নিষ্ক্ৰিয় হ’ব পান কাৰ্ড, এই কামটো কৰিলেনে ? ডেডলাইন ৩১ ডিচেম্বৰ…
চৰকাৰে স্পষ্ট কৰি দিছে যে, ২০২৫ চনৰ ৩১ ডিচেম্বৰ সময়সীমাৰ অন্তিম তাৰিখ। ইয়াৰ পিছত ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা পান নিষ্ক্ৰিয় হৈ পৰিব। সময় ওচৰ চাপি অহাৰ লগে লগে কৰদাতাৰ মাজত উদ্বিগ্নতা বাঢ়িছে।

যদি আপুনি এতিয়াও আপোনাৰ পান কাৰ্ড আধাৰৰ সৈতে লিংক কৰা নাই তেন্তে পাছত এই কাৰ্য ব্যয়বহুল বুলি প্ৰমাণিত হ’ব পাৰে। চৰকাৰে স্পষ্ট কৰি দিছে যে, ২০২৫ চনৰ ৩১ ডিচেম্বৰ সময়সীমাৰ অন্তিম তাৰিখ। ইয়াৰ পিছত ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা পান নিষ্ক্ৰিয় হৈ পৰিব। সময় ওচৰ চাপি অহাৰ লগে লগে কৰদাতাৰ মাজত উদ্বিগ্নতা বাঢ়িছে।
এই সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ে আনুষ্ঠানিক অধিসূচনা জাৰি কৰি স্পষ্ট কৰি দিছে যে, যিসকলক পূৰ্বে আধাৰ কাৰ্ডৰ ভিত্তিত পান কাৰ্ড প্ৰদান কৰা হৈছিল, তেওঁলোকে এতিয়া আয়কৰ বিভাগক আধাৰ নম্বৰ দিব লাগিব। চৰকাৰৰ লক্ষ্য হৈছে, কৰ ব্যৱস্থা স্বচ্ছ কৰি ভুৱা বা নকল পান ৰোধ কৰা।
পান নিষ্ক্ৰিয় হৈ পৰিলে কি কি সমস্যাৰ সৃষ্টি হ’ব?
যদি আপোনাৰ পান আধাৰৰ লগত সংযুক্ত নহয় আৰু যদি নিষ্ক্ৰিয় হৈ পৰে তেন্তে আপুনি বহু গুৰুত্বপূৰ্ণ কাম কৰিব নোৱাৰিব। আয়কৰ ৰিটাৰ্ণ দাখিল কৰাটো কঠিন হৈ পৰিব, বেংকৰ বহু লেনদেন সমস্যা হ’ব পাৰে, বিনিয়োগ বা সম্পত্তি সম্পৰ্কীয় কামত ব্যাঘাত জন্মিব পাৰে। সামগ্ৰিকভাৱে দৈনন্দিন আৰ্থিক কাম-কাজত প্ৰভাৱ পৰিব পাৰে।
পুনৰ সক্ৰিয় কৰা
যদি এটা পান নিষ্ক্ৰিয় হৈ পৰে তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিন্তু ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে আপোনাৰ বিত্তীয় দিশত পৰিব। আপোনাৰ PAN পুনৰ সক্ৰিয় কৰিবলৈ ইয়াক আধাৰৰ সৈতে সংযোগ কৰিব লাগিব, লগতে ১ হাজাৰ টকা জৰিমনাও ভৰিব লাগিব। গতিকে সময়মতে ইয়াক লিংক কৰি অতিৰিক্ত খৰচৰ পৰা আঁতৰি থকাটোৱেই উত্তম।
ঘৰৰ পৰাই PAN-Aadhaar লিংক কৰক
ভাল কথাটো হ’ল আপোনাৰ পান আৰু আধাৰ লিংক কৰাটো অতি সহজ প্ৰক্ৰিয়া। ক’তো যাত্ৰা কৰাৰ প্ৰয়োজন নাই। আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত গৈ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে এই কাম কৰিব পাৰিব। গুৰুত্বপূৰ্ণভাৱে, পঞ্জীয়নভুক্ত আৰু পঞ্জীয়ন নকৰা ব্যৱহাৰকাৰী দুয়োটাই লগ ইন নকৰাকৈ এই ফিচাৰ ব্যৱহাৰ কৰিব পাৰিব।
অনলাইন লিংকিং প্ৰক্ৰিয়া কি?
ই-ফাইলিং পৰ্টেলৰ হোম পেজত এটা কুইক লিংক বিকল্প দিয়া হৈছে, য’ত আপুনি আপোনাৰ পান আৰু আধাৰৰ সবিশেষ দিব কৰিব লাগিব। প্ৰয়োজনীয় সবিশেষ পৰীক্ষা কৰাৰ পিছত আপোনাৰ মোবাইল ফোনলৈ এটা অ’টিপি প্ৰেৰণ কৰা হয়। আপুনি OTP দি লিংকিং অনুৰোধ জমা দিব পাৰে। প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এটা নিশ্চিতকৰণো লাভ কৰে।