শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
যোৰহাটত জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন সাংসদ গৌৰৱ গগৈৰ

যোৰহাটত জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন সাংসদ গৌৰৱ গগৈৰ

monjit-dutta
Monjit Dutta | Published: 01 Oct 2025 19:29 PM

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈও আজি এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকে। জুবিন গাৰ্গৰ যে ইতিমধ্যে দেহাৱসান ঘটিছে, সেয়া মানি ল’বলৈ সময় লাগিব বুলিও তেওঁ মন্তব্য কৰে।

আজি যোৰহাটত অনুষ্ঠিত হয় অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। যোৰহাটবাসীৰ সহযোগত আয়োজিত এই আদ্যশ্ৰাদ্ধভাগিত ব্যাপকসংখ্যক লোকৰ সমাৱেশ ঘটে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈও আজি এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি সাংসদগৰাকীয়ে ‘জুবিন গাৰ্গ যে এতিয়া আমাৰ মাজত নাই, সেয়া আজিও বিশ্বাস কৰিবলৈ টান’ বুলি মন্তব্য কৰে।

জুবিন গাৰ্গৰ যে ইতিমধ্যে দেহাৱসান ঘটিছে, সেয়া মানি ল’বলৈ সময় লাগিব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ফাষ্ট ট্ৰেক শুনানিৰো আহ্বান জনায়। গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ নেতা তথা কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰো আদ্যশ্ৰাদ্ধত উপস্থিত থাকে। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰয়াত জুবিন গাৰ্গৰ পৰিয়ালকো সাক্ষাৎ কৰে।