৩০ হাজাৰ কোটিক লৈ যুঁজ! কোনে পাব কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামীৰ সম্পত্তি?

সোণা কমষ্টাৰৰ শ্বেয়াৰহোল্ডাৰ প্ৰাক্তন অধ্যক্ষ সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিক লৈ পত্নী প্ৰিয়া সচদেৱ কাপুৰ আৰু মাতৃ ৰাণী কাপুৰৰ মাজত বিভেদৰ সৃষ্টি হৈছে। সঞ্জয় কাপুৰ আছিল চলচ্চিত্ৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী।

৩০ হাজাৰ কোটিক লৈ যুঁজ! কোনে পাব কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামীৰ সম্পত্তি?

কোনে পাব কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামীৰ সম্পত্তি?

Published: 

26 Jul 2025 16:08 PM

কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত তেওঁৰ সম্পত্তিক লৈ বিবাদৰ সৃষ্টি হৈছে। মুখামুখি হৈছে তেওঁৰ তৃতীয় পত্নী প্ৰিয়া কাপুৰ আৰু মাতৃ ৰাণী কাপুৰ। সঞ্জয় কাপুৰ এজন ব্যৱসায়ী আছিল। এতিয়া তেওঁৰ মৃত্যুৰ পিছত প্ৰায় ৩০০০ কোটি টকাৰ সম্পত্তিক লৈ মাতৃ আৰু পত্নীৰ মাজত বিবাদ আৰম্ভ হৈছে। সম্পত্তিৰ ক্ষেত্ৰতো এই বিবাদৰ মূল হৈছে সঞ্জয় কাপুৰৰ হোল্ডিং কোম্পানী সোণা কমষ্টাৰৰ অংশীদাৰিত্বৰ বাবে।

সঞ্জয় কাপুৰৰ মাতৃ ৰাণী কাপুৰৰ অভিযোগ যে পুত্ৰৰ মৃত্যুৰ পিছত তেওঁৰ আৱেগিক অৱস্থাৰ সুযোগ লৈ তেওঁক কোম্পানীৰ পৰা বাহিৰ কৰি দিয়া হৈছে। লগতে বহু কাগজ-পত্ৰত স্বাক্ষৰ লোৱা হৈছে। উল্লেখ্য যে ১২ জুনত ইংলেণ্ডত প’ল’ মেচ খেলি থকাৰ সময়তে কৰিশ্মা কাপুৰৰ স্বামী সঞ্জয়ৰ মৃত্যু হয়। ইয়াৰ পিছত সঞ্জয়ৰ তৃতীয় পত্নী প্ৰিয়া সচদেৱ কাপুৰ আৰু তেওঁৰ মাতৃৰ মাজত সঞ্জয়ৰ অংশীদাৰিত্ব থকা সোণা কমষ্টাৰৰ অংশীদাৰিত্বক লৈ বিবাদ আৰম্ভ হয়।

প্ৰকৃততে সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ ৰাণী কাপুৰে ছ’মা কমষ্টাৰক অভিযোগ কৰিছিল যে কোম্পানীয়ে তেওঁৰ আৱেগিক অৱস্থাৰ সুযোগ লৈ তেওঁক বহু কাগজ-পত্ৰত চহী কৰাইছিল আৰু তেওঁক নিজৰ বেংক একাউণ্টত প্ৰৱেশৰ সুবিধা দিয়া হোৱা নাই।

কিন্তু কোম্পানীয়ে তেওঁৰ সকলো অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছতো তেওঁৰ মাতৃক কোনো ধৰণৰ নথি-পত্ৰত স্বাক্ষৰ কৰা হোৱা নাই বুলি জানিবলৈ দিছে। কোম্পানীটোৱে কয় যে ২০১৯ চনৰ পৰা ৰাণী কাপুৰ কোম্পানীটোৰ শ্বেয়াৰ হোল্ডাৰ বা সঞ্চালক নহয়।ইয়াৰ উপৰিও কোম্পানীটোৱে কয় যে এজিএমও সময়মতে অনুষ্ঠিত কৰা হৈছে যিটো কোম্পানীটোৰ নিয়মৰ ভিত্তিত লোৱা হৈছে। একে সময়তে কোম্পানীটোৱে এইটোও জনাইছে যে এজিএমৰ বৈঠকত সঞ্জয় কাপুৰৰ পত্নী প্ৰিয়া সচদেৱ কাপুৰক সোণা কমষ্টাৰৰ প্ৰমোটাৰ কোম্পানী অৰেয়াছ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডে ( Aureus Investments Pvt. Ltd. ) Non Executive সঞ্চালক হিচাপে নিযুক্তি দিয়ে।  যিটো ছেবিয়েও অনুমোদন জনাইছে।

সঞ্জয় কাপুৰৰ শ্বেয়াৰ হোল্ডিং কোম্পানী সোণা কমষ্টাৰৰ মূল্য ৩০ হাজাৰ কোটিতকৈও অধিক, আৰু এতিয়া ইয়াৰ অধিকাৰক লৈ তেওঁৰ পত্নী আৰু মাতৃৰ মাজত তীব্ৰ যুঁজ চলি আছে। ৰাণী কাপুৰে বিষয়টো সমাধানৰ বাবে ছেবিক আবেদন জনাইছে। একে সময়তে কোম্পানীটোৱে ৰাণী কাপুৰক শ্বেয়াৰহোল্ডাৰ বুলি স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

সঞ্জয় কাপুৰৰ নেট ৱৰ্থ

সঞ্জয় কাপুৰ আছিল এজন ডাঙৰ ব্যৱসায়ী। ফৰ্বছৰ প্ৰতিবেদন অনুসৰি সঞ্জয় কাপুৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০৩০০ কোটি (১.২ বিলিয়ন ডলাৰ)ৰ পৰা ১৩০০০ কোটি টকা, আনহাতে সোণা কমষ্টাৰৰ মূল্য ৩১০০০ কোটি টকা।

কৰিশ্মায়ো সম্পত্তি পাবনে?

কৰিশ্মা কাপুৰ আৰু সঞ্জয় কাপুৰৰ বিবাহ বিচ্ছেদ হৈছিল ২০১৬ চনত। তেওঁলোকৰ ২টা সন্তান আছে। কৰিশ্মা আৰু সঞ্জয়ৰ বিবাহ বিচ্ছেদ হৈছিল। তেতিয়াই দুয়োৰে মাজত নিষ্পত্তি হৈছিল। খবৰ অনুসৰি সঞ্জয়ে কৰিশ্মাক ঘৰ আৰু ৭০ কোটি টকা দিয়াৰ বিপৰীতে দুয়োটা শিশুৰ বাবে ১৪ কোটি টকাকৈ বণ্ড পূৰণ কৰে। শেহতীয়াকৈ সংঘটিত হোৱা সম্পত্তিৰ বিবাদত কৰিশ্মা কাপুৰে অংশ পোৱাৰ সম্ভাৱনা নাই।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক