ছিংগাপুৰলৈ যোৱাৰ পৰা সাগৰত নমালৈকে…কি কি হৈছিল জুবিন গাৰ্গৰ সৈতে? সহযোগী শেখৰে দিলে বৰ্ণনা

বিতৰ্কৰ মাজতে এই ঘটনা সন্দৰ্ভত বাৰ্তালাপত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিনৰ লগতে ছিংগাপুৰলৈ যোৱা শেখৰ গোস্বামীয়ে। তেওঁ কয়, "দাদাই মোক কেতিয়াও এৰি নিদিলে। মৰাৰ পিছতো তেওঁ মোক এৰি দিয়া নাই। য'ত জুবিনদা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই  নাই।"

ছিংগাপুৰলৈ যোৱাৰ পৰা সাগৰত নমালৈকে...কি কি হৈছিল জুবিন গাৰ্গৰ সৈতে? সহযোগী শেখৰে দিলে বৰ্ণনা

জুবিন গাৰ্গ, শেখৰ গোস্বামী

Updated On: 

22 Sep 2025 11:57 AM

জুবিন আজি নাই। অসমীয়াক চিৰদিনলৈ বিদায় জনাই অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন। সৰুসজাইত আজি মাথোঁ বাজিছে জুবিনৰ গান। অশ্ৰু নিগৰাই অন্তিম বাৰলৈ প্ৰিয় শিল্পীগৰাকীৰ নিঠৰ দেহটো চাই সান্তনা লৈছে অনুৰাগীয়ে। এই বেদনাৰ হয়তো অন্ত নাই। আজি সৰুসজাইত  ৰাখি কাইলৈ পুৱা ৮ বজাত অন্তিম যাত্ৰা আৰম্ভ হ’ব সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ। ২৩ ছেপ্টেম্বৰত সোণাপুৰৰ  কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্য়োষ্টিক্ৰিয়া। তাৰ পিছত আৰু কেতিয়াও অসমীয়াই দেখা নাপাব জুবিন গাৰ্গ।

অসম-অসমীয়াৰ এই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতে বিশেষ কেইগৰাকীমান ব্যক্তিৰ ওপৰত পৰিলক্ষিত হৈছিল অনুৰাগীৰ ক্ষোভ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিনক ছিংগাপুৰলৈ নিয়াৰ পিছত শ্যামকানু মহন্তৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ তুলিছে ৰাজ্যবাসীয়ে। লগতে জনতাৰ ৰোষত পৰিছে জুবিন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ৰাজ্যজুৰি  দুয়োজনৰ বিৰুদ্ধে ৰুজু হৈছে অৰ্ধশতাধিক গোচৰ।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত তদন্ত ঘোষণা কৰিছে। এই বিতৰ্কৰ মাজতে এই ঘটনা সন্দৰ্ভত বাৰ্তালাপত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিনৰ লগতে ছিংগাপুৰলৈ যোৱা শেখৰ গোস্বামীয়ে। তেওঁ কয়, “দাদাই মোক কেতিয়াও এৰি নিদিলে। মৰাৰ পিছতো তেওঁ মোক এৰি দিয়া নাই। য’ত জুবিনদা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই  নাই। মই ৩ দিন নোখোৱাকৈ আছো , মই মৰি গ’লে মোৰ পৰিয়ালক কোনে ক’ব। তেওঁ কয়,  মোৰ দাদাৰ লগত ১৭  বছৰৰ সম্পৰ্ক। কিন্তু মই কেৱল মিউজিকৰ লগতহে জড়িত হৈ আছো। মই কেৱল ষ্টুডিঅ’ আৰু মঞ্চত থাকো।”

ভাইৰেল হোৱা হোৱাটছএপ মেছেজ সন্দৰ্ভত সোধা প্ৰশ্নত তেওঁ কয়, “সেয়া জুবিন ফেন ক্লাবৰ সভাপতিৰ সৈতে হোৱা কথা। তেওঁ কয়, ১৭ তাৰিখে জুবিনৰ লগত ছিংগাপুৰ গৈছিলো। ২০ তাৰিখে আমাৰ অনুষ্ঠান হৈছিল। গৈ পোৱাৰ দিনা আমি হোটেলতে আছিলো। পিছদিনা আমি এনেই ওলাই গৈছিলো। তাত মহিলা এজনীয়ে গান গাই আছিল। তাৰ দাদাই গান গাইছিল। দাদাই কোৱা বাবে মই ভিডিঅ’ কৰি অসমলৈ পঠিয়াছিলো। তালৈ আমি ৫ জন গৈছিলো। জুবিদা, মই, সিদ্ধাৰ্থ, সন্দীপন, আৰু এগৰাকী মহিলা গায়িকা।”

তেওঁ ক’লে, “দাদা হোটেলৰ কোঠাত অকলে আছিল। মোৰ লগত সিদ্ধাৰ্থ আছিল। পিছদিনাৰ বাবে এখন য়াট বুকু কৰা হৈছিল। আছাম এচ’চিয়েশ্যনৰ তন্ময় আৰু অভিমন্যু দাই আমাক নিব আহিছিল। আমি এখন গাডী বুক কৰি তালৈ লৈ গৈছিল। তাৰ পৰা ১০-১৫ মিনিট মান লাগিছিল। আমি ১.৩০ মানত গৈ পাইছিলো। আমি য়াটখনত উঠিলো। আধা ঘণ্টা/ ৪৫ মিনিটৰ পিছত আমি এখন ঠাই পালো। তাৰ কিছুমান নাও চলোৱা, সাঁতোৰা আদি কাৰ্য কৰিব পাৰি। ”

তেওঁ আকৌ কয়, “তাৰ পিছত আমি পানীত নামিছিলো। দাদাই প্ৰথমে লাইভ জেকেট আৰু তাৰ পিছত নিপিন্ধাকৈ পানীত নামিছিল। পিছৰ বাৰ নামোতে মই গম পোৱা নাছিল। তাৰ পিছত দাদা মোৰ ওচৰলৈ আহি আছিল। দাদাই ভালকৈ সাঁতুৰিব জানিছিল। মই নালাগে বুলি কৈছিলো, তেওঁ শুনা নাছিল। অৱশেষত কথা শুনি উভতি নাওলৈ গৈছিল। তাৰ পিছত দাদা ৰৈ গৈছিল। মই উঠাই দিছিলো। তেতিয়া দাদাৰ মুখে আৰু নাকেৰে বগা পানী ওলাইছিল। মই ভয় খাইছিলো। তাৰ পিছত তেওঁৰ অলপ বমি  হৈছিল। অলপ বিয়েৰৰ গোন্ধ ওলাইছিল।”

তেওঁ কয়, “মই তেওঁক ডাঙি ধৰিছিল। দাদা সজ্ঞাহীন হৈ পৰিছিল। মই চিঞৰি দিছিলো। ওচৰত থকা সন্দীপন আমাৰ ওচৰলৈ গৈছিল। তাৰ পিছত এখন নাওত উঠাই পাৰলৈ অনা হৈছিল। আমি পিছে পিছে আহি আছিলো। পাৰ আনি দাদাক চিপিআৰ দি হৈছিল। সন্দীপে মুখেৰে উশাহ দিছিল। মই ভৰি মালিচ কৰি আছিলো। তেনেকৈ আধা ঘণ্টা/ ৪৫ মিনিট তেনেকৈ কৈছিল।  তাৰ পিছত নাও এখন গৈ দাদাক আনিছিল। পাৰত গৈ অক্সিজেন দিয়া হৈছিল। দাদাৰ আঙুলী আৰু ওঁঠ নীলা হৈ গৈছিল।”

শেখৰে কয়, “তাৰ পিছত দাদাক হাস্পতাললৈ নিয়া হৈছিল। আমাক যাব নিদিলে। লগতে সিদ্ধাৰ্থ গৈছিল। আমি তাতে থাকিলে। আধা ঘণ্টা/ ৪৫ মিনিট পিছত সিদ্ধাৰ্থই ফোন কৰি ক’লে দাদা আৰু নাই।” প্ৰথম ভিডিঅ’টোত দাদাৰ একো নাছিল। তেওঁ পুনৰ উঠি আহিছিল। তেতিয়া মই পানীত নাছিলো। পিছত আকৌ তেওঁ জেকেট নিপিন্ধাকৈ পানীত নামি যায়।”

ছিজাৰ থকাৰ পিছতো কিয় দাদাক পানীত নামিবলৈ দিয়া সন্দৰ্ভত শেখৰে কয়, “মই এজন মিউজিচিয়ান। মেনেজমেণ্ট টীমে যি কয় সেয়াই কৰিব লাগে। মই তাত অকলে মিউজিচিয়ান। দাদা য’ত যায় তাতে মই গৈছো। দাদাই মোক পানীত নামিব দিছিল। মই আগতে সাগৰত নামি পোৱা নাছিলো। দাদা মানা কৰাৰ সাহস মোৰ নাই। মই কেৱল মিউজিকৰ বস্তুহে চাই। দাদা লগতে বডিগাৰ্ড যোৱা নাছিল। কিয় যোৱা নাছিল মই নাজানো।”

খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!