কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা, জানুৱাৰী মাহত একেৰাহে ৪ দিন বন্ধ থাকিব বেংক!

ধৰ্মঘটৰ পূৰ্বে একেৰাহে তিনি বেংক বন্ধ থাকিব। ফলস্বৰূপে একেৰাহে চাৰিদিন কামত ব্যাঘাত জন্মিব পাৰে। ইয়াৰ বাবে জনসাধাৰণৰ বেংকিং কাম সম্পূৰ্ণ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। কোন তাৰিখে বেংকে ধৰ্মঘট ঘোষণা কৰিছে আৰু তেওঁলোকৰ দাবী কি জানক।

কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা, জানুৱাৰী মাহত একেৰাহে ৪ দিন বন্ধ থাকিব বেংক!

বেংক কৰ্মচাৰীৰ ধৰ্মঘট

Published: 

05 Jan 2026 | 09:49 AM

যদি আপুনি জানুৱাৰী মাহৰ শেষ সপ্তাহত বেংকিং সম্পৰ্কীয় কোনো কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে দ্বিতীয় বা তৃতীয় সপ্তাহত সম্পূৰ্ণ কৰিব লাগে। অন্যথা অহা মাহলৈ অপেক্ষা কৰিব লাগিব পাৰে। কাৰণ বন্ধ ঘোষণা কৰিছে বেংকে। আনহাতে এদিনৰ বাবে ধৰ্মঘট হ’লেও, একেৰাহে তিনিদিন কামত ব্যাঘাত জন্মাব।

কাৰণ ধৰ্মঘটৰ পূৰ্বে একেৰাহে তিনি বেংক বন্ধ থাকিব। ফলস্বৰূপে একেৰাহে চাৰিদিন কামত ব্যাঘাত জন্মিব পাৰে। ইয়াৰ বাবে জনসাধাৰণৰ বেংকিং কাম সম্পূৰ্ণ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। কোন তাৰিখে বেংকে ধৰ্মঘট ঘোষণা কৰিছে আৰু তেওঁলোকৰ দাবী কি জানক।

একেৰাহে চাৰিদিন বন্ধ থাকিব বেংক

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়ন (ইউ এফ বি ইউ)ৰ নেতৃত্বত বেংক কৰ্মচাৰী সংঘই ২৭ জানুৱাৰীত দেশজুৰি ধৰ্মঘটৰ ভাবুকি দিছে। তেওঁলোকে পাঁচ দিনীয়া কৰ্ম সপ্তাহ কাৰ্যকৰী কৰাৰ দাবী জনাইছে। যদিহে এই ধৰ্মঘট হয় তেন্তে একেৰাহে চাৰিদিন ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পৰিব। ২৪ তাৰিখৰ চতুৰ্থ শনিবাৰে বন্ধৰ দিন, তাৰ পিছত ২৫ তাৰিখ দেওবাৰ, আৰু ২৬ জানুৱাৰী সোমবাৰে গণৰাজ্য দিৱস। সেয়ে ধৰ্মঘটৰ পূৰ্বে একেৰাহে তিনিদিন বেংক বন্ধ থাকিব। ২৭ তাৰিখে যদি এই ধৰ্মঘট হয় তেন্তে একেৰাহে চতুৰ্থ দিনৰ বাবে বেংকৰ কাম-কাজ ব্যাহত হ’ব।

 দাবী কি?

বৰ্তমান বেংকৰ কৰ্মচাৰীসকলক দেওবাৰৰ উপৰিও প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে ছুটী দিয়া হয়। ২০২৪ চনৰ মাৰ্চ মাহত মজুৰি পুনৰীক্ষণ চুক্তিৰ সময়ত বাকী দুটা শনিবাৰক বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ সন্মত হয় ভাৰতীয় বেংক সন্থা (আই বি এ) আৰু ইউ এফ বি ইউয়ে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিদিনে ৪০ মিনিট অতিৰিক্ত কামৰ চুক্তিবদ্ধ হোৱাৰ ফলত কামৰ সময় কোনো ধৰণৰ হ্ৰাস নহ’ব।

কিয় এই দাবী উত্থাপন কৰা হৈছে?

বিবৃতিটোত কোৱা হৈছে যে আৰ বি আই, এল আই চি, জি আই চি ইত্যাদি ইতিমধ্যে সপ্তাহত পাঁচ দিন কাম কৰি আছে, আৰু শনিবাৰে বৈদেশিক মুদ্ৰাৰ বজাৰ, মুদ্ৰা বজাৰ, ষ্টক এক্সচেঞ্জ বন্ধ হৈ থাকে। তদুপৰি শনিবাৰেও বন্ধ থাকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যালয়। সেয়েহে বিবৃতিটোত উল্লেখ কৰা হৈছে যে বেংকসমূহে পাঁচ দিনীয়া কৰ্ম সপ্তাহ কাৰ্যকৰী নকৰাৰ কোনো কাৰণ নাই।

বিবৃতিটোত আৰু কোৱা হৈছে যে ২০২৬ চনৰ ২৭ জানুৱাৰীত সকলো বেংকতে সৰ্বভাৰতীয় ধৰ্মঘট আহ্বান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।ইউ এফ বি ইউ হৈছে ভাৰতৰ ৯টা ডাঙৰ বেংক ইউনিয়নৰ সংগঠন। যিয়ে ৰাজহুৱা খণ্ডৰ বেংক আৰু কিছুমান পুৰণি ব্যক্তিগত বেংকৰ কৰ্মচাৰী আৰু বিষয়াক প্ৰতিনিধিত্ব কৰে। বিবৃতিটোত আৰু কোৱা হৈছে যে সংঘৰ ছ’চিয়েল মিডিয়া অভিযান #5DayBankingNow -এ ১৮,৮০,০২৭ টা ইম্প্ৰেছন আৰু এক্সত প্ৰায় ২,৮৫,২০০ পোষ্ট লাভ কৰিছে।

পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
যকৃত দুৰ্বল হৈ পৰাৰ ৫টা সাধাৰণ লক্ষণ কি, জানক...
প্ৰস্ৰাৱত বেছিকৈ ফেন আহে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে