Vinesh Phogat Joins Congress: ৰাজনীতিত খোজ পেলালে বজৰং পুনিয়া, বিনেশ ফ’গাটে! মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত কংগ্ৰেছত যোগদান

Vinesh Phogat Joins Congress: অলিম্পিকত ইতিহাস সৃষ্টি কৰা বজৰং পুনিয়া আৰু বিনেশ ফ'গাটে ৰাজনীতিত ভৰি দিছে। দুয়োগৰাকী মল্লযোদ্ধাই যোগদান কৰিছে কংগ্ৰেছ দলত। দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত দলত যোগদান কৰিলে দুয়োগৰাকী মল্লযোদ্ধাই।

Vinesh Phogat Joins Congress: ৰাজনীতিত খোজ পেলালে বজৰং পুনিয়া, বিনেশ ফগাটে! মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত কংগ্ৰেছত যোগদান

কংগ্ৰেছত যোগদান বজৰং পুনিয়া, বিনেশ ফ'গাটৰ

trishna-kalita
Updated On: 

06 Sep 2024 17:50 PM

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ মাজতে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে মল্লযোদ্ধা বজৰং পুনিয়া আৰু বিনেশ ফ’গাটে । দুয়োজন তাৰকা মল্লযোদ্ধাই শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰিছে। বজৰং পুনিয়া আৰু বিনেশ ফ’গাটে প্ৰথমে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক লগ কৰিবলৈ গৈছিল। তাৰ পাছত তেওঁলোক দুয়ো কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলত যোগদান কৰে।

অলিম্পিকত ইতিহাস সৃষ্টি কৰা বজৰং পুনিয়া আৰু বিনেশ ফ’গাটে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে ফটো উঠিছিল। সেই সময়ত উপস্থিত আছিল দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল।

ইয়াকে দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি কয়, “চক দে ইণ্ডিয়া, চক দে হাৰিয়ানা! বিশ্ব দৰবাৰত ভাৰতৰ নাম উজলাই তোলা প্ৰতিভাশালী চেম্পিয়ন বিনেশ ফ’গাট আৰু বজৰং পুনিয়াক ১০ ৰাজাজী মাৰ্গত লগ কৰিছিলোঁ। আমি আপোনালোক দুয়োকে লৈ গৌৰৱান্বিত।”

 

বিনেশ ফ’গাটে কি কৈছিল?

“মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ। কিয়নো আমি বেয়া সময়ত গ’ম পাও, আমাৰ নিজৰ কোন। যেতিয়া আমাক ৰাজপথত টানি নিয়া হৈছিল, বিজেপি দলৰ বাহিৰে, সকলো দল আমাৰ সৈতে আছিল। তেওঁলোকে আমাৰ বেদনা বুজিবলৈ সক্ষম হৈছিল। “মই অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰোঁ যে মই এনে এটা দলত আছোঁ য’ত মহিলাসকলৰ ব্যৱহাৰ ক্ষেত্ৰত কেৱল ন্যায়ৰ বাবেই থিয় দিয়া হোৱা নাই আৰু তেওঁলোকে ৰাজপথৰ পৰা সংসদলৈ যুঁজ দিবলৈ সাজু। তেওঁ কয়, “আমি নিজকে অসহায় বুলি ভবা মহিলাসকলৰ সৈতে আছোঁ। মল্লযুদ্ধত মই যিমান পাৰি সিমান মহিলাক অনুপ্ৰাণিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিলোঁ।”

তেওঁ পুনৰ কয়, “মই বিচাৰিলে যন্তৰ মন্তৰতে মল্লযুদ্ধ এৰিব পাৰিলোহেঁতেন। বিজেপিয়ে কৈছিল যে মই ৰাষ্ট্ৰীয় খেলিব নিবিচাৰো। মই ৰাষ্ট্ৰীয় খেলিছিলোঁ। তেওঁলোকে কৈছিল, তেওঁ ট্ৰায়েল দি যাব নিবিচাৰে, মই ট্ৰায়েলো দিছিলোঁ। তেওঁলোকে কৈছিল অলিম্পিকলৈ যাব নিবিচাৰে, মই অলিম্পিকলৈ গৈছিলোঁ, মই ফাইনেললৈ গৈছিলোঁ।”

বিজেপিয়ে কি কৈছিল?

হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ তথা পঞ্চকুলা বিধানসভা আসনৰ বিজেপি প্ৰাৰ্থী জিয়ান চান্দ গুপ্তাই এই সন্দৰ্ভত কয়, “তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচাৰে নে নাই সেয়া তেওঁলোকৰ ব্যক্তিগত পছন্দ। বিনেশ ফ’গাটে দেশক গৌৰৱান্বিত কৰিছে। ক্ৰীড়া আৰু ৰাজনীতি বেলেগ বেলেগ বস্তু, যদি বিনেশ ফ’গাটে সিদ্ধান্ত লৈছে যে তেওঁৰ ক্ৰীড়া কেৰিয়াৰ শেষ হৈছে, তেন্তে আমি তেওঁৰ ৰাজনীতিত যোগদানৰ সিদ্ধান্তক স্বাগতম জনাইছোঁ। মই আশা কৰো তেওঁলোক দুয়োগৰাকীয়ে ৰাজনীতিৰ বাবে কিবা ভাল কৰিব।”

লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...