‘শেষ উশাহলৈকে মই যুঁজিম’- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত সহযোগী শেখৰ গোস্বামীয়ে ক’লে

Zubeen Garg death probe: আজি চিআইডিৰ কাৰ্যলয়ত হাজিৰ হোৱাৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হয় শেখৰজ্যোতি গোস্বামী। সাংবাদিক তেওঁ কয় যে গোপনীয়তাৰ খাতিৰত তদন্ত প্ৰক্ৰিয়া আৰু তেওঁক কি কি সোধা হৈছে সেই সন্দৰ্ভত কোনো তথ্য সদৰী কৰিব নোৱাৰে।

শেষ উশাহলৈকে মই যুঁজিম- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত সহযোগী শেখৰ গোস্বামীয়ে কলে

শেখৰজ্য়োতি গোস্বামী

Published: 

29 Sep 2025 14:43 PM

জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী। মঞ্চতেই হওক বা ষ্টুডিঅ’তেই হওক শেখৰক প্ৰায়েই জুবিন গাৰ্গৰ সৈতে দেখা যায়। শেখৰে নিজেই উল্লেখ কৰা মতে প্ৰায় ১৭ বছৰ ধৰি জুবিন গাৰ্গৰ সৈতে তেওঁ কাম কৰি আহিছে।

কিন্তু এতিয়া সেইজন শেখৰজ্য়োতি গোস্বামীও জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত হৈ পৰিছে। সোমবাৰে একে লেঠাৰিয়ে তৃতীয় দিনৰ বাবে চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে শেখৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অভাৱনীয় দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত শিল্পীগৰাকীৰ লগতেই আছিল শেখৰ। সেয়ে তেৱোঁ সন্দেহৰ বাহিৰত নহয়।

আজি চিআইডিৰ কাৰ্যলয়ত হাজিৰ হোৱাৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হয় শেখৰজ্যোতি গোস্বামী। সাংবাদিক তেওঁ কয় যে তদন্ত প্ৰক্ৰিয়া আৰু তেওঁক কি কি সোধা হৈছে সেই সন্দৰ্ভত কোনো তথ্য সদৰী কৰিব নোৱাৰে। কিয়নো এইসমূহ অতি গোপনীয় বিষয়। “তাত বহু বিষয়া আছে, প্ৰতিজনেই নিজ নিজ ধৰণে মোক প্ৰশ্ন কৰিছে। মোৰ লুকুৱাবলৈ একো নাই। তেওঁলোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিছোঁ।” শেখৰে কয়।

তদন্তৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি শেখৰ জ্যোতি গোস্বামীয়ে কয়, “মই কালিও আপোনালোকক সকলো কৈছোঁ। শৰীৰত শেষ বিন্দু তেজ থকালৈকে মই চৰকাৰ তথা এই তদন্তত সম্পূৰ্ণ সহযোগ কৰি যাম। যেতিয়াই তেওঁলোকে মোক বিচাৰে, মই ইয়াত হাজিৰ হ’ম। এছ আই টি, চি আই ডি বা চিবিআই যিয়েই তলব কৰে, য’লৈকে তলব কৰে মই যাম আৰু মোৰ মন্তব্য জনাম। শেষ উশাহলৈকে মই যুঁজিম। আমি জুবিন দাৰ ন্যায়ৰ বাবে যুঁজ দিম।”

শেখৰজ্যোতি গোস্বামীৰ উপৰিও জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ যোৱা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু অভিনেত্ৰী নিশিতা গোস্বামীকো তৃতীয় দিনৰ বাবে চিআইডিৰ কাৰ্যালয়লৈ তলব কৰা হৈছে।

উল্লেখ্য যে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সমুদ্ৰত নামি আনন্দ উপভোগ কৰাৰ সময়তেই শোকাৱহভাৱে মৃত্যুক সাৱটি লৈছিল জুবিন গাৰ্গে। ২১ তাৰিখে তেওঁৰ নশ্বৰ দেহ অসমলৈ অনা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে কেবাজনো ব্যক্তিক অভিযুক্ত কৰা হৈছে।

ইয়াৰ ভিতৰত অন্যতম শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিনৰ ভাতৃ তথা আৰক্ষী বিষয়া সান্দীপন গাৰ্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ লগতে ছিংগাপুৰ অসম এছ’চিয়েচনৰ কেইগৰাকীমান লোক। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন তথা ন্যায় প্ৰদানৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক দাবী উত্থাপন হোৱা দেখা গৈছে। জুবিন গাৰ্গৰ পৰিয়ালেও ন্যায়ৰ দাবী তুলি দাখিল কৰিছে এজাহাৰ।

বৃক্ক ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত চকুত কেনেধৰণৰ লক্ষণে দেখা দিয়ে...
বাৰে বাৰে আইনা ভঙা কিহৰ সংকেত? জানক বাস্তু শাস্ত্ৰৰ পৰা...
ধূমপান আৰু মদ্যপানে কলেষ্টেৰলত কেনে প্ৰভাৱ পেলায়? মূল স্বাস্থ্যজনিত বিপদসমূহ জানক
বৃক্ক বিকল হ'লে মহিলাৰ দেহত দেখা দিয়ে এই লক্ষণ, সবিশেষ...