লাভ কৰিব ভাৰতীয় সেনাক সহযোগ কৰাৰ সুযোগ ! চৰ্চাত BSNL ৰ এবছৰীয়া এই নতুন ৰিচাৰ্জ প্লেন…

১৪৯৯ টকাৰ এই ৰিচাৰ্জ প্লেনত BSNL য়ে ৫ শতাংশ অতিৰিক্ত বেনিফিট প্ৰদান কৰিছে। ৩৩৬ দিনীয়া এই প্লেনত প্ৰতিদিনে ১০০টা এছএমএছৰ লগতে আনলিমিটেড কল কৰা সুবিধা লাভ কৰিব । তদুপৰি এই প্লেনত লাভ কৰিব মুঠ ২৪ জিবি ডাটা । পিছে এই প্লেনত প্ৰদান কৰা ৫ শতাংশ বেনিফিট কি ?

লাভ কৰিব ভাৰতীয় সেনাক সহযোগ কৰাৰ সুযোগ ! চৰ্চাত BSNL ৰ এবছৰীয়া এই নতুন ৰিচাৰ্জ প্লেন...

Bsnl

Updated On: 

18 Jun 2025 14:36 PM

চৰকাৰী টেলিকম কোম্পানী BSNL ৰ নতুন ৰিচাৰ্জ প্লেন চৰ্চালৈ আহিছে। ১৪৯৯ টকাৰ এই ৰিচাৰ্জ প্লেনত BSNL য়ে ৫ শতাংশ অতিৰিক্ত বেনিফিট প্ৰদান কৰিছে। ৩৩৬ দিনীয়া এই প্লেনত প্ৰতিদিনে ১০০টা এছএমএছৰ লগতে আনলিমিটেড কল কৰা সুবিধা লাভ কৰিব । তদুপৰি এই প্লেনত লাভ কৰিব মুঠ ২৪ জিবি ডাটা । পিছে এই প্লেনত প্ৰদান কৰা ৫ শতাংশ বেনিফিট কি ?

এই ৰিচাৰ্জ প্লেনৰ জৰিয়তে ভাৰতীয় সেনাৰ কাষত থিয় দিয়াৰ সুযোগ দিছে BSNL য়ে । যিটো সেই অতিৰিক্ত ৫ শতাংশ বেনিফিটত অন্তৰ্ভুক্ত কৰা হৈছে। ৫ শতাংশ বেনিফিটৰ ভিতৰত ২.৫ শতাংশ সেনাক দিয়া হ’ব। বাকী ২.৫ শতাংশ এই চৰকাৰী টেলিকমিউনিকেচন কোম্পানীয়ে কেছবেক হিচাপে গ্ৰাহকক ঘূৰাই দিব। এই অফাৰটো ‘BSNL Shaurya Samarpan’ পদক্ষেপৰ অংশ।

BSNLৰ বাহিৰে দেশৰ আন কোনো টেলিকম কোম্পানীয়ে ১৫০০ টকাৰ তলত ৩৩৬ দিনৰ প্লেনৰ সুবিধা গ্ৰাহক দিয়া নাই। মুকেশ আম্বানীৰ জিঅ’ই ১৭৪৮ টকাত ৩৩৬ দিনৰ প্লেন প্ৰদান কৰে । অৱশ্যে সেই প্লেনত ইণ্টাৰনেট নাই। লগতে নাই দৈনিক ১০০ টেক্সট মেছেজৰ সুবিধাও । জিঅ’ই তেওঁলোকৰ প্লেনত মুঠ এছএমএছৰ সংখ্যা ৩৬০০ত সীমাবদ্ধ কৰিছে।

BSNLৰ আন এটা প্ৰতিযোগী ভোডাফোন আইডিয়াৰ ৩৬৫ দিনৰ প্লেন আছে। যাৰ দাম ১,৯৯৯ টকা। যদিও এই প্লেনত ২৪ জিবি ইণ্টাৰনেট আছে, তথাপিও ইয়াত ৩৬০০ এছএমএছ দিয়া হয়। আন এটা টেলিকম কোম্পানী এয়াৰটেলৰ ৩৬৫ দিনৰ কোনো সস্তীয়া ৰিচাৰ্জ প্লেন নাই।

ফেটি লিভাৰৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে জানো আহক
জামুৰ গুটি পেলাই দিয়ে নেকি? ঔষধতকৈ কোনো গুণে কম নহয় এই ফলৰ গুটি
শাৰীৰিক সম্পৰ্কত সমস্যাই দেখা দিছে নেকি? জানক ইয়াৰ কাৰণ...
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...