NEET PG Postpone: পিছুৱালে NEET PG পৰীক্ষাঃ উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পিছতে লোৱা হ’ল সিদ্ধান্ত….

উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশৰ পিছত পিছুৱাই দিয়া হৈছে NEET PG পৰীক্ষা। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসাৰে অহা ১৫ জুনত এই NEET PG পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া এই দিনটোত পৰীক্ষা অনুষ্ঠিত নহয় বুলি National Board of Examination in Medical Science, চমুকৈ NBEMS- এ এক বিবৃতি যোগে ঘোষণা কৰিছে।

NEET PG Postpone: পিছুৱালে NEET PG পৰীক্ষাঃ উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পিছতে লোৱা হ’ল সিদ্ধান্ত....

পিছুৱালে NEET PG পৰীক্ষা

Published: 

02 Jun 2025 20:59 PM

দেশৰ শিক্ষাখণ্ডত, বিশেষকৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰ। পিছুৱাই দিয়া হৈছে NEET PG পৰীক্ষা। উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এক নিৰ্দেশৰ পিছতে লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসাৰে অহা ১৫ জুনত এই NEET PG পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া এই দিনটোত পৰীক্ষা অনুষ্ঠিত নহয় বুলি National Board of Examination in Medical Science, চমুকৈ NBEMS- এ এক বিবৃতি যোগে ঘোষণা কৰিছে।

বিবৃতিটোত লগতে পৰীক্ষাৰ বাবে নিৰ্দিষ্ট তাৰিখ অতি সোনকালে ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰিছে NBEMS- এ। উল্লেখ্য যে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ১৫ জুনৰ দিনাংক প্ৰস্তাৱ দিয়া হৈছিল। পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে National Board of Examination in Medical Science- এ পূৰ্ণ প্ৰস্তুতিও চলাইছিল। ব’ৰ্ডে পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল পৰীক্ষাৰ্থীসকল।

এই পৰীক্ষা এটা শ্বিফ্টত অনুষ্ঠিত কৰাৰ দাবী তুলি পৰীক্ষাৰ্থীসকলে শীৰ্ষ আদালতত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি যোৱা শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে NEET PG পৰীক্ষা এটা শ্বিফটত অনুষ্ঠিত কৰিব লাগে বুলি নিৰ্দেশ দিছিল। আদালতে এই ৰায় ঘোষণা কৰি লগতে পৰীক্ষাৰ বাবে এতিয়াও পৰ্যাপ্ত সময় আছে বুলি উল্লেখ কৰি ব’ৰ্ডে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে বুলিও ৰায়ত কয়।

উচচতম ন্যায়ালয়ে এটা শ্বিফ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়াৰ পিছত ব’ৰ্ডে এতিয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অধিক কেন্দ্ৰ বিচাৰি উলিয়াব লাগিব আৰু প্ৰয়োজনীয় আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব লাগিব। সেইবাবেই পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু নতুন সংশোধিত তাৰিখৰ বিষয়ে শীঘ্ৰে অৱগত কৰিব বুলি ব’ৰ্ডে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে।

লক্ষণীয়ভাৱে NEET PG পৰীক্ষাত অৱতীৰ্ণ হ’বলগা পৰীক্ষাৰ্থীৰ বাবে পৰীক্ষাৰ চিটি শ্লিপ ২ জুন অৰ্থাৎ আজি মুকলি কৰাৰ কথা আছিল। এই চিটি শ্লিপ natboard.edu.in ত প্ৰকাশ পাবলগীয়া আছিল যদিও বৰ্ডে পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱাৰ বাবে চিটি শ্লিপ প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে এইক্ষেত্ৰত পৰীক্ষাৰ্থীসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। ব’ৰ্ডে পৰীক্ষাৰ চিটি শ্লিপ পৰীক্ষাৰ্থীৰ ইমেইল আইডিলৈ প্ৰেৰণ কৰিব আৰু ইয়াৰ পৰাই পৰীক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব।

অৱসৰ ল’লে নেকি অক্ষৰ পেটেলে? ভাইৰেল ভিডিঅ’ই লগাইছে চাঞ্চল্য
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে পুৱা আৰু দুপৰীয়াৰ আহাৰত কি কি খাদ্য খাইছিল, জানেনে?
প্ৰস্ৰাৱ কৰিলে অধিক ফেন উঠে নেকি? জানক ই কি বেমাৰৰ লক্ষণ...
ভিটামিন E ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...