ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো, পলকতে চাওক দেশ আৰু বিশ্বৰ ইতিহাস

আজি ২১ নৱেম্বৰ। এই দিনটো সমগ্ৰ বিশ্বতে বিভিন্ন ঘটনা সংঘটিত হৈছিল। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়কতে পঢ়ক দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো...

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো, পলকতে চাওক দেশ আৰু বিশ্বৰ ইতিহাস
Updated On: 

21 Nov 2025 10:24 AM

আজি ২১ নৱেম্বৰ, শুকুৰবাৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনা ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ ভাল কৰ্মৰাজি। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২১ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  1. আজি ২১ নৱেম্বৰ, বিশ্ব টেলিভিছন দিৱস। ৰাষ্ট্ৰসংঘই ১৯৯৬ চনৰ ২১ নৱেম্বৰত বিশ্বৰ প্ৰথম বিশ্ব টেলিভিছন মঞ্চ অনুষ্ঠিত কৰিছিল।
  2. ১৯৭০ চনৰ আজিৰ দিনটোত কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা অসমৰ সেনা জোৱান জিণ্টু গগৈৰ জন্মদিন।
  3. ১৯৭০ চনৰ আজিৰ দিনটোত ভাৰতীয় পদাৰ্থবিজ্ঞানী চাৰ চন্দ্ৰশেখৰ ভেঙ্কট ৰমণ চমুকৈ চি ভি ৰমণৰ মৃত্যু হৈছিল।
  4. ১৯৬২ চনত আজিৰ দিনটোত চীনা পিপলছ লিবাৰেচন আৰ্মীয়ে ভাৰত-চীন যুদ্ধত একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে। ভাৰত-চীন সীমান্ত বিবাদৰ বাবে চীন আৰু ভাৰতৰ মাজত ১৯৬২ চনৰ অক্টোবৰৰ পৰা নৱেম্বৰ লৈকে চীন-ভাৰত যুদ্ধ সংঘটিত হৈছিল।
  5. ১৯৭১ চনত আজিৰ দিনটোত মুক্তি বাহিনী (বঙালী গেৰিলা)ৰ আংশিক সহায়ত ভাৰতীয় সৈন্যই গৰীবপুৰ যুদ্ধত পাকিস্তানৰ সেনাক পৰাস্ত কৰে।
  6. ২০০২ চনত আজিৰ দিনটোত নাটো(North Atlantic Treaty Organization)ৱে বুলগেৰিয়া, এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া, ৰোমানিয়া, স্লোভাকিয়া আৰু স্লোভেনিয়াক সদস্য হ’বলৈ আমন্ত্ৰণ জনায়।
  7. ১৬৯৪ চনৰ আজিৰ দিনটোত ভলতেয়ৰ, ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু কবিৰ জন্ম হয়। তেওঁ জীৱনকালত ২০,০০০ তকৈও অধিক চিঠি আৰু ২,০০০ কিতাপ আৰু পত্ৰিকা লিখিছিল। ভল্টেয়াৰ আন্তৰ্জাতিক ভাৱে প্ৰসিদ্ধ আৰু বাণিজ্যিকভাৱে সফল হোৱা প্ৰথমশ্ৰেণীৰ লেখকসকলৰ ভিতৰত এজন আছিল।
  8. ১৯৩৮ চনৰ আজিৰ দিনটোত হেলেনৰ জন্ম হয়। তেওঁ ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী।
  9. ১৯৮৭ চনৰ আজিৰ দিনটোত ঈশা কাৰাৱাদেৰ জন্ম হৈছিল। ২০১১ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰমণ্ডল দবা চেম্পিয়নশ্বিপ(Commonwealth Chess Championship) ত স্বৰ্ণ পদক বিজয়ী খেলুৱৈ।
  10. ১৯৮১ চনৰ আজিৰ দিনটোত অসমীয়া চুটি গল্পকাৰ ৰমা দাসৰ মৃত্যু হয়।
ভৰিৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক দূৰ কৰাৰ সহজ উপায়...
থেলাছেমিয়া ৰোগৰ লক্ষণ আৰু কাৰণ কি, জানক সকলো...
এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান
ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিষয়ে জানক, যিয়ে দিব অধিক ৰিটাৰ্ণ !