১৪ বছৰীয়া আৰাধ্যা বচ্চনৰ নামত বহিঃৰাজ্যৰ সম্পত্তি, ঘৰৰ দাম জানি আচৰিত হ’ব!
বচ্চন পৰিয়ালটো অনুৰাগীৰ বাবে সদায় কৌতুহলৰ বিষয় হৈ আহিছে। পৰিয়ালটোৰ ভিতৰুৱা কাহিনীবোৰ জানিবলৈ সকলোৱে ইচ্ছুক। আৰাধ্যা বচ্চনকো এই তালিকাৰ পৰা বাদ দিয়া নাই। জনপ্ৰিয় ষ্টাৰকিডৰ ভিতৰত আৰাধ্যা অন্যতম। আৰাধ্যাৰ বয়স এতিয়া ১৪ বছৰ। ওপজা দিনৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া।

আৰাধ্যা বচ্চনৰ সম্পত্তি
বলীউডৰ জনপ্ৰিয় দম্পতী অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন মানেই অনুৰাগীৰ মনৰ এক উত্তেজনা। তেওঁলোকৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি চিনেমাত তেওঁলোকৰ সংযোগলৈকে সকলো ৰাতিটোৰ ভিতৰতে মনোযোগৰ কেন্দ্ৰবিন্দু হৈ পৰে। বচ্চন পৰিয়ালটো অনুৰাগীৰ বাবে সদায় কৌতুহলৰ বিষয় হৈ আহিছে। পৰিয়ালটোৰ ভিতৰুৱা কাহিনীবোৰ জানিবলৈ সকলোৱে ইচ্ছুক। আৰাধ্যা বচ্চনকো এই তালিকাৰ পৰা বাদ দিয়া নাই। জনপ্ৰিয় ষ্টাৰকিডৰ ভিতৰত আৰাধ্যা অন্যতম। আৰাধ্যাৰ বয়স এতিয়া ১৪ বছৰ। ওপজা দিনৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া।
পৰিয়াল সূত্ৰে ইতিমধ্যে আৰাধ্যা বহু সম্পত্তিৰ মালিক ৷ কিন্তু জানেনে! এই তাৰকা দম্পতীয়ে নিজৰ কন্যাৰ নামত ডুবাইত এটা বিলাসী ভিলা কিনিছে। বলীউডৰ সূত্ৰই জনোৱা মতে, আৰাধ্যাৰ ভৱিষ্যতৰ কথা ভাবি তেওঁলোকে এই বিনিয়োগ কৰিছে।
২০১৫ চনত ডুবাইৰ জুমেইৰা গল্ফ এষ্টেটৰ অভিজাত এলেকাত ‘চেঞ্চুৱাৰী ফলছ’ (Sanctuary Falls)ত ঐশ্বৰ্য-অভিষেকে এই ভিলাটো ক্ৰয় কৰিছে। অঞ্চলটোত শ্বাহৰুখ খান, শিল্পা শ্বেট্টী আৰু আম্বানী পৰিয়ালৰ দৰে বিশিষ্ট ব্যক্তিৰ বাসস্থান। এই ভিলাত আছে এখন বিশাল সেউজীয়া বাগান, ব্যক্তিগত সুইমিং পুল, গল্ফ খেলপথাৰ, আধুনিক পাকঘৰ আৰু এটা হাই-এন্ড হোম থিয়েটাৰ আছে। এই ভিলাটো অকলে সময় কটাবলৈ সুন্দৰ স্থান। এই ভিলাটোৰ মূল্য প্ৰায় ১৬ কোটি টকা।
ইয়াৰ উপৰিও অভিষেক আৰু ঐশ্বৰ্যৰ মুম্বাইত কেইবাটাও বিলাসী সম্পত্তি আছে। বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ ‘চিগনেচাৰ আইলেণ্ড’ত তেওঁলোকৰ 5bhk এপাৰ্টমেণ্ট আছে, যাৰ মূল্য বৰ্তমান প্ৰায় ২১ কোটি টকা। ইয়াৰ উপৰিও তেওঁলোকৰ ৱৰ্লিৰ স্কাইলাৰ্ক টাৱাৰৰ ৩৭ নং মহলাত আন এটা প্ৰিমিয়াম এপাৰ্টমেণ্ট আছে। মুঠতে অভিনয় জীৱনৰ বাহিৰেও তেওঁলোকৰ জীৱনশৈলী অহৰহ বলীউড জগতৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত হৈ থাকে।