হ্ৰাস পালে ৰন্ধন গেছৰ দাম, ১ মে’ৰ পৰা সলনি হোৱা ৭টা গুৰুত্বপূৰ্ণ নিয়ম জানক…
গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি পেট্ৰল-ডিজেললৈকে সকলোৰে দাম আজিৰ দিনটোতে নিৰ্ধাৰণ কৰা হয়। এইবোৰৰ বাহিৰেও আজি অৰ্থাৎ ১ মে’ৰ পৰা বহু আৰ্থিক পৰিৱৰ্তন ঘটিছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব।

Gas Cylinder
New Rules From 1st May: প্ৰতি মাহৰ প্ৰথম দিনাই চৰকাৰে বহু নিয়ম সলনি কৰে। গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি পেট্ৰল-ডিজেললৈকে সকলোৰে দাম আজিৰ দিনটোতে নিৰ্ধাৰণ কৰা হয়। এইবোৰৰ বাহিৰেও আজি অৰ্থাৎ ১ মে’ৰ পৰা বহু আৰ্থিক পৰিৱৰ্তন ঘটিছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব। সমগ্ৰ দেশতে সৰ্বাধিক খোৱা গাখীৰ আমূলৰ বাবেও গ্ৰাহকে খৰচ কৰিব লাগিব অধিক ধন। আজিৰ পৰা কোনবোৰ নিয়ম সলনি হৈছে সবিশেষ জানো আহক…
চিলিণ্ডাৰৰ দাম হ্ৰাস
প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰা হয়। দেশৰ চাৰিওখন মেট্ৰ’তে ঘৰুৱা গেছ চিলিণ্ডাৰৰ লগতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম সলনি হৈছে৷ বিশেষ কথাটো হ’ল দেশত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ৭ মাহৰ নিম্নতম অৰ্থাৎ ১৭০০ টকাৰ তললৈ নামি আহিছে। কিন্তু একেৰাহে দ্বিতীয় মাহৰ বাবে হ্ৰাস কৰা হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। আনহাতে যোৱা মাহৰ ৮ তাৰিখে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাইছিল। এই কথা ঘোষণা কৰিছে দেশৰ পেট্ৰলিয়াম মন্ত্ৰীয়ে। ১ মে’ত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ হাৰ ১৭ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে।
আমূল গাখীৰ ব্যয়বহুল
মাদাৰ ডেইৰী আৰু ভেৰকা ব্ৰেণ্ডৰ পিছতো সমগ্ৰ দেশতে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২ টকাকৈ বৃদ্ধি কৰিছে আমূলে। আজি পৰা অৰ্থাৎ ১ মে’ বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য।
এটিএমৰ লেনদেনত অধিক খৰচ
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা অনুসৰি এটিএমৰ পৰা নিৰ্ধাৰিত বিনামূলীয়া লেনদেনৰ সীমাৰ বাহিৰত কৰা প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে মাচুল ২০২৫ চনৰ ১ মে’ৰ পৰা ২১ৰ পৰা ২৩ টকালৈ বৃদ্ধি কৰা হৈছে।এই মাচুল বিত্তীয় আৰু অবিত্তীয় উভয় লেনদেনত প্ৰযোজ্য হ’ব। মেট্ৰ’ চহৰত বেংকৰ এটিএমৰ পৰা তিনিটা বিনামূলীয়া লেনদেন আৰু অ-মেট্ৰ’ এলেকাত ৫টা বিনামূলীয়া লেনদেন লাভ কৰে গ্ৰাহকে।
ৰে’লৱেৰ টিকট বুকিং নিয়মৰ পৰিৱৰ্তন
টিকট বুকিং প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে ভাৰতীয় ৰে’লৱেই। এতিয়া শ্লীপাৰ আৰু এচি কোচত বৈধ নহ’ব ৱেইটিং টিকট। সাধাৰণ ডবাতহে ৱেইটিং টিকটত যাত্ৰা সম্ভৱ হ’ব। ইয়াৰ উপৰিও আগতীয়াকৈ টিকট সংৰক্ষণৰ সময়সীমা ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে।
এটিএফ আৰু চিএনজি-পিএনজিৰ দামৰ পৰিৱৰ্তন
পেট্ৰলিয়াম বিপণন কোম্পানীসমূহে প্ৰতি মাহৰ আৰম্ভণিতে এয়াৰ টাৰ্বাইন ইন্ধন (এ টি এফ), কম্প্ৰেছড নেচাৰেল গেছ (চি এন জি) আৰু পাইপড নেচাৰেল গেছৰ (পি এন জি) হাৰ পৰ্যালোচনা কৰে। ২০২৫ চনৰ ১ মে’ৰ পৰা এই ইন্ধনৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিবহণ আৰু ঘৰুৱা ব্যৱহাৰত প্ৰভাৱ পৰিব পাৰে।
বেংকৰ সুতৰ হাৰৰ সম্ভাৱ্য পৰিৱৰ্তন
শেহতীয়াকৈ আৰ বি আইয়ে ৰেপো ৰেট কৰ্তন কৰাৰ পিছত বহু বেংকে ফিক্সড ডিপ’জিট (এফ ডি) আৰু চেভিংছ একাউণ্টৰ সুতৰ হাৰ সংশোধন কৰিছে। ২০২৫ চনৰ ১ মে’ৰ পৰা এই হাৰ আৰু অধিক সলনি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত বিনিয়োগকাৰী আৰু সঞ্চয়কাৰীসকলৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।
বেংকৰ ছুটীৰ তালিকা
বিভিন্ন উৎসৱ আৰু উইকেণ্ডৰ বাবে ২০২৫ চনৰ মে’ মাহত মুঠ ১২ দিনৰ বেংক ছুটী থাকিব। ইয়াৰ ভিতৰত শ্ৰমিক দিৱস, বুদ্ধ পূৰ্ণিমা, মহাৰাণ প্ৰতাপ জয়ন্তী, দেওবাৰ আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ। গ্ৰাহকসকলক এই বন্ধৰ দিনবোৰ মনত ৰাখি নিজৰ বেংকিং কাৰ্যকলাপৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।