চৰকাৰী বেংকত একাউন্ট আছে নেকি? হৈ যাব পাৰে বন্ধ, একত্ৰীকৰণৰ দিশে…

Bank Marge: আপোনাৰ কি বেংকত একাউন্ট আছে? কিয়নো শীঘ্ৰেই দেশৰ কেইবাটাও বেংক একত্ৰিত হ'ব পাৰে। যদি এনে হয় তেন্তে ইয়াৰ প্ৰভাৱ আপোনাৰ বেংক একাউন্টৰ ওপৰত পৰিব। চৰকাৰে এই সন্দৰ্ভত চিন্তা চৰ্চা চলাই আছে।

চৰকাৰী বেংকত একাউন্ট আছে নেকি? হৈ যাব পাৰে বন্ধ, একত্ৰীকৰণৰ দিশে...

বেংক

Published: 

18 Dec 2025 12:47 PM

সমগ্ৰ দেশে এতিয়া অহা বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২৬-২৭ চনৰ বাজেটৰ ওপৰত চকু ৰাখিছে। বিশেষকৈ দেশৰ বেংকিং খণ্ডৰ ওপৰত। আপোনাৰ কি বেংকত একাউন্ট আছে?  যদি চৰকাৰী বেংকত একাউন্ট আছে, তেন্তে  সাৱধান হোৱা দৰকাৰ। কাৰণ, কেন্দ্ৰৰ একক সিদ্ধান্তত আপোনাৰ বেংক একাউন্টৰ বহু সাল-সলনি হ’ব পাৰে। দৰাচলতে কেন্দ্ৰই দ্বিতীয় পৰ্যায়ৰ ‘কনচলিডেচন ২.০’ অৰ্থাৎ একত্ৰীকৰণৰ (Bank Marge)  প্ৰস্তুতি আৰম্ভ কৰিছে। এই একত্ৰীকৰণৰ লক্ষ্য হৈছে দেশৰ ১২টা ৰাজহুৱা খণ্ডৰ বেংক ৩ৰ পৰা ৪টা বেংকলৈ হ্ৰাস কৰা।

পৰৱৰ্তী বাজেটত কি হ’ব পাৰে?

সূত্ৰ অনুসৰি দেশৰ ৫টা সৰু বেংক দেশৰ আন বৃহৎ বেংকৰ সৈতে একত্ৰীত হ’ব পাৰে। ইণ্ডিয়ান অভাৰচিজ বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, বেংক অৱ মহাৰাষ্ট্ৰক আদিক বৃহৎ ৰাজহুৱা খণ্ডৰ বেংকত একত্ৰিত কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ ফলত আপোনাৰ বেংক একাউণ্ট নম্বৰ আনকি চেকবুকো সলনি হৈ যাব।

বেংকৰ একত্ৰীকৰণে গ্ৰাহকৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। কিয়নো ইয়াৰ ফলত বেংকৰ নাম, আই এফ এছ চি ক’ড, চেকবুক, আৰু পাছবুক সলনি হ’ব পাৰে। একাউণ্ট মাইগ্ৰেচন আৰু ডাটা ট্ৰেন্সফাৰৰ সময়তো সেৱাত বিলম্ব হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে ই গ্ৰাহকসকলক লাভো কৰিব পাৰে। যেনে বৃহৎ বেংকত নিৰাপত্তা বৃদ্ধি, উন্নত ডিজিটেল বেংকিং সেৱা, আৰু অধিক সুবিধা লাভ কৰা যায়। চৰকাৰৰ মতে গ্ৰাহকৰ সমস্যা কম কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।

বিদেশী বিনিয়োগ বৃদ্ধি পাবনে?

বৰ্তমান চৰকাৰী বেংকত বিদেশী বিনিয়োগৰ উচ্চ সীমা ২০ শতাংশ। প্ৰাপ্ত তথ্য অনুসৰি, ইয়াক ৪৯ শতাংশলৈ বৃদ্ধি কৰাৰ চেষ্টা কৰিছে  চৰকাৰে। এই সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ৰ বৈঠকত এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বিশেষজ্ঞসকলে কয় যে চৰকাৰে মূলধন সংগ্ৰহৰ বাবে নিজৰ অংশীদাৰিত্ব ৫১ শতাংশলৈ হ্ৰাস কৰিব পাৰে।

কিয় এই সিদ্ধান্ত

বিগত বছৰসমূহত সৰু বেংকসমূহৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ তিনিটা: বৃদ্ধি পোৱা খৰচ, ক্ৰমাগতভাৱে বৃদ্ধি পোৱা এনপিএ (NPA), আৰু সৰু বেলেন্স শ্বীটৰ বাবে প্ৰতিযোগিতামূলক সুবিধাৰ অভাৱ। গতিকে চৰকাৰে এই দিশবোৰ শক্তিশালী কৰিব বিচাৰিছে। যদি একত্ৰীকৰণ হয় তেন্তে দেশত কেৱল চৰকাৰী বেংক হিচাপে SBI, PNB, BoB আৰু Canara Bank থাকিব।

উল্লেখ্য যে, যোৱা একত্ৰীকৰণৰ ৰাউণ্ডত গ্ৰাহকে তথ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় বিভ্ৰান্ত আৰু ব্ৰান্স বন্ধ হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হৈছিল। গতিকে এইবাৰ চৰকাৰে সেই ভুলবোৰ শুধৰণি কৰেনে নাই সেয়া হ’ব লক্ষণীয়। অৱশ্যে কি বেংক একত্ৰিকৰণ কৰা হয় এতিয়াও সেয়া স্পষ্ট হোৱা নাই। পৰৱৰ্তী সময়ত সবিশেষ পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ বেংকত টকা জমা আছে নেকি? চেভিংছ একাউন্ট আৰু FD ৰ ক্ষেত্ৰত নতুন নিয়ম RBI ৰ…

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী