৭৩ বছৰৰ পাছত সুৰাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ এইখন দেশত, তথাপিও য’তে ত’তে নাপাব সুৰা

চৌদি চৰকাৰে সুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । কিন্তু সমগ্ৰ দেশত সুৰা বিক্ৰী কৰিব নোৱাৰিব । সুৰা বিক্ৰী কেতবোৰ নিৰ্দিষ্ট ক্ষেত্ৰত সীমাবদ্ধ থাকিব । প্ৰায় ৬০০ টা স্থান ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব । ইয়াৰ ভিতৰত অধিকাংশই হৈছে বিলাসী হোটেল, ৰিজ'ৰ্ট আৰু পৰ্যটকৰ বাবে বিশেষভাৱে সাজু কৰা স্থান ।

৭৩ বছৰৰ পাছত সুৰাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ এইখন দেশত, তথাপিও যতে ততে নাপাব সুৰা

প্ৰতীকী ছবি

Published: 

26 May 2025 16:26 PM

চৌদি আৰৱ চৰকাৰে সুৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত । ইছলামিক দেশখনে ৭৩ বছৰৰ পাছত সুৰাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে । চৌদি চৰকাৰে পৰ্যটনৰ বিকাশ, ২০২০ চনৰ EXPO আৰু ২০২৪ চনৰ ফিফা বিশ্বকাপৰ কথা মনত ৰাখি ৭৩ বছৰ ধৰি সুৰাৰ ওপৰত আৰোপিত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । এতিয়া ৭৩ বছৰৰ পাচত চৌদিত মানুহে সুৰাপান কৰিব পাৰিব । সুৰাৰ প্ৰচলন হ’ব যদিও সমগ্ৰ দেশতে বিক্ৰী কৰিব নোৱাৰিব । ইয়াৰ বাবে প্ৰস্তুত কৰা হৈছি বিধি ।

ক’ত ক’ত উপলব্ধ হ’ব সুৰা?
চৌদি চৰকাৰে সুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । কিন্তু সমগ্ৰ দেশত সুৰা বিক্ৰী কৰিব নোৱাৰিব । সুৰা বিক্ৰী কেতবোৰ নিৰ্দিষ্ট ক্ষেত্ৰত সীমাবদ্ধ থাকিব । প্ৰায় ৬০০ টা স্থান ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব । ইয়াৰ ভিতৰত অধিকাংশই হৈছে বিলাসী হোটেল, ৰিজ’ৰ্ট আৰু পৰ্যটকৰ বাবে বিশেষভাৱে সাজু কৰা স্থান ।

কেৱল এইসমূহ সুৰাহে উপলব্ধ হ’ব
কিছুমান নিৰ্দিষ্ট ঠাইতহে সুৰা বিক্ৰী কৰা হ’ব। ইয়াৰ ভিতৰত থাকিব পাৰে নেওম, সিন্দালা দ্বীপ আৰু লোহিত সাগৰ প্ৰকল্প । কিন্তু ইয়াত সকলো ধৰণৰ সুৰা পৰিবেশন কৰা নহ’ব । এই স্থানসমূহত বিয়েৰ, ৱাইন আৰু চাইডাৰ উপলব্ধ হ’ব । স্পিৰিটৰ দৰে সুৰা বিক্ৰীৰ অনুমতি দিয়া নহ’ব । লগতে চৰকাৰে ঘৰ-দুৱাৰ, দোকান-পোহাৰ বা ৰাজহুৱা স্থানত সুৰাৰ অনুমতি নিদিয়ে আৰু কাকো নিজাববীয়াকৈ সুৰা প্ৰস্তুত কৰিবলৈ দিয়া নহ’ব ।

চৌদি আৰৱৰ দৃষ্টিভংগী কি?
চৌদি আৰৱৰ অৰ্থনীতি বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় পৰিকল্পনা কৰা হৈছে । ইয়াৰ লক্ষ্য হৈছে পৰ্যটন, মনোৰঞ্জন আৰু আতিথ্যৰ প্ৰসাৰ । বিষয়াসকলৰ মতে এই পৰিৱৰ্তনে চাকৰি সৃষ্টি কৰাত সহায় কৰিব আৰু বিদেশী বিনিয়োগ আনিব । ইতিমধ্যে ডাঙৰ ডাঙৰ হোটেল চেইনবোৰে নিজৰ পৰিকল্পনা সালসলনি কৰি আছে । নিয়ম সলনি হোৱাৰ পিছত আৰু অধিক বিদেশী অতিথি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে । সুৰাৰ নীতিয়ে চৌদি আৰৱক অধিক বিশ্বব্যাপী অনুষ্ঠান আয়োজন আৰু পৰ্যটকক আকৰ্ষণ কৰাত সহায় কৰিব পাৰে । যিকোনো ধৰণৰ অপব্যৱহাৰ বা নিয়ম ভংগ কৰিলে জৰিমনা ভৰিব লাগিব ।

ভাৰতৰ কিমান নাগৰিক পাকিস্তানী জেলত বন্দী হৈ আছে? জানক...
মহিলাসকলৰ মাহেকীয়া কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক'লে কাৰণ...
বৃক্কত পাথৰ হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক...
ঘৰৰ তুলসীত দেখা দিছে নেকি এনে লক্ষণে? আগুৰি ধৰিব পাৰে দুৰ্ভাগ্য তথা সংকটে…