Zubeen garg death reason: ছিজাৰ অহা নাছিল! কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত?

Zubeen garg death reason: জুবিন গাৰ্গৰ আকস্মিক মৃত্যুই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এতিয়াও জুবিনৰ পাৰ্থিৱ শৰীৰ অসম আহি পোৱা নাই। ইয়াৰ মাজতে কিন্তু জুবিনৰ মৃত্যুক লৈ বহু ৰহস্যৰ সৃষ্টি হৈছে। বিভিন্নজনে বহু অভিযোগ উত্থাপন কৰিছে।

Zubeen garg death reason: ছিজাৰ অহা নাছিল! কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত?

জুবিন গাৰ্গ

Published: 

20 Sep 2025 | 05:08 PM

জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য। ১৯ ছেপ্টেম্বৰত সূদূৰ ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লয় জুবিন গাৰ্গে। বৰ্তমান তাতেই আছে মৃতদেহ। এনে অৱস্থাত লাখ লাখ অনুৰাগীয়ে জুবিনৰ পাৰ্থিৱ শৰীৰটোত শেষবাৰৰ বাবে দেখা কৰিবলৈ অপেক্ষা কৰি আছে। সকলোৰে মাত্ৰ এটাই প্ৰশ্ন, কেতিয়া আহি পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা তথ্য অনুসৰি, আজি দিনৰ প্ৰায় ১১ মান বজাত ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। তাৰ পাছতে ভাৰতীয় দূতবাসৰ উপস্থিতিত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আন কেইজন বন্ধুৰ হাতত নশ্বৰ দেহ অৰ্পন কৰে। ইয়াৰ পাছতে সন্ধিয়া ছিংগাপুৰৰ পৰা দিল্লী অভিমুখে অহা এয়াৰ ইণ্ডিয়াৰ বিমানত লৈ অহা হ’ব জুবিনৰ নশ্বৰ দেহ।

জানিব পৰা মতে, জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদন পোহৰলৈ আহিছে। সেই অনুসৰি জুবিনৰ ছিজাৰৰ বাবে মৃত্যু হোৱা নাছিল। ছিজাৰৰ কোনো লক্ষণে নাছিল। আচলতে জুবিন গাৰ্গৰ পানীত পৰিহে মৃত্যু হৈছিল। অসমৰ বিভিন্ন সংবাদ মাধ্যমে এই দাবী কৰিছে যদিও এতিয়ালৈ আনুষ্ঠানিক ঘোষণা হোৱা নাই।

জুবিনৰ মৃত্যুৰ পাছতে এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে। এই মৃত্যু ৰহস্যজনক বুলি কৈ বহুতে বহু অভিযোগ উত্থাপন কৰিছে। একাংশৰ মতে, জুবিনৰ মৃত্যু অসমত খবৰ দিয়াক প্ৰায় ৭-৮ ঘন্টা আগতে হৈছিল। কিন্তু তাৰ পাছতো শ্যামকানু মহন্তই বৈঠকত ব্যস্ত আছিল। বহুতে কৈছে, জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ লুকুৱাবলৈ চেষ্টা কৰা হৈছে। ইতিমধ্যে জুবিনৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে অপৰাধমূলত তদন্ত আৰম্ভ কৰিছে। অসমত চিআইডিয়েও তদন্ত আৰম্ভ কৰিছে।

গতিকে তদন্তৰ অন্তত পোহৰলৈ আহিব প্ৰকৃততে জুবিনৰ সৈতে কি হৈছিল। ইয়াৰোপৰি এতিয়াও সম্পূৰ্ণ তথ্য আকাৰে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ অহা নাই। গতিকে আনুষ্ঠানিক ঘোষণা হোৱাৰ পাছত জানিব পৰা যাব জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

উল্লেখ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ ৰাওনা হৈছে। তাতেই তেওঁ জুবিনৰ নশ্বৰ দেহটো চমজি ল’ব। বিমান বন্দৰত প্ৰথমে মুখ্যমন্ত্ৰীয়ে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব আৰু পাছত ঘৰলৈ মৃতদেহটো লৈ আনিব। ইয়াৰ পাছত গুণমুগ্ধৰ বাবে ৰখা হ’ব জুবিনৰ মৃতদেহ।

 

অন্য খবৰ পঢ়কঃ Zubeen garg Tribute ceremony: ক’ত, কেতিয়া, কেনেকৈ জুবিনক জনাব পাৰিব শেষ শ্ৰদ্ধা? মুখ্যমন্ত্ৰীয়ে জনালে সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...