নিৰ্বাচন শেষ হোৱাৰ পাছতে জেলৰ পৰা ওলাব সিদ্ধাৰ্থ, শ্যামকানুঃ অখিল গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীয়ে সিদ্ধাৰ্থ, শৰ্মা, শ্যামকানু মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাক বচাবলৈ চেষ্টা কৰি আছে।

নিৰ্বাচন শেষ হোৱাৰ পাছতে জেলৰ পৰা ওলাব সিদ্ধাৰ্থ, শ্যামকানুঃ অখিল গগৈ

শ্যামকানু-সিদ্ধাৰ্থ

Published: 

04 Nov 2025 11:41 AM

জুবিন গাৰ্গ হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈৰ। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ মুখ্যমন্ত্ৰীয়ে তদন্তৰ নামত নাটক কৰি থকা বুলি কয় অখিল গগৈয়ে। লগতে কয়, নিৰ্বাচন শেষ হোৱাৰ পাছতে শ্যামকানু, সিদ্ধাৰ্থ জেলৰ পৰা ওলাই আহিব। এয়া কেৱল ভেকোভাওনা।

গগৈয়ে কয়, “জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু বুলি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক কৈছিল। পাপৰৰ লগত তুলনা কৰিছিল। এতিয়া দেখি আছো তদন্ত নাটকত পৰিণত হৈছে। তদন্ত ভেকোভাওনালৈ পৰিণত হৈছে। হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচোৱাৰ চেষ্টা কৰি আছে”।

তেওঁ আৰু কয়, “হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় নিদিয়ে। ন্যায় দিয়াৰ নাটক কৰিব। কাৰণ বহুত আছে। এটা কাৰণ হ’ল, যিসকল অভিযুক্ত জেলত আছে সেই সকলোবোৰ বিজেপিৰ সৈতে জড়িত। তদন্তকাৰী সংস্থাই বিভিন্নজনক তলব কৰিছে।  ছিংগাপুৰত নৰ্থইষ্ট ভেষ্টিভেলৰ আয়োজন কৰিছিল পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগে। কিন্তু এতিয়ালৈকে তেওঁক তলব কৰা হোৱা নাই”।

গগৈয়ে লগতে কয়, “সিদ্ধাৰ্থ নিজে এজন বিজেপিৰ সদস্য। তেওঁ অসম বিজেপি য়ুথৰ ইনচাৰ্জ আছিল। শ্যামকানু মহন্তৰ সৈতে হিমন্তৰ ঘনিষ্ঠ। ইয়াৰোপৰি হিমন্তৰ পত্নী ৰিনিকি ভূঞা শৰ্মা সেই অনুষ্ঠানলৈ গৈছিল বুলি অভিযোগ উত্থাপন হৈছে। আনকি তেওঁ জুবিনৰ মৃত্যুৰ পাছত ফেশ্বন শ্বো অনুষ্ঠিত কৰিছিল বুলি অভিযোগ উঠিছে”।

এই গোটেই তদন্ত নাটকত পৰিণত হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয়, দেখিবলৈ পাব যে আজিৰ দিনটোলৈ তদন্তকাৰী দলে জুবিনৰ মৃত্যু হোৱা সাগৰলৈ যোৱা নাই। ভিচাৰ ৰিপোৰ্টত জুবিনৰ শৰীৰত সাগৰৰ ডায়োটম নামৰ পদাৰ্থ সোমোৱা বুলি উল্লেখ আছিল। গতিকে সেই সাগৰলৈ যায় তদন্ত কৰাৰ প্ৰয়োজন আছিল। কিন্তু তদন্তকাৰী সংস্থাই মাত্ৰ এদিনৰ বাবে ছিংগাপুৰলৈ যায়। এইবোৰ তদন্ত আদালতৰ দ্বাৰা কৰিব লাগে কিন্তু সেয়াও কৰা নাই বুলি কয় গগৈ।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰি গগৈয়ে কয় যে, “মই ভাবো হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, পবিত্ৰ মাৰ্ঘেৰিটাক বচাব চেষ্টা কৰিছে। লগতে ৰিনিকিৰ নাম যাতে আঁতৰাব পাৰে তাৰ বাবে জুবিন গাৰ্গৰ তদন্ত নাটকলৈ পৰিণত কৰিছে”।

লগতে কয়, ”মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ছাৰ্জশ্বীট দাখিল কৰিব। কিন্তু  তাতকোনো তথ্য দাখিল নকৰে। নিৰ্বাচনলৈকে অভিযুক্তসকল যেনেতেনে জেলত থাকিব। কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছতে তেওঁলোকে জামিন লাভ কৰিব। তেতিয়া কেচো শেষ হ’ব আৰু সকলো একেবাৰে ওলাই আহিব”।

 

অন্য খবৰ পঢ়কঃ মহিলা বিশ্বকাপত জয়ী হৈ ভাৰতে লাভ কৰিলে ৯১ কোটি টকা, পাকিস্তানে কিমান পালে?

এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক
ডায়েবেটিছ, হৃদৰোগ...টোপনিৰ অভাৱৰ ফলত কি কি হ'ব পাৰে জানক...
কিডনী ষ্টোন হ'লে কি কৰিব? উপশম পোৱাৰ ঘৰুৱা উপায় জানক
ভাৰতৰ ১০০০ টকা এই দেশত হৈ পৰে ২ লাখৰ অধিক! জানক সকলো...