কঠোৰ CID, “ৰৈ ৰৈ বিনালে”ৰ পাইৰেচীৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ…

চি আই ডিৰ চাইবাৰ আৰক্ষীয়ে "ৰৈ ৰৈ বিনালে"ৰ পাইৰেচীৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা জানিব পৰা গৈছে। চিআইডি পিএছ গোচৰ নং ১২/২৫ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এই তিনিজন লোকক।

কঠোৰ CID, ৰৈ ৰৈ বিনালেৰ পাইৰেচীৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ...
Updated On: 

08 Dec 2025 | 06:24 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি “ৰৈ ৰৈ বিনালে”ৰ পাইৰেচীক লৈ অধিক সক্ৰিয় হৈ পৰিছে চাইবাৰ আৰক্ষী। শেহতীয়াকৈ চি আই ডিৰ চাইবাৰ আৰক্ষীয়ে “ৰৈ ৰৈ বিনালে”ৰ পাইৰেচীৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা জানিব পৰা গৈছে। চিআইডি পিএছ গোচৰ নং ১২/২৫ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এই তিনিজন লোকক।

ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে দাখিল কৰা আনুষ্ঠানিক অভিযোগৰ ভিত্তিত ৰুজু কৰা হৈছিল এই গোচৰটো। শ্যামন্তক গৌতমে দাখিল কৰা এজাহাৰৰ ভিত্তিত চি আই ডিয়ে তদন্ত আৰম্ভ কৰিছল। ইয়াৰ অংশ হিচাপে চি আই ডিয়ে পাইৰেটেড কন্টেন্ট অনলাইনত শ্বেয়াৰ কৰাৰ বাবে দায়ী বুলি অভিযোগ উত্থাপন কৰা তিনিজন ব্যক্তিক চিনাক্ত কৰে।

কাৰিকৰী লিড আৰু উৎসৰ তথ্যৰ ভিত্তিত চি আই ডিয়ে ২০২৫ চনৰ ২০ নৱেম্বৰত কোকৰাঝাৰৰ পৰা অভিযুক্ত ৰফিদুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুজন অভিযুক্ত মোঃ ছাদ্দাম হুছেইন আৰু মৌছাম গগৈক ক্ৰমে ২০২৫ চনৰ ৬ আৰু ৭ ডিচেম্বৰত কৰ্ণাটক বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰে। পাইৰেচী নেটৱৰ্কৰ সৈতে অধিক ব্যক্তি বা গোট জড়িত নেকি সেইটো জানিবলৈ অধিক তদন্ত চলি আছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বেংগালুৰুত গ্ৰেপ্তাৰ কৰা দুই যুৱকক চি আই ডিৰ এটা দলে অসমলৈ লৈ আনিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, উক্ত গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ (বিএনএছ)ৰ ধাৰা ৩১৮(২), কপিৰাইট আইনৰ ধাৰা ৬৩/৬৫, আইটি আইনৰ ধাৰা ৬৬ আৰু পিছত বিএনএছৰ ধাৰা ৬১(২) আৰু চিনেমেট’গ্ৰাফৰ ধাৰা ৬এএ, ৬এবি, আৰু ৭ৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...