নিশা ৰোনাল্ডোৰ সৈতে বিপাশাৰ ঘনিষ্ঠতা, চুম্বন কৰি দিলে গোটেই জীৱনৰ এই অধিকাৰ!

বলীউডত ভৰি দি ৰাতিটোৰ ভিতৰতে সকলোকে আচৰিত কৰিলে বিপাশাই। এসময়ত বলীউডৰ চকু ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু বিপাশাৰ ওপৰত আছিল। আপুনি ভাবিছিল নে, বলীউডৰ এইগৰাকী সুন্দৰী আৰু ফুটবল তাৰকাৰ মাজত কি সম্পৰ্ক আছিল?

নিশা ৰোনাল্ডোৰ সৈতে বিপাশাৰ ঘনিষ্ঠতা, চুম্বন কৰি দিলে গোটেই জীৱনৰ এই অধিকাৰ!
Published: 

27 Nov 2025 | 02:07 PM

ক্রিষ্টিয়ানো ৰোনাল্ডোক সকলোৱে চিনি পায়। ৰোনাল্ডোই জীৱনৰ বিভিন্ন সময়ত বহু মহিলাৰ সৈতে সম্পৰ্কত সোমাইছিল। আপুনি জানেনে যে বিপাশা বসুও তাৰ মাজৰে এগৰাকী আছিল। এটা নাইট ক্লাবত অন্তৰংগ হোৱাৰ পিছত বিপাশাক প্ৰতিশ্ৰুতি দিছিল ৰোনাল্ডোৱে।

এয়া ২০০৭ চনৰ কথা।বিপাশা বসুৱে পৰ্তুগাললৈ উৰা মাৰিছিল এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। সেই অনুষ্ঠানত উপস্থিত আছিল ৰোনাল্ডো। তাতেই এই দুই তাৰকাই অন্তৰংগ বাৰ্তালাপৰ মাজেৰে লিপ্ত হৈ পৰে। সেই সময়ত এটা নাইট ক্লাবৰ ফটো ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। য’ত বিপাশা আৰু ৰোনাল্ডোক ওঁঠত চুমা খাই থকা দেখা গৈছিল। ফটোখন ধুমুহাৰ দৰে বিয়পিবলৈ বেছি সময় নালাগিল।

সেই সময়ত বিপাশা জন আব্ৰাহামৰ সৈতে এক প্ৰেমৰ সম্পৰ্কত আছিল। তেনে সময়ত ৰোনাল্ডোক লগ পাইছিল বিপাশাই। সেই সময়ত বিপাশা নানা ধৰণৰ উপহাসৰ সন্মুখীন হৈছিল। আনকি ৰোনাল্ডোৰ সৈতে চুম্বন কৰাৰ বাবে জন আব্ৰাহাম আৰু বিপাশাৰ মাজত বিচ্ছেদ হোৱা বুলিও শুনা গৈছিল। এই ঘটনাৰ বিষয়ে প্ৰায় ১৮ বছৰৰ পাছত বিপাশা বসুৱে এটা সাক্ষাৎকাৰত মুকলিকৈ কয়।

বিপাশাই কি ক’লে?

বিপাশাই প’ডকাষ্টত সেই নিশাৰ কথা কৈছিল। অভিনেত্ৰীগৰাকীয়ে কয়, ৰোনাল্ডো এজন ডাঙৰ তাৰকা। তেওঁক লগ পোৱাটোৱেই আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সময়। সেই নিশা অনুষ্ঠানৰ পিছত আমি এটা নাইট ক্লাবলৈ গ’লোঁ। আমি বহুত সময় একেলগে কটালোঁ। ভাইৰেল হোৱা ফটোখন পশ্চিমীয়া দেশৰ বাবে এক অতি স্বাভাৱিক কথা। তেওঁ মোৰ বন্ধু। তেওঁ মোক প্ৰতিশ্ৰুতি দিছিল যে মোক তেওঁৰ সকলো মেচলৈ মাতিব।”

কেৱল সেয়াই নহয়, সেইদিনা ৰোনাল্ডোৱে বিপাশাক নিজৰ মেনেজাৰৰ লগত চিনাকি কৰাই দিছিল। বিপাশাই এতিয়াও পাহৰা নাই সেই নিশা আৰু ৰোনাল্ডোৰ নিমন্ত্ৰণ। ইয়াৰ পিছত অভিনেত্ৰীগৰাকী আনকি স্বামী কৰণৰ সৈতে ৰোনাল্ডোৰ খেল চাবলৈও গৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...