মাহৰ প্ৰথমতেই ২৫.৫০ টকাকৈ হ্ৰাস ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

আজিৰে পৰা ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ'ব ১৮২৬ টকা । এবাৰতে প্ৰতিটো চিলিণ্ডাৰত ২৫.৫০ টকাকৈ কমোৱা হৈছে । ইয়াৰ পূৰ্বে পহিলা মে'ত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১৫ টকাকৈ হ্ৰাস কৰা হৈছিল ।

মাহৰ প্ৰথমতেই ২৫.৫০ টকাকৈ হ্ৰাস ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

প্ৰতীকী ছবি

Published: 

02 Jun 2025 14:35 PM

জুন মাহৰ আৰম্ভণিতে আহিল এটা ভাল খবৰ । এইবাৰ মাহেকীয়া খৰচৰ বাজেটত দুটকামান ৰাহী হ’ব আপোনাৰ । কিয়নো মাহৰ প্ৰথম দিনটোতে হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম । একেকোবেই ২৫.৫০ টকা হ্ৰাস ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । ইয়াৰ পূৰ্বে মে’ মাহতো ১৫ টকা হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য ।

প্ৰতিমাহৰ আৰম্ভনিতে অইল মাৰ্কেটিং কোম্পানীসমূহে আন্তৰ্জাতিক বজাৰত অপৰিশোধিত পেট্ৰ’লিয়ামৰ দাম পৰ্যালোচনা কৰে । সেই অনুসৰি দেশত নিৰ্ধাৰণ কৰা হয় ৰন্ধন গেছৰ মূল্য । এই মাহত অইল মাৰ্কেটিং কোম্পানীসমূহে পৰ্যালোচনাৰ অন্তত ১৯ কেজি এলপিজি চিলিণ্ডাৰৰ দাম হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সিদ্ধান্ত অনুসৰি আজিৰে পৰা ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’ব ১৮২৬ টকা । এবাৰতে প্ৰতিটো চিলিণ্ডাৰত ২৫.৫০ টকাকৈ কমোৱা হৈছে । ইয়াৰ পূৰ্বে পহিলা মে’ত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১৫ টকাকৈ হ্ৰাস কৰা হৈছিল ।

১৯ কেজি ওজনৰ গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস হ’লেও কিন্তু ১৪.২ কেজি ওজনৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা নাই । ১৪.২ কেজি ওজনৰ চিলিণ্ডাৰ সাধাৰণতে ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হয় । এই চিলিণ্ডাৰৰ দাম একেই আছে । বৰ্তমান প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে ৮৭৯ টকা । এমাহৰ ভিতৰত দুবাৰকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাসে ব্যৱসায়ীসকলক লাভান্বিত কৰিব ।

অৱসৰ ল’লে নেকি অক্ষৰ পেটেলে? ভাইৰেল ভিডিঅ’ই লগাইছে চাঞ্চল্য
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে পুৱা আৰু দুপৰীয়াৰ আহাৰত কি কি খাদ্য খাইছিল, জানেনে?
প্ৰস্ৰাৱ কৰিলে অধিক ফেন উঠে নেকি? জানক ই কি বেমাৰৰ লক্ষণ...
ভিটামিন E ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...