গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে, মুকলিকৈ প্ৰকাশ কৰিলে কিমান মাহৰ অন্তঃসত্বা!

শেহতীয়াকৈ স্বামী জাহীৰৰ সৈতে ফেশ্বন ইভেণ্টত উপস্থিত হৈছিল সোণাক্ষী সিনহা। চাৰ পৰা আৰম্ভ হৈছিল বিতৰ্কৰ। কেমেৰাৰ সন্মুখত পোজ দি থাকোঁতে ঘটিল আচৰিত ঘটনা, যিয়ে বলীউডত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে।

গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে, মুকলিকৈ প্ৰকাশ কৰিলে কিমান মাহৰ অন্তঃসত্বা!

গৰ্ভৱতী হৈ অভিলেখ গঢ়িলে সোণাক্ষীয়ে

Published: 

18 Oct 2025 | 02:36 PM

এই খবৰৰ শিৰোনামটোৱে নিশ্চয় আপোনাক স্তম্ভিত কৰি তুলিছে! আপুনি ভাবিছে যে এইটো কেনেধৰণৰ অভিলেখ, অন্তঃসত্ত্বা হৈ সোণাক্ষীয়ে এনে কি কাম কৰিলে? কথাবোৰ জটিল হোৱাৰ আগতে পোনে পোনে জনাইছোঁ।

কথাটো উৰাবাতৰিৰ বাহিৰে আন একো নহয়। শেহতীয়াকৈ সোণাক্ষী সিনহাই স্বামী জাহীৰৰ সৈতে ফেশ্বন ইভেণ্টত উপস্থিত হৈছিল। বলীউডৰ অভিনেত্ৰীগৰাকীক দেখি সকলোৰে চকু কপালত উঠিল। তাতেই ঘটিল সেই ঘটনা, যিয়ে বলীউডত আলোড়নৰ সৃষ্টি কৰিলে।

কেমেৰাৰ সন্মুখত পোজ দি থকাৰ সময়তে সোণাক্ষীয়ে পেটত হাত থৈ এখন ফটো উঠিছিল। সকলোৱে ভাবিছিল সোণাক্ষীয়ে বেবী বাম্প ঢাকিব বিচাৰিছে। লগে লগে সোণাক্ষী সন্দৰ্ভত উৰাবাতৰি বিয়পি পৰিল। সকলোৱে ভাবিলে অভিনেত্ৰীগৰাকী অন্তঃসত্বা। এই খবৰ বিয়পি পৰাৰ লগে লগে সোণাক্ষীয়েও উত্তৰ দিবলৈ সাজু হ’ল। গোটেই ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত কৰিলে আচৰিত পোষ্ট।

সোণাক্ষীয়ে ইনষ্টাগ্ৰামত নিজৰ কেইখনমান ফটো পোষ্ট কৰি লিখিছে, “মানৱ সভ্যতাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিন ধৰি গৰ্ভৱতী হোৱাৰ অভিলেখ গঢ়িবলৈ পাইছো। ১৬ মাহ হৈছে…” ইয়াৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই পোষ্ট।

২০২৪ চনৰ জুন মাহত সোনাক্ষীয়ে জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ কেইমাহমানৰ ভিতৰতে সোণাক্ষী গৰ্ভৱতী হোৱাৰ উৰাবাতৰি প্ৰচাৰ হৈছিল। কিন্তু তাৰ পিছত সোণাক্ষীয়ে এই খবৰক ভুৱা বাতৰি বুলি স্পষ্টকৈ জনায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...