LIC : LIC এ গঢ়িলে অভিলেখ, বছৰৰ মাজভাগত SBI ক চেৰ পেলাই আগবাঢ়িলে LIC

LIC: অৱশ্যে বাৰ্ষিক লাভৰ ক্ষেত্ৰত LIC-ত কৈ আগবাঢ়ি আছে SBI। গোটেই বছৰটোত SBI এ ৭০ হাজাৰ কোটি টকা উপাৰ্জন কৰিছিল। আনহাতে LIC এ ৪৮ হাজাৰ ১৫১ কোটি টকা উপাৰ্জন কৰে।

LIC : LIC এ গঢ়িলে অভিলেখ, বছৰৰ মাজভাগত SBI ক চেৰ পেলাই আগবাঢ়িলে LIC

LIC এ গঢ়িলে অভিলেখ

Published: 

03 Jun 2025 15:39 PM

অভিলেখ গঢ়িছে চৰকাৰী বীমা কোম্পানী LIC এ। শেহতীয়াকৈ ২০২৫ চনৰ বিত্তীয় বৰ্ষৰ শেষৰ ত্ৰৈমাসিকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। LIC এ কৈছে যে যোৱা বিত্তীয় বৰ্ষত তেওঁলোকে সকলো PSU ৰ তুলনাত সৰ্বাধিক মুনাফা অৰ্জন কৰিছে। যোৱা তিনিমাহত LIC ৰ মুঠ লাভ ১৯ হাজাৰ কোটি টকা।

শেষ ত্রৈমাসিকৰ প্ৰতিবেদনত এইটোও কয় যে, জানুৱাৰীৰ পৰা মাৰ্চলৈকে LIC ৰ নিকা লাভ ৩৮ শতাংশ বৃদ্ধি পাইছে। যোৱা বছৰ একে সময়তে তেওঁলোকৰ মুঠ লাভ আছিল ১৩ হাজাৰ কোটি টকা। যিয়ে এবছৰত ১৯ হাজাৰ কোটি টকাৰ সীমা স্পৰ্শ কৰিছে। চৰকাৰী কোম্পানীসমূহৰ ভিতৰত লাভৰ দৌৰত LIC ৰ পিছতে SBI। যোৱা ত্ৰৈমাসিকত SBI ৰ আয় আছিল ১৮ হাজাৰ ৬৩২ কোটি টকা।

কিন্তু বাৰ্ষিক লাভৰ ক্ষেত্ৰত SBI য়ে LIC ত কৈ বহু আগবাঢ়ি আছে। গোটেই বছৰটোত SBI য়ে ৭০ হাজাৰ কোটি টকা উপাৰ্জন কৰে। আনহাতে LIC এ ৪৮ হাজাৰ ১৫১ কোটি টকা উপাৰ্জন কৰে।

মন কৰিবলগীয়া যে LIC ৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে শ্বেয়াৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। বিগত সপ্তাহৰ হিচাপ অনুসৰি পাঁচটা ব্যৱসায়িক দিনত LIC ৰ শ্বেয়াৰৰ মূল্য মুঠ ৯৪ টকা বৃদ্ধি পাইছে। বৰ্তমান এই কোম্পানীটোৰ প্ৰতিটো শ্বেয়াৰৰ মূল্য ৯৫৯ টকা। অৰ্থাৎ এসপ্তাহত প্ৰায় ১০ শতাংশ বৃদ্ধি।

কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...
ভুলতো নিশা এইসকল লোকে দাইল খাব নালাগে, জানক সকলো...
শালমনৰ দাগৰ বাবে ভুগিছে নেকি হতাশাত, এনে ঘৰুৱা উপায়েৰে এসপ্তাহত হ’ব হতাশা মুক্ত…