ৰাসৰ আগে আগে পাব প্ৰধানমন্ত্ৰীৰ উপহাৰ! আপোনাৰ একাউণ্টত সোমাব পাৰে ইমান পৰিমাণৰ ধন

আগন্তুক ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ। ৰাসৰ প্ৰাকক্ষণত হয়তো আপোনাৰ একাউণ্টত সোমাব পাৰে উপহাৰৰ ধন। পিছে প্ৰধানমন্ত্ৰী মোদীৰ পৰা এই উপহাৰ সকলোৱে লাভ কৰিবনে? এই উপহাৰ লাভৰ বাবে কি কৰিব লাগিব?

ৰাসৰ আগে আগে পাব প্ৰধানমন্ত্ৰীৰ উপহাৰ! আপোনাৰ একাউণ্টত সোমাব পাৰে ইমান পৰিমাণৰ ধন

প্ৰধানমন্ত্ৰী মোদী

Published: 

25 Oct 2025 10:47 AM

অহা নৱেম্বৰৰ পৰা ৰাজ্যত দেখা যাব ৰাস মহোৎসৱৰ উদযাপন এই আধ্যাত্মিক উৎসৱৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি দেখা গৈছে প্ৰস্তুতি এই ৰাস মহোৎসৱৰ আগে আগে আপুনি লাভ কৰিব পাৰে প্ৰধানমন্ত্ৰীৰ উপহাৰ ৰাসৰ প্ৰাকক্ষণত হয়তো আপোনাৰ একাউণ্টত সোমাব পাৰে উপহাৰৰ ধন পিছে প্ৰধানমন্ত্ৰী মোদীৰ পৰা এই উপহাৰ সকলোৱে লাভ কৰিবনে? এই উপহাৰ লাভৰ বাবে কি কৰিব লাগিব? শেহতীয়াকৈ পোহৰলৈ আহিছে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ

হয়তো ৰাসৰ আগে আগে মুকলি কৰি দিয়া পাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২১ তম কিস্তি অৱশ্যে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা হোৱা নাই। কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৱেম্বৰৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় চৰকাৰে এই ধন কৃষকৰ একাউণ্টলৈ হস্তান্তৰ কৰিব পাৰে।

অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰী কৃষকসকলে কেইদিনমানৰ ভিতৰতে এই আঁচনিৰ অধীনত ২০০০ টকা লাভ কৰিব পাৰে অহা ১ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰৰ ভিতৰত এই ধনৰাশি হস্তান্তৰ কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছে আগন্তুক বিহাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততো এনে সিদ্ধান্ত লোৱা পাৰে

সমুখত বিহাৰ নিৰ্বাচন

অহা ৬ আৰু ১১ নৱেম্বৰত বিহাৰৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। চৰকাৰে যদিও নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত কোনো নতুন আঁচনি আৰম্ভ কৰিব নোৱাৰে, তথাপি বৰ্তমানে কাৰ্যকৰী হৈ থকা আঁচনিৰ কিস্তি মুকলি কৰিব পাৰে। গতিকে সেই দিশৰ পৰাও শীঘ্ৰেই কিস্তিৰ ধন মুকলি হোৱাৰ সম্ভাৱনা আছে।

এই কৃষকসকলে লাভ নকৰে ধন

অৱশ্যে এই আঁচনিৰ যিসকল হিতাধিকাৰীয়ে কেৱাইচি এতিয়াও সম্পূৰ্ণ কৰা নাই, তেওঁলোকে পি এম কিষাণৰ ২১ সংখ্যক কিস্তি লাভ নকৰিব। তদুপৰি বেংক একাউণ্ট আধাৰৰ সৈতে লিংক নহ’লে, আই এফ এছ চিৰ ক’ড ভুল হ’লে বা একাউণ্ট বন্ধ হৈ পৰিলেও ধনৰাশি লাভৰ পৰা বঞ্চিত

মহিলাৰ ক্ষেত্ৰত HIV সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত দেখা দিয়া ৪ টা প্ৰধান লক্ষণ কি কি?
ৰাতিপুৱা খালী পেটত ডালচেনিৰ পানী খালে কি কি ৰোগৰ পৰা উপশম পোৱা যায়? জানক
দেওবাৰে তুলসী গুৰিত পানী দিব লাগে নে নালাগে? জ্যোতিষে কি কয়, চাওক...
সোনকালে ওজন কমোৱাৰ চেষ্টাত মানুহে কৰে এনে ভুল, উপকাৰৰ পৰিৱৰ্তে হ’ব পাৰে ক্ষতিহে