মৰণোত্তৰ পৰীক্ষা সম্পন্নঃ প্ৰাণৰ শিল্পীৰ অন্তিম বিদায়লৈ আৰু মাত্ৰ কেইটামান ক্ষণ

পুষ্প সজ্জিত বাহনেৰে তেওঁৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সৰুসজাই ষ্টেডিয়াম অভিমুখে লৈ অহা হৈছে। এই ক্ষণত প্ৰিয় শিল্পীগৰাকীক সংগ দিছে অসংখ্য লোকে।

মৰণোত্তৰ পৰীক্ষা সম্পন্নঃ প্ৰাণৰ শিল্পীৰ অন্তিম বিদায়লৈ আৰু মাত্ৰ কেইটামান ক্ষণ

জুবিন গাৰ্গ

Updated On: 

23 Sep 2025 09:53 AM

অসম-অসমীয়াৰ হৃদস্পন্দন স্বৰূপ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িক অৱস্থিতিৰ আজি অন্তিমটো দিন। আজিৰ পৰা অসমীয়া সমাজ-জীৱনৰ এক চিৰস্মৰণীয় ইতিহাসলৈ পৰিণত হ’ব হিয়াৰ আমঠু জুবিন গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকীৰ বিদায়ৰ এই অকল্পনীয় তথা অনাকাংক্ষিত ক্ষণলৈ মাজত আৰু মাত্ৰ কেইটামান ক্ষণ। কিছুপৰৰ পিছতে চিৰদিনলৈ অন্তিম শয়নত ঢলি পৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কিছুসময় পিছতে সোণাপুৰৰ শেষকৃত্য স্থলীলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ।

ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছত জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা উলিয়াই অনা হৈছে। পুষ্প সজ্জিত বাহনেৰে তেওঁৰ নশ্বৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সৰুসজাই ষ্টেডিয়াম অভিমুখে লৈ অহা হয়। এই ক্ষণত প্ৰিয় শিল্পীগৰাকীক সংগ দিছে অসংখ্য লোকে।

বাহনৰ চৌদিশে খোজ কাঢ়ি আগুৱাই যোৱা প্ৰতিজন লোকেই ‘জয় জুবিন দা’ শ্ল’গান আওৰাই ‘মায়াবিনী’ৰ কলি আওৰাই আকাশ বতাহ মুখৰিত কৰি তোলে। জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখন মূল প্ৰৱেশদ্বাৰেৰে সৰুসজাইৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়তো সম্পূৰ্ণ নিয়ম-শৃংখলা মানি চলি অলেখ লোকে শ্ৰদ্ধা প্ৰদৰ্শন কৰে প্ৰিয় শিল্পীজনলৈ।

এই সময়ছোৱাত সৰুসজাই ষ্টেডিয়ামৰ ভিতৰলৈ কোনো লোককে সোমাবলৈ দিয়া হোৱা নাই। কিছু মাঙ্গলিক নীতি-নিয়ম সম্পন্ন কৰাৰ পিছতে সৰুসজাইৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ সোণাপুৰ অভিমুখে লৈ যোৱা হৈছে। সৰুসজাইৰ পৰা সোণাপুৰলৈ বিস্তৃত পথছোৱাত অসংখ্য লোকে পথৰ দুয়োকাষে থিয় দি শ্ৰদ্ধা নিবেদিছে শিল্পীগৰাকীলৈ।

পত্নী গৰিমা শইকীয়া গাৰ্গ, ৰাহুল গৌতম শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা পুষ্প সজ্জিত বাহনত জুবিনৰ নশ্বৰ দেহৰ সৈতে শেষকৃত্য স্থানলৈ ৰাওনা হৈছে। ইতিমধ্যে সোণাপুৰৰ কমাৰকুছিত সাজু কৰি তোলা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলী।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!