বচ্চন। পিছে তেওঁৰ আয়ৰ উৎস কেৱল অভিনয় নহয়। বিভিন্ন দিশৰ পৰা অভিষেক বচ্চনে ধন উপাৰ্জন কৰে।

অভিনয় নহয়! তেন্তে ঘৰত বহি কেনেকৈ অভিষেকে মাহিলী ২০ লাখ উপাৰ্জন কৰে, শুনি হব আচৰিত...

অমিতাভ-অভিষেক

Published: 

29 Apr 2025 | 01:08 PM

সকলোৰে পৰিচিত এটি নাম অমিতাভ বচ্চন। পিছে তেওঁৰ উপাৰ্জনৰ পৰিমাণ কিমান জানেনে ? বহু সংবাদ সংস্থাৰ প্ৰকাশিত তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত তেওঁ মুঠ ৩৫০ কোটি টকা উপাৰ্জন কৰিছিল। এই টকা অমিতাভ বচ্চনে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰে।

ইয়াৰ বিপৰীতে তেওঁৰ পুত্ৰ অভিষেক বচ্চনে ঘৰত বহিয়ে মাহিলী প্ৰায় ২০ লাখ টকা উপাৰ্জন কৰে। সাধাৰণতে অভিনেতাসকলে তেওঁলোকৰ অভিনয়ৰ পৰা কৰা আয়ক লৈ চৰ্চাত থাকে। কিন্তু অভিষেক বচ্চন এনে এজন ব্যক্তি যি তেওঁ কৰা বিনিয়োগৰ বাবে চৰ্চাত আহিছে। কিন্তু ঘৰত বহিয়ে কৰা আয়ৰ পৰিমাণে চকু কপালত তুলিছে বিভিন্নজনৰ।

তথ্য অনুসৰি, মুম্বাইৰ জুহুৰ জলছা নামৰ বাংলোটোৰ সমীপতে বচ্চন পৰিয়ালৰ আন দুটা বাংলো আছে। অভিষেক বচ্চনে ‘বৎস’ আৰু ‘আম্মু’ নামৰ এই দুটা বাংলোৰ তলৰ মহলা ভাৰতীয় ষ্টেট বেংকক ভাড়াত দিছে। জুহু হৈছে মুম্বাইৰ অন্যতম প্ৰধান কেন্দ্ৰীয় ব্যৱসায়িক জিলা। যাৰ ফলত এই অঞ্চলত ব্যৱসায়িক মাটি বা ঘৰৰ চাহিদা অতি বেছি। এনে ক্ষেত্ৰত এই বাংলো দুটা অভিষেক বচ্চনৰ বাবে আশীৰ্বাদ হৈ পৰিছে।

ষ্টেট বেংকে ২০২১ চনৰ ২৮ ছেপ্টেম্বৰত কৰা স্বাক্ষৰিত চুক্তি অনুসৰি ১৫ বছৰৰ বাবে প্ৰতিমাহে ১৮ লাখ ৯০ হাজাৰ টকা দিব বচ্চন পৰিয়ালক। চুক্তি অনুসৰি সেই স্থানৰ ভাড়া ৫ বছৰৰ মূৰে মূৰে ২৫ শতাংশ বৃদ্ধি পাব। তেনে ক্ষেত্ৰত ২০২৬ চনত ৫ বছৰৰ পাছত ভাড়া ২৩ লাখ ৬০ হাজাৰ টকালৈ বৃদ্ধি পাব। আৰু ১০ বছৰ শেষ হোৱাৰ পিছত ভাড়া ২৯ লাখ ৫০ হাজাৰ টকালৈ বৃদ্ধি পাব। ইয়াৰ বিপৰীতে সেই স্থানত বেংকটোৱে বাণিজ্যিক প্ৰতিষ্ঠান ভাড়া ল’বলৈ প্ৰায় ২.২৬ কোটি টকা জমা দিছে। গতিকে ঘৰত বহিয়ে মোট অংকৰ ধন অৰ্জন কৰি আছ অভিষেক বচ্চনে।

উল্লেখ্য যে, শীঘ্ৰেই মুকলি পাব অভিষেক বচ্চনৰ নতুন চিনেমা হাউচফুল ৫। অভিষেক বচ্চনৰ উপৰিও ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ, আৰু জেকলিন ফাৰ্নাণ্ডেজ। তৰুণ মানসুখানীৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমাখন ২০২৫ চনৰ ৬ জুনত মুক্তি পাব।

 

অন্য খবৰ পঢ়কঃ কাপোৰ খোলা, মই তোমাক তেনেকৈ চাব বিচাৰো- বিশিষ্ট পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অভিনেত্ৰীৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...