নতুন বাজেট কেনে হোৱা বিচাৰে আপুনি? কেন্দ্ৰীয় বিত্তমন্ত্ৰীক এইদৰে পোনপটীয়াকৈ জনাওক মত

দেশৰ বাজেটত কি কি অন্তর্ভুক্ত হ’ব লাগে, সেই কথা চৰকাৰক ক’বলৈ সুযোগ পালে কেনে হয়? নিশ্চিতভাৱে তেতিয়া অধিকাংশ লোকেই এই সুযোগৰ সদ্ব্যৱহাৰ কৰি চৰকাৰৰ ওচৰত নিজা মত প্ৰকাশ কৰিব। কেন্দ্ৰীয় চৰকাৰে এতিয়া আগন্তুক কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ বাবে তেনে এক সুযোগেই আনিছে।

নতুন বাজেট কেনে হোৱা বিচাৰে আপুনি? কেন্দ্ৰীয় বিত্তমন্ত্ৰীক এইদৰে পোনপটীয়াকৈ জনাওক মত

বাজেটৰ বাবে আপুনিও দিব পাৰিব পৰামৰ্শ

Published: 

22 Dec 2025 13:27 PM

প্ৰতি বছৰে সংসদত বাজেট দাখিলৰ সময়ত আমাৰ দৃষ্টি নিবদ্ধ থাকে টেলিভিচন বা মোবাইলৰ স্ক্ৰীণত। বাজেটে নতুনকৈ কোনো সকাহ বা সুযোগ কঢ়িয়াই আনিছে, সেয়া জানিবলৈ উদগ্ৰীৱ হৈ থাকোঁ। মনত তেনে এক আশাই সকলোৱে সাধাৰণতে পুহি ৰাখে। পিছে দেশৰ বাজেটত কি কি অন্তর্ভুক্ত হ’ব লাগে, সেই কথা চৰকাৰক ক’বলৈ সুযোগ পালে কেনে হয়? নিশ্চিতভাৱে তেতিয়া অধিকাংশ লোকেই এই সুযোগৰ সদ্ব্যৱহাৰ কৰি চৰকাৰৰ ওচৰত নিজা মত প্ৰকাশ কৰিব।

কেন্দ্ৰীয় চৰকাৰে এতিয়া আগন্তুক কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ বাবে তেনে এক সুযোগেই আনিছে। আগন্তুক বাজেটৰ বাবে এতিয়া জনসাধাৰণৰ কাষ চাপিছে কেন্দ্ৰীয় চৰকাৰ। সাধাৰণ নাগৰিকৰ কণ্ঠ অন্তৰ্ভুক্ত হ’লেহে উন্নয়নশীল ভাৰতৰ দৃষ্টিভংগী সলনি হ’ব বুলি চৰকাৰে মত পোষণ কৰিছে। ইয়াৰ বাবে বিত্ত মন্ত্ৰালয়ে নাগৰিকৰ পৰা পৰামৰ্শ বিচাৰিছে।

কিদৰে জনাব পাৰিব মতামত

দেশৰ প্ৰতিজন নাগৰিকক ‘MyGov’ প্লেটফৰ্মৰ জৰিয়তে আগবাঢ়ি আহি নিজৰ মতামত দাঙি ধৰিবলৈ চৰকাৰে আহ্বান জনাইছে। অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত এই সন্দৰ্ভত এক বিশেষ বাৰ্তা প্ৰকাশ কৰা হৈছে। আগন্তুক বাজেট জনমতৰ ওপৰত ভিত্তি কৰি হ’ব বুলি এই বাৰ্তাত স্পষ্টকৈ কোৱা হৈছে।

অহা বিত্তীয় বৰ্ষত কোনবোৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন, সেয়া চৰকাৰে জনসাধাৰণৰ পৰা জানিব বিচাৰিছে। পেছাদাৰী ক্ষেত্ৰত নিয়োজিত সকলৰ পৰা আৰম্ভ কৰি ছাত্ৰ-গৃহিণী সকলোৱে MyGov ৱেবছাইটলৈ গৈ এই সন্দৰ্ভত নিজা মতামত আগবঢ়াব পাৰে। চৰকাৰৰ ওচৰত আপোনাৰ মত প্ৰকাশ কৰিবলৈ আপুনি কেৱল মোবাইল বা কম্পিউটাৰত MyGov.in ৱেবছাইটটো খুলিব।

ইয়াৰ পিছত হোমপেজত আপুনি কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ পোষ্টাৰ বা লিংক দেখিবলৈ পাব। তাত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰক। এতিয়া চাইটত ওলোৱ কমেণ্ট বক্সত আপুনি শিক্ষা, কৰ, নিয়োগ, মুদ্ৰাস্ফীতি আদি যিকোনো বিষয়ত আপোনাৰ পৰামৰ্শ দিব পাৰিব। লগতে MyGov এপৰ পৰাও বিত্ত মন্ত্ৰালয়ৰ দলত মত প্ৰকাশ কৰিব পাৰে।

১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট

সংসদৰ পৰম্পৰা অনুসৰি ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰীয়ে দেশৰ বাৰ্ষিক বাজেট দাখিল কৰিব। আগন্তুক এই বাজেটৰ বাবে বিগত কিছুদিনৰ পৰা ব্যাপক প্ৰস্তুতি চলাইছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। বাজেটৰ পূৰ্বৰ পৰামৰ্শ প্ৰক্ৰিয়াৰ অধীনত তেওঁ দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ লগতে কৃষক সংগঠনৰ সৈতেও আলোচনাত মিলিত হোৱা দেখা গৈছে।

কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
জিভাত কিয় বাৰে বাৰে ঘাঁ হয়? কাৰণ জানক...
সঘনাই বমি ভাব, ভোক নলগা..এয়া কি ৰোগৰ লক্ষণ? জানক
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...