Jio Happy New Year Offer: আম্বানীৰ নতুন উপহাৰ, এতিয়া বিনামূলীয়াকৈ পাব AI সুবিধা !

কোম্পানীটোৱে জনোৱা মতে, তিনিটা বিশেষ 'Happy New Year' প্ৰিপেইড প্লেন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে Google Gemini Pro।

Jio Happy New Year Offer:  আম্বানীৰ নতুন উপহাৰ, এতিয়া বিনামূলীয়াকৈ পাব AI সুবিধা !
Updated On: 

21 Dec 2025 13:38 PM

নতুন বছৰত আকৰ্ষণীয় অফাৰ লৈ আহিছে ৰিলায়েন্স জিঅ’ই। নতুন বছৰৰ বাবে মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে এই অফাৰ ঘোষণা কৰিছে টেলিকম কোম্পানীটোৱে। শুকুৰবাৰে পুৱা কোম্পানীটোৱে জনোৱা মতে, তিনিটা বিশেষ ‘Happy New Year’ প্ৰিপেইড প্লেন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে Google Gemini Pro।

Hero Annual Recharge

৩৫৯৯ টকাৰ এই বাৰ্ষিক প্লেনত প্ৰতিদিনে 2.5GB ডাটা লাভ কৰিব। কিন্তু আচল আচৰিত কথাটো হ’ল ৩৫,১০০ টকাৰ জেমিনি প্ৰ’ চাবস্ক্ৰিপচন। অৰ্থাৎ ১৮ মাহৰ বাবে প্ৰায় বিনামূলীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু 2GB ক্লাউড ষ্ট’ৰেজ ব্যৱহাৰ কৰিব পাৰিব।

Super Celebration Monthly

এই ৰিচাৰ্জৰ প্লেনৰ দাম মাত্ৰ ৫০০ টকা। কিন্তু এই দামত OTTৰ মনোৰঞ্জন বিচাৰে নেকি? এই প্লেনত YouTube Premium, Amazon Prime আৰু Hoichoi দৰে প্লেটফৰ্মৰ লগতে প্ৰতিদিনে ২ জিবি ডাটা লাভ কৰিব। ইয়াতো ১৮ মাহৰ বাবে সম্পূৰ্ণ বিনামূলীয়া Gemini Pro ৰ সুবিধা লাভ কৰিব।

Jio Flexi Pack

সস্তীয়া ডাটা আৰু এণ্টাৰটেইনমেণ্ট বিচৰাসকলৰ বাবে ১০৩ টকীয়া এই প্লেন উত্তম হিচাপে বিবেচিত হৈছে । এই প্লেনত ২৮ দিনৰ বাবে মুঠ 5GB ডাটা উপলব্ধ হ’ব। ইয়াৰ লগতে আপুনি তিনিটা ভিন্ন OTT প্লেটফৰ্মৰ যিকোনো এটা বাছি লোৱাৰ সুযোগ পাব।

এই সুবিধা কেনেকৈ পাব?

অতি সহজ। মাই জিঅ’ এপত গৈ আপোনাৰ পছন্দৰ প্লেন ৰিচাৰ্জ কৰাৰ লগে লগে OTT আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অফাৰ সক্ৰিয় হ’ব। জনা যায় যে, ১৮ বছৰৰ ওপৰৰ গ্ৰাহকেহে Gemini ব্যৱহাৰ কৰাৰ সুযোগ পাব।

বিশেষজ্ঞসকলৰ মতে, নতুন বছৰত পকেটৰ চাপ কমাবলৈ আৰু মনোৰঞ্জনৰ সুবিধা প্ৰদানৰ বাবে আম্বানীৰ এই পদক্ষেপে টেলিকম বজাৰত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিব পাৰে।

মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
এচিডিটিৰ সমস্যা হোৱাৰ ৪ টা প্ৰধান কাৰণ, কেনেকৈ উপশম পাব ?
বৃক্কৰ পাথৰ হোৱাৰ আঁৰত লুকাই থকা শীৰ্ষ ৫টা কাৰণ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...