নতুন বছৰৰ আৰম্ভণিতে বেয়া খবৰ! দেশজুৰি বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম…

আই অ’ চি এলৰ তথ্য অনুসৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। ২০২৩ চনৰ নৱেম্বৰৰ পিছত এইটো প্ৰথমবাৰৰ বাবে ১০০ টকাতকৈ অধিক বৃদ্ধি, আৰু ২০২৩ চনৰ অক্টোবৰৰ পিছত এইটোৱেই হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক বৃদ্ধি।

নতুন বছৰৰ আৰম্ভণিতে বেয়া খবৰ! দেশজুৰি বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম...

বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ দাম

Published: 

01 Jan 2026 08:20 AM

নতুন বছৰৰ প্ৰথমটো দিনতে আহিছে দামবৃদ্ধিৰ খবৰ। চৰকাৰে পাইপ প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস কৰাৰ বিপৰীতে গেছ চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ২৮ মাহৰ ভিতৰত এইটোৱেই হৈছে গেছ চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক বৃদ্ধি। অৰ্থাৎ ২০২৩ চনৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে এনে উল্লেখযোগ্য বৃদ্ধি হৈছিল। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত দেখা গৈছে এই দামবৃদ্ধি।

দেশৰ চাৰিখন মহানগৰৰ ভিতৰত তিনিখনত ১১১ বৃদ্ধি পোৱাৰ বিপৰীতে এখনত ১১০ টকা বৃদ্ধি পাইছে। ফলস্বৰূপে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য প্ৰায় ১৭০০ টকাত উপনীত হৈছে, যিটো ২০২৫ চনৰ জুন মাহৰ পিছত সৰ্বাধিক। ইফালে সমগ্ৰ দেশতে মূল্য প্ৰায় ১৮৫০ টকা ত উপনীত হৈছে। ইফালে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।

বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি

আই অ’ চি এলৰ তথ্য অনুসৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। ২০২৩ চনৰ নৱেম্বৰৰ পিছত এইটো প্ৰথমবাৰৰ বাবে ১০০ টকাতকৈ অধিক বৃদ্ধি, আৰু ২০২৩ চনৰ অক্টোবৰৰ পিছত এইটোৱেই হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক বৃদ্ধি।

মহানগৰ দিল্লী, কলকাতা, আৰু মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১১ টকা বৃদ্ধি পাইছে। ইয়াৰ পিছতে তিনিখন মহানগৰত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ক্ৰমে ১,৬৯১.৫০ টকা, ১,৭৯৫ টকা আৰু ১,৬৪২.৫০ টকালৈ বৃদ্ধি পাইছে। চেন্নাইত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১০ টকা বৃদ্ধি পাই ইয়াৰ মূল্য ১,৮৪৯.৫০ টকা হৈছে। একেদৰে গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১১ টকা বৃদ্ধি পায় ১,৮৮৬,৫০ টকা হৈছে।

ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য

আনহাতে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। আই অ’ চি এলৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৮৫৩ টকা, কলকাতাত ৮৭৯ টকা, মুম্বাইত ৮৫২.৫০ টকা, চেন্নাইত ৮৬৮.৫০ টকা আৰু গুৱাহাটীত ৯০২ টকা। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ শেষ পৰিৱৰ্তন ২০২৫ চনৰ এপ্ৰিল মাহত হৈছিল, যেতিয়া ঘৰুৱা গেছ কোম্পানীয়ে মূল্য ৫০ টকা বৃদ্ধি কৰিছিল।

ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...