ৰাছিয়াৰ Su-57 যুঁজাৰু বিমানখন আমেৰিকাৰ F-22 তকৈ অধিক শক্তিশালী নেকি?

Su-57 যুঁজাৰু বিমানখনৰ মূল শক্তি হ’ল ৰাডাৰ এৰাই চলাৰ ক্ষমতা। কিন্তু প্ৰশ্ন হয়, যুদ্ধৰ পৰিস্থিতিত এই বিমানখন কিমান ধ্বংসাত্মক? আমেৰিকাৰ F-22 ৰেপ্টৰ যুঁজাৰু জেটতকৈ এই বিমানখন কিমান শক্তিশালী?

ৰাছিয়াৰ Su-57 যুঁজাৰু বিমানখন আমেৰিকাৰ F-22 তকৈ অধিক শক্তিশালী নেকি?

Su-57 Vs F-22

Published: 

09 Sep 2025 12:39 PM

ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতে ভাৰত-আমেৰিকাৰ সম্পৰ্কত ব্যৱধান বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে হ্ৰাস পাইছে বেইজিঙৰ সৈতে নতুন দিল্লীৰ দূৰত্ব। চীন আৰু ভাৰতৰ সম্পৰ্কই নতুন গতি লাভ কৰিছে। পিছে আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপৰ মূলতে আছিল ৰাছিয়া। অৱশ্যে স্বাধীনতাৰ পিছৰে পৰা তেতিয়াৰ ছোভিয়েট ৰিপাব্লিক আৰু বৰ্তমান ৰাছিয়া ভাৰতৰ অন্যতম প্ৰধান মিত্ৰ দেশ।

এই সকলোবোৰ কথা চৰ্চাত থকাৰ মাজতে শেহতীয়াকৈ ডাঙৰ খবৰ পোহৰলৈ আহিছে। কিয়নো আৰু অধিক শক্তিশালী হ’বলৈ গৈ আছে নতুন দিল্লী আৰু মস্কোৰ প্ৰতিৰক্ষা সম্পৰ্ক। খবৰ প্ৰকাশ পাইছে যে, Su-57 (5th Generation) যুঁজাৰু বিমান ভাৰতত নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাছিয়াই।

Su-57 যুঁজাৰু বিমানখনৰ মূল শক্তি হ’ল ৰাডাৰ এৰাই চলাৰ ক্ষমতা। কিন্তু প্ৰশ্ন হয়, যুদ্ধৰ পৰিস্থিতিত এই বিমানখন কিমান ধ্বংসাত্মক? আমেৰিকাৰ F-22 ৰেপ্টৰ যুঁজাৰু জেটতকৈ এই বিমানখন কিমান শক্তিশালী?

তথ্য মতে, গোপন অভিযানত যাওঁতে Su-57 য়ে ৬টা এয়াৰ টু এয়াৰ মিছাইল কঢ়িয়াই নিব পাৰে। ইয়াৰে ৪ টা দীৰ্ঘ দূৰত্বৰ আৰু ২টা কম দূৰত্বৰ ক্ষেপণাস্ত্ৰ। ফলত এই বিমানখনে ৰাডাৰ এৰাই চলি শত্ৰুৰ সৈতে মুখামুখি হ’ব পাৰে।

অৱশ্যে আমেৰিকাৰ শ্ৰেষ্ঠ যুঁজাৰু বিমান F-22 ৰেপটৰে ৮ টা মিছাইল কঢ়িয়াই নিব পাৰে। আন এখন অত্যাধুনিক বিমান F-35 য়ে সাধাৰণতে ৪ টা আৰু বৰ্তমান ৬টা মিছাইল কঢ়িয়াব পাৰে। কিন্তু যদিহে শত্ৰুৰ পৰা লুকাই থকাৰ প্ৰয়োজন নহয়, তেন্তে Su-57 বিমানে বাহ্যিক হাৰ্ডপইণ্টত প্ৰায় ১০,০০০ কিলোগ্ৰাম অস্ত্ৰ কঢ়িয়াব পাৰে, যাক ‘বিষ্ট মোড’ বুলি জনা যায়।

ভাৰতৰ দৰে দেশৰ বাবে এনে 5th Generation ৰ যুদ্ধ বিমান অতি গুৰুত্বপূৰ্ণ। কাৰণ ভাৰতৰ এফালে পাকিস্তান আৰু আনফালে চীন আছে। Su-57 য়ে কেৱল বতাহত যুদ্ধ কৰিবলৈ সক্ষম হোৱাই নহয়, এই বিমানখনে আকাশৰ পৰাও স্থলভূমি আৰু সাগৰীয় লক্ষ্যত আঘাত কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, Su-57 আৰু ইয়াৰ অস্ত্ৰ বহন ক্ষমতাই এই বিমানখনক আমেৰিকা বা আন দেশৰ দ্বাৰা নিৰ্মিত 5th Generation ৰ যুঁজাৰু বিমানৰ যোগ্য প্ৰতিযোগী কৰি তুলিছে। এই বিমানখনৰ সমগ্ৰ বিশ্বৰ সামৰিক সমীকৰণ সলনি কৰাৰ ক্ষমতা আছে ।

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!