ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম কন্যাৰ সাফল্য, Super Dancer chapter 5ৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়
Sony TVত সম্প্ৰচাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ৰ খিতাপ দখল ধেমাজিৰ আধ্যাশ্ৰী উপাধ্যায়ে। Super Dancer Chapter-5ৰ বিজয়ী হৈ ইতিহাস ৰচনা কৰিছে অসমৰ আধ্যাশ্ৰী উপাধ্যায়ৰ। Super Dancer Chapter-5ত যুটীয়াভাৱে বিজয়ী মুকুট লাভ কৰে আধ্যাশ্ৰী উপাধ্যায় আৰু সুকৃতি পালে।

Super Dancer chapter 5ৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়
পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসম কন্যা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ত অসম কন্যাৰ সাফল্য। Sony TVত সম্প্ৰচাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটী শ্ব’ Super Dancer Chapter-5ৰ খিতাপ দখল ধেমাজিৰ আধ্যাশ্ৰী উপাধ্যায়ৰ। Super Dancer Chapter-5ৰ বিজয়ী হৈ ইতিহাস ৰচনা কৰিছে অসমৰ আধ্যাশ্ৰী উপাধ্যায়ে। Super Dancer Chapter-5ত যুটীয়াভাৱে বিজয়ী মুকুট লাভ কৰে আধ্যাশ্ৰী উপাধ্যায় আৰু সুকৃতি পালে।
দেওবাৰে অনুষ্ঠিত হোৱা Super Dancer Chapter-5 গ্ৰেণ্ড ফিনালে আছিল ৰোমাঞ্চকৰ অভিনয় আৰু তীব্ৰ মুহূৰ্তেৰে ভৰা এক দৰ্শনীয় অনুষ্ঠান, যিয়ে দৰ্শকৰ বাবে অন্তহীন মনোৰঞ্জন প্ৰদান কৰিছিল। প্ৰতিযোগিতাখনত তীব্ৰ প্ৰতিদ্বন্দিতা আছিল যদিও আধ্যাশ্ৰীয়ে বিজয়ী হৈ ট্ৰফী আৰু বিজয়ীৰ নগদ পুৰস্কাৰ দুয়োটা লাভ কৰে। Super Dancer Chapter-5ত চূড়ান্ত ছয়গৰাকী প্ৰতিযোগীয়ে—অপ্সৰা, আধ্যাশ্ৰী, সুকৃতি, অদিতি, সোমাংশ, আৰু নমিষে এই লোভনীয় খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
Sony এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত বিজয়ীসকলক অভিনন্দন জনাই পোষ্ট শ্বেয়াৰ কয় যে, “আমাৰ ডিভাসকলে শ্ব’টো আৰু আমাৰ হৃদয় জয় কৰিছে!” য’ত কমেণ্ট ছেকচনত অনুৰাগীসকলে অভিনন্দন বাৰ্তাৰে উৎসাহেৰে সঁহাৰি জনায়। আধ্যাশ্ৰীয়ে পুৰস্কাৰ হিচাপে ১০ লাখ টকাকৈ লাভ কৰাৰ লগতে সংশ্লিষ্ট পৃষ্ঠপোষকৰ পৃষ্ঠপোষকতাত উপহাৰ লাভ কৰে।
আধ্যাশ্ৰী উপাধ্যায় সদায় অনুৰাগীৰ প্ৰিয় আছিল কাৰণ তেওঁৰ নৃত্যৰ খোজে ইণ্টাৰনেটত ঢৌৰ সৃষ্টি কৰিছিল। উল্লেখ্য যে, ২০২২ চনত অনুষ্ঠিত হোৱা DID লিটল মাষ্টাৰৰ দ্বিতীয় ৰাণাৰ্ছ আপ আছিল আধ্যাশ্ৰী উপাধ্যায় । সেই সময়তে আধ্যাশ্ৰীৰ অংগী-ভংগী আৰু নৃত্যৰে মোহিত হৈছিল বিচাৰকৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী দৰ্শক । সামাজিক মাধ্যমতো আধ্যাশ্ৰীৰ আছে বহু অনুৰাগী । আধ্যাশ্ৰীক পুনৰ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক জিলিকাবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈছে ৰাজ্যবাসী । জয়ী হোৱাৰ পিছতে প্ৰিয় শিল্পী জুবিন গাৰ্গক স্মৰণ আধ্যাশ্ৰীৰ।