প্ৰতিমাহে ১০,০০০ টকা SIP ৰে লাভ কৰক ১৪ লাখ পৰ্যন্ত! জানক এই বিশেষ ফাণ্ডৰ বিষয়ে…
আজিকালি বিভিন্নজনে মিউচুৱেল ফাণ্ডত ধন বিনিয়োগ কৰে। কিন্তু প্ৰশ্ন হয়, কোনটো মিউচুৱেল ফাণ্ডে বেছি লাভ দিয়ে। এই লেখাটোত এনে এক মিউচুৱেল ফাণ্ডৰ বিষয়ে উল্লেখ কৰা হৈছে যি যথেষ্ঠ সংখ্যক ৰিটাৰ্ণ দিছে।

মিউচুৱেল ফাণ্ড
আজিকালি বহুতে মিউচুৱেল ফাণ্ডত ধন বিনিয়োগ কৰে। কিন্তু বিনিয়োগৰ ক্ষেত্ৰত প্ৰায়ে প্ৰশ্ন উত্থাপন হয় যে কোনটো ফাণ্ড বাছি ল’ব লাগে? এনে পৰিস্থিতিত ফাণ্ডৰ নিৰ্বাচন কৰোতে বিনিয়োগকাৰীয়ে লক্ষ্য কৰিব লাগে যে কোনটো ফাণ্ডে বেছি ৰিটাৰ্ণ দিছে। গতিকে বেছি ৰিটাৰ্ণ দিয়া ফাণ্ডত বিনিয়োগ কৰা ভাল। ইয়াৰোপৰি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে ধৈৰ্য থকা প্ৰয়োজন। কিয়নো কেতিয়াবা এদিনত যি বিনিয়োগকাৰীৰ লাভ হয় তেতিয়াবা আকৌ কেইবামাহ লাগিব পাৰে।
SIP ৰ জৰিয়তে প্ৰতিমাহে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে। যদি আপুনি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে এই লেখাটোত এটা ফাণ্ডৰ বিষয়ে উল্লেখ কৰিম যিয়ে প্ৰতিমাহে ১০ হাজাৰ টকাৰ বিনিয়োগত ৫ বছৰত ১৪ লাখ টকালৈ ৰূপান্তৰ কৰিছে।
নিপ্পন ইণ্ডিয়া মিউচুৱেল ফাণ্ড কেলকুলেটৰ
ভেল্যু ৰিচাৰ্চ অনলাইনৰ তথ্য অনুসৰি, যদি কোনোৱে নিপ্পন ইণ্ডিয়া মিউচুৱেল ফাণ্ড কেলকুলেটৰত ১ লাখ টকা বিনিয়োগ কৰি ৫ বছৰলৈ প্ৰতিমাহে ১০,০০০ টকা SIP কৰে তেন্তে আজিৰ সময়ত এই বিনিয়োগ ১৪,২৬,৮২৫ টকা হ’লহেঁতেন । ইয়াৰ বাৰ্ষিক লাভ ২৫.২৩ শতাংশ। একেদৰে দহ বছৰৰ ভিতৰত যদি একেটা বিনিয়োগ কৌশল গ্ৰহণ কৰা হয় তেন্তে বাৰ্ষিক লাভ ১৭.৪৩ শতাংশ হ’ব। লগতে সময়ৰ লগে লগে মুঠ ১৩,০০,০০০ টকাৰ বিনিয়োগ ৩৪,৯৪,৫৬৭ টকা হ’ব পাৰে। যদি কোনো বিনিয়োগকাৰীয়ে ২ বছৰ ধৰি একে পৰিমাণৰ বিনিয়োগ কৰে তেন্তে তেওঁৰ বিনিয়োগ ৩,৪০,০০০ টকাৰ পৰা ৪,৫৫,২৭৯ টকালৈ বৃদ্ধি পাব পাৰে।
স্মল কেপ ফাণ্ড কি?
স্মল কেপ ফাণ্ড হ’ল হাই ৰিস্ক বিনিয়োগৰ বিকল্প। স্মল কেপ ফাণ্ডে সেই কোম্পানীসমূহৰ ষ্টকত বিনিয়োগ কৰে যাৰ মাৰ্কেট কেপ ৫ হাজাৰ কোটি টকাতকৈ কম হয়। ইয়াত কমেও ৬৫ শতাংশ আৱন্টন কৰাতো প্ৰয়োজনীয়। ইয়াত কৰৰ দায়বদ্ধতা (tax liability)ৰ কথা ক’বলৈ হ’লে, ১ বছৰলৈ কমেও ১ ইউনিট ৰখাৰ ফলত হ্ৰস্বম্যাদী মূলধনী লাভৰ কৰ আৰোপ কৰা হয় আৰু ইউনিটসমূহ এবছৰতকৈ অধিক সময়ৰ বাবে ৰখাৰ ওপৰত দীৰ্ঘম্যাদী মূলধনী লাভৰ কৰ আৰোপ কৰা হয়। যদি এটা বিত্তীয় বৰ্ষত মূলধনী লাভ ১ লাখতকৈ কম হয় তেন্তে তাত কোনো কৰ নাথাকে।
Disclaimer:(এই প্ৰবন্ধটো কেৱল তথ্যৰ বাবেহে আৰু ইয়াক কোনো ধৰণে বিনিয়োগৰ পৰামৰ্শ বুলি ধৰি লোৱা উচিত নহয়। পাঠকে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ফাণ্ডৰ লগত জড়িত প্ৰয়োজনীয় তথ্য পৰীক্ষা কৰি লোৱাৰ লগতে বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লোৱা ভাল।)