নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিনেশ ফ’গাটে! ৩খন আসনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে কংগ্ৰেছে

৫ অক্টোবৰত হাৰিয়ানাত ৯০খন বিধানসভা আসনৰ বাবে এটা পৰ্যায়তে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটদানৰ আগতে ৰাজনৈতিক দলবোৰে সমীকৰণত ব্যস্ত হৈ পৰিছে। ইয়াৰ মাজতে বুধবাৰে মল্লযোদ্ধা বিনেশ ফ"গাট আৰু বজৰং পুনিয়াই ৰাহুল গান্ধীক লগ পোৱাৰ পাছত এই দুয়োখন মুখক লৈ ৰাজনৈতিক জল্পনা-কল্পনা তীব্ৰতৰ হৈ উঠিছে।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিনেশ ফগাটে! ৩খন আসনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে কংগ্ৰেছে

বিনেশ ফ'গাট

Updated On: 

04 Sep 2024 | 08:32 PM

মল্লযোদ্ধা বিনেশ ফ’গাটে হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বুধবাৰে দিল্লীত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পাছত বিনেশ ফ’গাটক লৈ ৰাজনৈতিক জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। সূত্ৰ অনুসৰি কংগ্ৰেছ দলে হাৰিয়ানাৰ ৩ খন বিধানসভা আসনৰ যিকোনো এটাৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ বিনেশ ফ’গাটক প্ৰস্তাৱ দিছে। এই ৩খন আসনৰ ভিতৰত আছে চাৰ্খী-দাদৰী, বৰদা আৰু জুলানা। চাৰ্খী-দাদৰী বিনেশ ফ’গাটৰ গৃহ জিলা। যি এক জাট সম্প্ৰদায় অধ্যুষিত অঞ্চল।

বিনেশ ফ’গাটৰ বালালী গাঁও বৰদা সমষ্টিৰ অন্তৰ্গত। এই গাঁওখনৰ পৰাই বিনেশ ফ’গাটে কুস্তিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছিল। যি আজি এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা। আনহাতে জুলানা তেওঁৰ শহুৰেক ঘৰৰ সমষ্টি য’ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা সোমবীৰ ৰাঠী বাস কৰে। অৱশ্যে বিনেশ ফ’গাটে এতিয়ালৈকে কোনো আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সন্মতি দিয়া নাই বা তেনে কোনো ইংগিত দিয়া নাই।

সূত্ৰ অনুসৰি বজৰং পুনিয়াক হাৰিয়ানাৰ বাহাদুৰগড় বা ভিৱানীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এই দুয়োখন আসন জাট সম্প্ৰদায় প্ৰধান । বজৰং পুনিয়াই এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই। যিসকলে ৰাহুল গান্ধীক লগ পাইছিল তেওঁলোকৰ ভিতৰত আছিল বজৰং পুনিয়া বিনেশ ফোগাটৰ সৈতে উপস্থিত হৈছিল।

বিনেশ ফ’গাট মল্লযুদ্ধৰ এক সুপৰিচিত নাম। কিন্তু ৰাজনৈতিক পৰিচয় তেতিয়া লাভ কৰিছিল যেতিয়া তেওঁ বিজেপি নেতা আৰু তেতিয়াৰ সাংসদ ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মাত মাতিছিল। বিনেশ ফ’গাটে যোৱা বছৰ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় কুস্তি ফেডাৰেচনৰ তদানীন্তন সভাপতিৰ বিৰুদ্ধে কৰি এক মৰ্চা মুকলি কৰিছিল। ইয়াৰ ফলস্বৰূপে এই বছৰ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে ব্ৰজ ভূষণ সিঙৰ টিকট কৰ্তন কৰি তেওঁৰ ঠাইত পুত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰে। এই ক্ষেত্ৰত সমগ্ৰ কংগ্ৰেছে বিনেশৰ সৈতে থিয় দিছিল।

ৰাহুল গান্ধীক লগ পোৱাৰ পাছত এতিয়া সম্ভাৱনা তীব্ৰতৰ হৈছে যে বিনেশ ফ’গাট আৰু বজৰং পুনিয়া দুয়োজনে এতিয়া কুস্তিৰ ক্ষেত্ৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰে। অৱশ্যে হাৰিয়ানা নিৰ্বাচনত মল্লযোদ্ধাসকলৰ প্ৰৱেশ কৰা নতুন কথা নহয়। ইয়াৰ পূৰ্বে ববিতা ফ’গাটকে ধৰি বহুতো মল্লযোদ্ধাই ৰাজনৈতিক ক্ষেত্ৰত ভাগ্য পৰীক্ষা কৰিছে। হাৰিয়ানাত ৯০খন বিধানসভা আসন আছে। ৫ অক্টোবৰত এটা পৰ্যায়তে ৯০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ফলাফল ৮ অক্টোবৰত ঘোষণা কৰা হ’ব।

আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?