CBSE 10th Exam: বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা, CBSEৰ ডাঙৰ সিদ্ধান্ত

 ২০২৬ চনৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিয়মত অনুমোদন জনাইছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে। নতুন নিয়ম অনুসৰি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমটো ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব। দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাটো ঐচ্ছিক হ’ব। প্ৰথম পৰ্যায়ৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব।

CBSE 10th Exam: বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা,  CBSEৰ ডাঙৰ সিদ্ধান্ত

CBSE

Published: 

25 Jun 2025 17:29 PM

এতিয়াৰে পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE)ৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা। প্ৰথম পৰ্যায়ৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ ফলাফল এপ্ৰিল মাহত আৰু দ্বিতীয় পৰ্যায়ৰ ফলাফল জুন মাহত প্ৰকাশ পাব। অৱশ্যে আভ্যন্তৰীণ মূল্যায়ন এবাৰহে কৰা হ’ব।দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পৰ্যায়ৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক, দ্বিতীয় পৰ্যায়টো ঐচ্ছিক হ’ব।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) ২০২৬ চনৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ নিয়ম অনুমোদন জনাইছে । এই কথা নিশ্চিত কৰিছে পৰীক্ষা নিয়ন্ত্ৰক সন্য়ম ভৰদ্বাজে। চিবিএছইৰ নতুন নিয়ম অনুসৰি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমটো ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব, আনহাতে দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাটো ঐচ্ছিক হ’ব।

এই ব্যৱস্থাৰ আঁৰত CBSEৰ উদ্দেশ্য কি?

ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ এটা বা দুয়োটা পৰ্যায় দিলেও আভ্যন্তৰীণ মূল্যায়ন এবাৰহে কৰা হ’ব বুলি ব’ৰ্ডে স্পষ্ট কৰি দিছে। এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক উন্নত সুযোগ প্ৰদান কৰাটোৱেই CBSEৰ উদ্দেশ্য। যাতে তেওঁলোকে নিজৰ প্ৰস্তুতি অনুসৰি সৰ্বোত্তম প্ৰদৰ্শন কৰিব পাৰে আৰু মানসিক চাপো কমি যায়।

চিবিএছইৰ এই সিদ্ধান্ত সন্দৰ্ভত বিশেষজ্ঞই কয় যে বছৰত দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত এক বৃহৎ শৈক্ষিক সংস্কাৰ। ইয়াৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ সুবিধাটো হ’ল পৰীক্ষাৰ মানসিক চাপ কমি যাব। বছৰত দুবাৰকৈ পৰীক্ষা দি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰস্তুতি উন্নত পদ্ধতিৰে পৰিচালনা কৰিব পাৰিব। ইয়াৰ ফলত মানসিক স্বাস্থ্যৰ উন্নতি ঘটিব।

ইয়াৰ লগতে ভুল সংশোধনৰ সম্ভাৱনাও থাকিব। যদি কোনো শিক্ষাৰ্থীৰ প্ৰথম প্ৰচেষ্টা ভাল নহ’ল, তেন্তে দ্বিতীয় প্ৰচেষ্টাত তেওঁ নিজকে সংশোধন কৰিব পাৰে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ মানসিকতা গঢ় লৈ উঠিব। বহু সময়ত অসুস্থতা, পাৰিবাৰিক সমস্যা বা আন কাৰণত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰে। এই ক্ষেত্ৰত দুটা পৰীক্ষাৰ বিকল্প থাকিলে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত বেয়া সময়ৰ কোনো প্ৰভাৱ নপৰে।

মৃত্যুৰ পিছত আত্মাৰ কি হয়? মৃত্যুৰ পিছত অস্তিত্ব থাকেনে?
নকৰিব এই ৫টা ভুল! অন্যথা ভৱিষ্যত হ'ব অন্ধকাৰ...
মহাকাশলৈ উৰা মৰা শুভাংশু শুক্লাই কিমান টকা লাভ কৰিব?
বাৰিষা ঋতুত পেটৰ সমস্যা কিয় হয়? জানক কি কি বস্তু খাব নালাগে