সোণৰ মূল্যই ১ লাখ ১০ হাজাৰ অতিক্ৰম কৰিলে, চ’ভেৰেন গোল্ড বণ্ড কিনিব নে নিকিনিব ? বিশেষজ্ঞৰ পৰা জানক…
সোণত বিনিয়োগ কৰিব বিচাৰিলে Sovereign Gold Bond বা SGB এটা জনপ্ৰিয় মাধ্যম। কিন্তু চৰকাৰে এতিয়া নতুন SGB জাৰি কৰা নাই। ফলত NSE বা BSE ৰ পৰা কিনিবলগীয়া হৈছে। ইয়াতেই আছে মূল সমস্যাটো।

আমেৰিকাৰ চাকৰিৰ বজাৰখন বেয়া। বৃদ্ধি পাইছে নিবনুৱা সমস্যা। আৰু এই তথ্য পোহৰলৈ অহাৰ পিছত বিশ্ব বজাৰত সোণৰ দাম বৃদ্ধি পাইছে। আমাৰ দেশত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ ১০ হাজাৰ অতিক্ৰম কৰিলে। এনে পৰিস্থিতিত এতিয়া সোণ কিনাকলৈ চিন্তিত সাধাৰণ বিনিয়োগকাৰী।
বিশেষজ্ঞসকলে কয় যে ,অতি সোনকালে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ আৰু অধিক হ্ৰাস কৰিব পাৰে। আৰু সেই আশাৰে দাম বাঢ়িছে সোণৰ। ইয়াৰ মূল্য ৩ হাজাৰ ৬৫০ হৈছে আৰু ইয়াৰ মূল্য অতি সোনকালে ৪ হাজাৰ ডলাৰ হোৱাৰ সম্ভাৱনা আছে।
কিন্তু ক’ত বিনিয়োগ কৰিব?
সোণত বিনিয়োগ কৰিব বিচাৰিলে Sovereign Gold Bond বা SGB এটা জনপ্ৰিয় মাধ্যম। কিন্তু চৰকাৰে এতিয়া নতুন SGB জাৰি কৰা নাই। ফলত NSE বা BSE ৰ পৰা কিনিবলগীয়া হৈছে। ইয়াতেই আছে মূল সমস্যাটো।
তথ্য অনুসৰি, ছেকেণ্ডাৰী মাৰ্কেটত চ’ভেৰেন গোল্ড বণ্ডৰ মূল্য প্ৰতি গ্ৰামত প্ৰায় ১১,৫০০ টকা। অৱশ্যে MCX ত সোণৰ ফিউচাৰ মূল্য প্ৰায় ১১ হাজাৰ টকা। অৰ্থাৎ বৰ্তমানৰ গোল্ডৰ মূল্যতকৈ অধিক ধন দি চ’ভেৰেন গোল্ড বণ্ড কিনিব লাগিব।
অৰ্থনীতি বিশেষজ্ঞ প্ৰথমেশ মালিয়াই কয়,বজাৰ মূল্যতকৈ অধিক মূল্যত SGB ক্ৰয় কৰাটো এই মুহূৰ্তত বুদ্ধিমানৰ কাম নহয়। ইয়াৰ ফলত আপোনাৰ লাভৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।
গতিকে আপুনি কি কৰা উচিত?
যদি আপোনাৰ লক্ষ্য দীৰ্ঘম্যাদী বিনিয়োগ, তেন্তে আপুনি চ’ভেৰেন গোল্ড বণ্ডৰ কথা ভাবিব পাৰে। কাৰণ ইয়াত আপুনি ২.৫ শতাংশ সুত আৰু কৰ ৰেহাই পাব। কিন্তু যদি আপুনি কম সময়ৰ বাবে বিনিয়োগ কৰে. তেন্তে Gold ETF বা মিউচুৱেল ফাণ্ড এটা ভাল বিকল্প হ’ব পাৰে।
মনত ৰাখিব যে, কিছুমান পুৰণি চ’ভেৰেন গোল্ড বণ্ড ছিৰিজৰ লিকুইডিটি বা বিক্ৰেতা বিচাৰি উলিওৱাত অসুবিধা হ’ব পাৰে। গতিকে এই অভিলেখ ভংগকাৰী সোণৰ বজাৰখনত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ বিশ্লেষণ কৰি চোৱাটো অতি প্ৰয়োজন।