Gandhi Jayanti: গান্ধীৰ জীৱনৰ শেষ বাক্যশাৰী কি আছিল? মৃত্যুৰ পূৰ্বে কি কৈছিল, জানক…
Gandhi Jayanti 2025: প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটোত গান্ধী জয়ন্তী পালন কৰা হয়। গান্ধীয়ে দেশৰ প্ৰতি আগবঢ়াই যোৱা অৱদানৰ বাবে এই দিনটোত তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটোত গান্ধী জয়ন্তী পালন কৰা হয়। এই দিনটোত জন্ম হৈছিল জাতিৰ পিতা মোহনদাস কৰমচাঁদ গান্ধীৰ। ২০২৫ চনত সমগ্ৰ দেশবাসীয়ে ১৫৬ সংখ্যক বাপুৰ জন্মবাৰ্ষিকী পালন কৰিব। দেশৰ স্বাধীনতাত গান্ধীৰ ভূমিকা অতুলনীয় আছিল। তেওঁৰ সততা আৰু অহিংসা আন্দোলনে দেশৰ লগতে বিশ্ববাসীকো অনুপ্ৰাণিত কৰিছিল। দেশৰ প্ৰতি আগবঢ়াই যোৱা অৱদানক স্মৰণ তথা বাপুক শ্ৰদ্ধা জনোৱাৰ বাবে এই দিনটোত গান্ধী জয়ন্তী পালন কৰা হয়।
ইতিহাস
জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। তেওঁৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী। তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে কৰা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ অহিংসা আন্দোলনেৰে দেশবাসীক স্বাধীনতাৰ সৈতে জড়িত কৰাইছিল। তেওঁৰ পৰা অনুপ্ৰাণিত হৈ লাখ লাখ মানুহে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। বহু ত্যাগ, প্ৰচেষ্টাৰ অন্তত ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল।
গান্ধীয়ে কেৱল দেশবাসীকে নহয়, সমগ্ৰ বিশ্ববাসীক অনুপ্ৰাণিত কৰিছিল। গতিকে ২০০৭ চনৰ ১২ জুনত ২ অক্টোবৰৰ দিনটোত ৰাষ্ট্ৰসংঘই আন্তজাৰ্তিক অংহিসা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
১৯২১ চনত গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, ভাৰতক বিদেশী শাসনৰ পৰা মুক্ত কৰা আদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰিছিল। ১৯৩০ চনত তেওঁ দাণ্ডী যাত্ৰা কৰিছিল। ১৯৪২ চনত ইংৰাজৰ বিৰুদ্ধে তেওঁ ভাৰত ত্যাগ আন্দোলন কৰিছিল। অহিংস আন্দোলনেৰে গান্ধীয়ে সমগ্ৰ দেশত একত্ৰিত কৰিছিল।
শেষ বাক্য
ভাৰতে স্বাধীনতা লাভ কৰাৰ প্ৰায় এবছৰ পাছত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত গান্ধীক হত্যা কৰে নথুৰাম গডচে। এই সময়চোৱাত তেওঁ এখন প্ৰাৰ্থনা সভাত অংশ লৈ আছিল। কোৱা হয়, সেই সময়ত গান্ধীয়ে জীৱনৰ শেষ বাক্যটি কৈছিল- ‘হে ৰাম’। যাৰ বাবে এই বাক্যশাৰী ৰাজঘাটত খোদিত হৈ আছে।
অন্য খবৰ পঢ়কঃ ২ অক্টোবৰত গান্ধী জয়ন্তীঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…