২৯ বছৰ পাছত সম্পৰ্কত ফাঁট! কিয় বিবাহ বিচ্ছেদ হ’ল এ আৰ ৰহমান আৰু চাইৰাৰ, কাৰণ পোহৰলৈ…

বিয়াৰ প্ৰায় ২৯ বছৰ পাছত বিবাহ বিচ্ছেদ হ'ল বিশিষ্ট সংগীত পৰিচালক তথা অস্কাৰ বঁটা বিজয়ী এ আৰ ৰহমান। পত্নী চাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা কৰিলে ৰহমানে।

২৯ বছৰ পাছত সম্পৰ্কত ফাঁট! কিয় বিবাহ বিচ্ছেদ হল এ আৰ ৰহমান আৰু চাইৰাৰ, কাৰণ পোহৰলৈ...

এ আৰ ৰহমান

Published: 

20 Nov 2024 | 12:41 PM

দেশৰ বিখ্যাত গায়ক-সুৰকাৰ এ আৰ ৰহমানে জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীয়ে বিয়াৰ ২৯ বছৰ পাছত পত্নী চাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। এ আৰ ৰহমান আৰু চাইৰাৰ অধিবক্তাই এক ৰাজহুৱা বিবৃতিৰ দ্বাৰা এই কথা প্ৰকাশ কৰে। আনহাতে কণ্ঠশিল্পীগৰাকীয়ে টুইটাৰৰ জৰিয়তেও নিজাববীয়াকৈ এই খবৰ ৰাইজক জনায় । এই খবৰ বিয়পি পৰাৰ লগে লগে এ আৰ ৰহমানৰ অনুৰাগীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।

এই সন্দৰ্ভত টুইট কৰি এ আৰ ৰহমানে লিখিছে- “আমি আশা কৰিছিলো বৈবাহিক জীৱনৰ ৩০ বছৰ সম্পূৰ্ণ কৰিম। কিন্তু এনে লাগে যে সকলো বস্তুৰে এটা অদৃশ্য অন্ত থাকে। আনকি ভাঙি যোৱা হৃদয়ৰ ওজনত ভগৱানৰ সিংহাসনো কঁপিব পাৰে। তাৰ পাছতো এই ছিন্নভিন্নতাত আমি অৰ্থ বিচাৰো,ভাবো এই ভাঙি যোৱা টুকুৰাবোৰে হয়তো আকৌ এদিন নিজৰ স্থান লাভ কৰিব। আমাৰ গোপনীয়তাক সন্মান জনোৱাৰ বাবে প্ৰতিগৰাকী বন্ধুক ধন্যবাদ”।

বিবাহ বিচ্ছেদ সন্দৰ্ভত চাইৰা বানুৰ অধিবক্তাই কৈছে যে বহু বছৰ বিবাহৰ অন্তত দুয়ো বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ কাৰণ হ’ল- সম্পৰ্কত থকা আবেগিক চাপ। মৰম, ভালপোৱা থকাৰ পাছতো দুয়ো অনুভৱ কৰিছিল যে মানসিক অশান্তিৰ বাবে দুয়োৰে মাজত বহু দূৰত্ব আহি পৰিছে। চাইৰাই এয়াও কৈছে যে সম্পৰ্কত থকা বেদনাৰ ওপৰত লক্ষ্য কৰি এই কঠিন সিদ্ধান্ত গ্ৰহণ কৰিছে।

অধিবক্তাই জাৰি কৰা ৰাজহুৱা বিবৃতিত উল্লেখ কৰিছে যে, সম্পৰ্কত চলি থকা আবেগিক চাপৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰস্পৰৰ প্ৰতি বহুত ভালপোৱা থকাৰ পাছতো মানসিক চাপ আৰু পৰিস্থিতিয়ে সম্পৰ্কত ডাঙৰ ফাঁটৰ সৃষ্টি কৰিছে। গতিকে বহু দুখ, কষ্ট আৰু বেদনাৰ পাছত দুয়ো এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এ আৰ ৰহমান আৰু চাইৰাৰ তিনিটা সন্তান – খাটিজা, ৰহিমা আৰু আমিন। পিতৃ- মাতৃৰ কঠিন সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত এই তিনিওজনে সহায় কৰিছে। ইয়াৰ লগতে খাতিজা ৰহমানে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে- এই কঠিন সময়ত আমাৰ গোপনীয়তাক সন্মান জনাবলৈ আমি সকলোকে অনুৰোধ জনাইছো। ধন্যবাদ”।

উল্লেখ্য যে,  এ আৰ ৰহমান আৰু চাইৰাৰ বিবাহ হৈছিল ১৯৯৫ চনত। ছিমি গ্ৰেৱালৰ সাক্ষাৎকাৰত এ আৰ ৰহমানে কৈছিল যে তেওঁৰ কইনা বিচাৰিবলৈ সময় নাছিল।  কিন্তু তেওঁ ভালদৰেই জানিছিল যে বিয়াৰ উপযুক্ত সময় কি। এনে অৱস্থাত তেওঁ মাকক কইনা বিচাৰিবলৈ কৈছিল। সাংস্কৃতিক পাৰ্থক্যৰ মাজতো দুয়োৰে মাজত ভাল সম্পৰ্ক বজাই ৰাখিছিল।  কিন্তু অৱশেষত এই সম্পৰ্কৰ সমাপ্তি ঘটিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...