CBSE Class 10 Board Exam Results 2025: গুৱাহাটীত CBSE ৰ দশম শ্ৰেণীত উত্তীৰ্ণৰ হাৰ ৮৪.১৪ শতাংশ, চাওক অঞ্চলভিত্তিক উত্তীৰ্ণ হাৰ ক’ত কিমান ?

এইবাৰ গুৱাহাটীত ৮৪.১৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে  CBSE ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে ।  এইবাৰ CBSEৰ দশম শ্ৰেণীৰ ফলাফলত ত্ৰিবেন্দ্ৰম প্ৰথম স্থানত আছে ।

CBSE Class 10 Board Exam Results 2025: গুৱাহাটীত CBSE ৰ দশম শ্ৰেণীত উত্তীৰ্ণৰ হাৰ ৮৪.১৪ শতাংশ, চাওক অঞ্চলভিত্তিক উত্তীৰ্ণ হাৰ কত কিমান ?

CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

Updated On: 

13 May 2025 15:10 PM

আজি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে । এইবাৰ গুৱাহাটীত ৮৪.১৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে  CBSE ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে ।  এইবাৰ CBSEৰ দশম শ্ৰেণীৰ ফলাফলত ত্ৰিবেন্দ্ৰম প্ৰথম স্থানত আছে । ত্ৰিবেন্দ্ৰমৰ ৯৯.৭৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে । তালিকাৰ দ্বিতীয় স্থানত বিজয়াৱাদা ।

তালিকাৰ একেবাৰে তলত আছে গুৱাহাটী । গুৱাহাতীত উত্তীৰ্ণ হাৰ হৈছে ৮৪.১৪ শতাংশ। দশম শ্ৰেণীৰ সামগ্ৰিক ফলাফলৰ কথা ক’বলৈ গ’লে, এইবাৰ CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে ৯৩.৬৬ শতাংশ ছাত্ৰ-ছাত্ৰী।

অঞ্চলভিত্তিক CBSEৰ দশম শ্ৰেণীৰ ফলাফলৰ উত্তীৰ্ণ হাৰ

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৯৯.৭৯ শতাংশ উত্তীৰ্ণ হাৰৰ সৈতে প্ৰথম স্থানত আছে ত্ৰিবেন্দ্ৰম । দ্বিতীয় স্থানত আছে বিজয়াৱাদা, উত্তীৰ্ণ হাৰ ৯৯.৭৯ শতাংশ । একেদৰে বাংগালুৰুত ৯৮.৯০ শতাংশ, চেন্নাইত ৯৮.৭১ শতাংশ, পুনেত ৯৬.৫৪ শতাংশ, আজমেৰ ৯৫.৪৪ শতাংশ, দিল্লী পশ্চিম ৯৫.২৪ শতাংশ, দিল্লী পূব ৯৫.০৭ শতাংশ, চণ্ডীগড় ৯৩.৭১ শতাংশ, পঞ্চকুলা ৯২.৭৭ শতাংশ, ভূপাল ৯২.৭১ শতাংশ, ভুৱনেশ্বৰ ৯২.৬৪ শতাংশ, পাটনা ৯১.৯০ শতাংশ, দেৰাডুন ৯১.৬০ শতাংশ, প্ৰয়াগৰাজ ৯১.০১ শতাংশ, নয়ডা ৮৯.৪১ শতাংশ আৰু গুৱাহাটীত ৮৪.১৪ শতাংশ ।

যোৱা বছৰৰ তুলনাত উত্তীৰ্ণ হাৰ

এইবাৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৪ এপ্ৰিললৈ CBSE ৰ ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰায় ২৩ লাখ ৭২ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰায় ২২ লাখ ২২ হাজাৰ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। বিশেষ কথাটো হ’ল যোৱা বাৰৰ তুলনাত এইবাৰ উত্তীৰ্ণ হাৰ ০.৬ শতাংশ বেছি । এইবাৰ ৯৩.৬৬ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে, আনহাতে যোৱাবাৰ এই হাৰ আছিল মাত্ৰ ৯৩.৬০ শতাংশ ।

হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? জানক
কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!