ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম আৰু নিৰ্ভীকতাৰে যুঁজ দিয়া প্ৰখ্যাত সমাজ কৰ্মী তথা পদ্মশ্ৰী বঁটা বিজয়ী বিৰুবালা ৰাভাৰ ২০২৪ চনৰ ১৩ মে'ত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ দিনটো "কু-সংস্কাৰ বিৰোধী দিৱস" হিচাপে ঘোষণা কৰে অসম চৰকাৰে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Updated On: 

13 May 2025 10:23 AM

১৩ মে’ৰ দিনটো বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ । ৰাজ্যত ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম আৰু নিৰ্ভীকতাৰে যুঁজ দিয়া প্ৰখ্যাত সমাজ কৰ্মী তথা পদ্মশ্ৰী বঁটা বিজয়ী বিৰুবালা ৰাভাৰ ২০২৪ চনৰ ১৩ মে’ত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ দিনটো “কু-সংস্কাৰ বিৰোধী দিৱস” হিচাপে ঘোষণা কৰে অসম চৰকাৰে ।

১৯৫২ চনৰ ১৩ মে’ত স্বাধীন ভাৰতৰ প্ৰথম সংসদ অধিৱেশন আহ্বান কৰা হয়। ১৯৫২ চনৰ ৩ এপ্ৰিলত প্ৰথমবাৰৰ বাবে উচ্চ সদন অৰ্থাৎ ৰাজ্যসভা গঠন হয় আৰু একেদৰে ১৯৫২ চনৰ ১৭ এপ্ৰিলত প্ৰথম লোকসভা গঠন হয় ।

চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান ঘটনা পৰিঘটনা

  1. ১৮৩০ চনৰ আজিৰ দিনটোতে ইকুৱেডৰ ৰিপাব্লিক প্ৰতিষ্ঠা।
  2. ১৯০৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ জন্ম হয়।
  3. ১৯৫২ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতত সংসদৰ প্ৰথম অধিৱেশন আহ্বান।
  4. ১৯৬২ চনৰ আজিৰ দিনটোতে সৰ্বপল্লী ৰাধাকৃষ্ণণ দেশৰ দ্বিতীয় ৰাষ্ট্ৰপতি হয়।
  5. প্ৰখ্যাত সমাজ কৰ্মী তথা পদ্মশ্ৰী বঁটা বিজয়ী বিৰুবালা ৰাভা ২০২৪ চনৰ ১৩ মে’ত মৃত্যু হয় । তেওঁৰ মৃত্যুৰ দিনটো “কু-সংস্কাৰ বিৰোধী দিৱস” হিচাপে ঘোষণা কৰে অসম চৰকাৰে ।
  6. ১৯৯৮ চনৰ আজিৰ দিনটোতে সমগ্ৰ বিশ্বৰ সমালোচনা আৰু হেঁচাক আওকাণ কৰি ভাৰতে আৰু দুটা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? জানক
কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!