দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২৬ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ২৬ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৬ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
- আলাউদ্দিন খিলজীয়ে ১৩০৩ চনত চিত্তৰগড় দখল কৰে।
- ১৯২০ চনত আমেৰিকাৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে।
- ১৯৭৭ চনত জাৰ্মানীৰ মিউনিখত আৰম্ভ হৈছিল ২০ সংখ্যক অলিম্পিক গেমছ।
- ১৯৭৮ চনত জন পল ৰোমান কেথলিক গীৰ্জাৰ পোপ হয়।
- ১৯৮২ চনত নাছাই টেলিছেট-এফ মুকলি কৰে।
- মাইকেল জনছনে ১৯৯৯ চনত ৪০০ মিটাৰ দৌৰত বিশ্ব অভিলেখ গঢ়িছিল।
- ২০১৫ চনত আমেৰিকাৰ ভাৰ্জিনিয়াত দুজন সাংবাদিকক গুলীয়াই হত্যা কৰা হৈছিল।
- ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰবাৰ্ট ৱালপলৰ জন্ম হৈছিল ১৬৭৬ চনৰ ২৬ আগষ্টত।
- ভাৰতৰত্ন বঁটা, শান্তিৰ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছাৰ জন্ম হৈছিল ১৯১০ চনৰ ২৬ আগষ্টত।
- বিখ্যাত ৰাজনীতিবিদ, সঞ্জয় গান্ধীৰ পত্নী মনেকা গান্ধীৰ জন্ম হৈছিল ১৯৫৬ চনৰ ২৬ আগষ্টত।
- বিখ্যাত আমেৰিকান দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমছৰ মৃত্যু হয় ১৯১০ চনৰ ২৬ আগষ্টত।
- বিখ্যাত আইনবিদ, শিক্ষাপ্ৰেমী, লেখক তথা বাংলা ভাষাৰ বিখ্যাত কবি আৰু সংগীতজ্ঞ অতুল প্ৰসাদ সেনৰ মৃত্যু হয় ১৯৩৪ চনত।