ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে প্ৰথম মহিলা আলোচনী ‘লেডিজ মাৰ্কিউৰী’ প্ৰকাশ আৰম্ভ হয়। আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নৰ সেনাই ৰোমানিয়াত আক্ৰমণ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

27 Jun 2025 09:04 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৭ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে শিখ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহাৰাজ ৰঞ্জিত সিঙৰ মৃত্যু হয়। আজিৰ দিনটোতে প্ৰথম মহিলা আলোচনী ‘লেডিজ মাৰ্কিউৰী’ প্ৰকাশ আৰম্ভ হয়। আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নৰ সেনাই ৰোমানিয়াত আক্ৰমণ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৬৯৩ চনত লণ্ডনত প্ৰথম মহিলা আলোচনী ‘লেডিজ মাৰ্কিউৰী’ প্ৰকাশ আৰম্ভ হয়।
  2. ১৮৩৯ চনত পঞ্জাৱৰ মহাৰাজ ৰঞ্জিত সিঙৰ মৃত্যু। মহাৰাজ ৰঞ্জিত এনে এজন ব্যক্তি আছিল যিয়ে পঞ্জাৱক শক্তিশালী প্ৰদেশ হিচাপে একত্ৰিত কৰি ৰখাই নহয়, জীৱনকালত ব্ৰিটিছক নিজৰ সাম্ৰাজ্যৰ ওচৰলৈ আহিবলৈ নিদিলে।
  3. ১৯৪০ চনত ছোভিয়েট ইউনিয়নৰ সেনাই ৰোমানিয়াত আক্ৰমণ কৰে।
  4. ১৯৬৭ চনত লণ্ডনৰ এনফিল্ডত বিশ্বৰ প্ৰথমটো এটিএম স্থাপন কৰা হয়।
  5. ১৯৬৭ চনত ভাৰতত নিৰ্মিত প্ৰথম যাত্ৰীবাহী বিমান HS 748 ইণ্ডিয়ান এয়াৰলাইন্সৰ হাতত গতাই দিয়া হয়।
  6. ১৯৯১ চনত স্লোভেনিয়াৰ স্বাধীনতাৰ ৪৮ ঘণ্টাৰ ভিতৰতে যুগোস্লাভিয়াৰ সেনাই এই সৰু দেশখনক আক্ৰমণ কৰে।
  7. ২০০২ চনত জি-৮ দেশসমূহে ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ ধ্বংস কৰাৰ পৰিকল্পনাত সন্মতি প্ৰকাশ কৰে।
  8. ২০০৩ চনত আমেৰিকাত সমকামিতাৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱা হয়।
  9. ২০০৮ চনত ইৰাণৰ গেছ পাইপলাইন প্ৰকল্প আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাৰত আৰু পাকিস্তানে বাধা আঁতৰাই পেলায়।
পুৰুষৰ স্তন বৃদ্ধিৰ আঁৰত থাকিব পাৰে বিপদ! বিশেষজ্ঞ চিকিৎসকে দিছে চিন্তাৰ সম্ভেদ
২০২৫ চনত বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকাৰ শীৰ্ষ দহত কোন কোন? কিমানসংখ্যক স্থানত আছে ভাৰত?
ধূমপান ত্যাগ কৰাৰ সৰ্বোত্তম উপায়, হঠাতে এই অভ্যাস ত্যাগ কৰিলে পৰিব পাৰে বিপদত
বিশ্বৰ আটাইতকৈ দামী লিপষ্টিক কোনটো? মূল্য জানিলে হ'ব আচৰিত