Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুক লৈ তোলপাৰ ৰাজ্য, তাৰ মাজতে চচলত আমৰণ অনশনত বহিল অখিল গগৈ

Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুৰ উচিত বিচাৰৰ দাবীত চচলত আমৰণ অনশনত বহিল বিধায়ক অখিল গগৈ। ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদানৰ পাচতেই এই কাৰ্যসূচী আৰম্ভ কৰে বিধায়কগৰাকীয়ে।

Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুক লৈ তোলপাৰ ৰাজ্য, তাৰ মাজতে চচলত আমৰণ অনশনত বহিল অখিল গগৈ

অখিল গগৈৰ অনশন

Updated On: 

30 Sep 2025 | 04:42 PM

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কেতিয়া হ’ব? কেতিয়া উন্মোচিত হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য? যদি চৰ্চা হোৱাৰ দৰেই এয়া পৰিকল্পিত বা অৱহেলাৰ এক ঘটনা তেন্তে দোষীয়ে উচিত শাস্তি পাবনে? চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে? বৰ্তমান সময়ত ৰাজ্যত আটাইতকৈ চৰ্চিত হৈ থকা কেইটামান প্ৰশ্ন এয়া।

সামাজিক মাধ্যম ব্যৱহাৰকাৰী সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যম, ৰাজনীতিৰে জড়িত ব্যক্তি সকলোৰে মুখত এই একেটাই বিষয়ে স্থান পাইছে। জুবিন গাৰ্গৰ ন্যায় কেতিয়া? বিষয়টো এতিয়া কেৱল সামাজিক হৈ থকা নাই, কিছু পৰিমাণে ৰাজনৈতিকো হৈ পৰিছে। সাধাৰণ অৱস্থাত ইয়াৰ উমান ঠিক ধৰিব নোৱাৰিলেও, এইকেইদিন শাসক-বিৰোধী ৰাজনৈতিক দলৰ কথাবোৰ মন কৰিলেই সেয়া বুজা যায়।

লগতে পঢ়ক: ‘মই আছোঁ আহি থাকিম…’, জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত পাপন

জুবিন গাৰ্গক ন্যায় প্ৰদানত পলম, একাংশ অভিযুক্তৰ সৈতে চৰকাৰী পক্ষৰ সংযোগ, ন্যায়ৰ দাবীত প্ৰতিবাদ কৰা একাংশক গ্ৰেপ্তাৰ, অসমক নেপাল কৰিব খোজাৰ অভিযোগ আজি দেধাৰ অভিযোগ-প্ৰতি অভিযোগ দেখা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত। এই সময়তে ৰাইজৰ দলৰ বিধায়ক তথা অসমৰ ৰাজনীতিৰ সদা সৰৱ এক কণ্ঠ অখিল গগৈয়ে আজি গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।

কালি ঘোষণা কৰা মতেই আজি জুবিন গাৰ্গৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰে বিৰোধী নেতাগৰাকীয়ে। তাৰ পাচতেই তেওঁ গুৱাহাটীৰ চচলত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে। সাংবাদিকৰ আগত গগৈয়ে এই গোচৰত অভিযুক্ত তথা নাম সাঙোৰ খোৱা সকলোকে অতিশীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তোলে।

আৰক্ষী বিভাগক তীক্ষ্ণ সমালোচনা কৰি অখিল গগৈয়ে আঙুলিয়াই দিয়ে, “যেতিয়া সাধাৰণ চোৰকো এনকাউণ্টাৰ কৰা হয়, তেনে ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তক কিয় ফেচবুক লাইভ কৰিবলৈ বা দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰিবলৈ সুবিধা দিয়া হৈছে?”

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লগতে অভিযোগ কৰে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে এক বৃহৎ বিত্তীয় কেলেংকাৰী জড়িত হৈ আছে। তেওঁ লগতে দাবী কৰে যে বহু কেইগৰাকী ৰাজনৈতিক নেতাও ইয়াত জড়িত। প্ৰৱৰ্তক সঞ্চালকালয় (ED) ক এই ক্ষেত্ৰত এক অনুসন্ধান চলাবলৈও আহ্বান জনায় বিধায়ক গগৈয়ে।

অজয় ফুকন আৰু ভিক্টৰ দাসৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বিষয়টো উত্থাপন কৰি অখিল গগৈয়ে ৰাজ্যপালৰ পৰা তেওঁলোকক কি ভিত্তিত গ্ৰেপ্তাৰ কৰা হ’ল তাৰ কাৰণ জনাবলৈ দাবী তোলে। লগতে দুয়োকে শীঘ্ৰে মুকলি কৰি দিবলৈও দাবী জনায় তেওঁ।

নিজৰ অভিযোগ সন্দৰ্ভত আৰু অধিক যোৰ দি অখিল গগৈয়ে প্ৰশ্ন কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক পিছতেই তাত ৰিণিকি ভূঞা শৰ্মাৰ দ্বাৰা এক ফেশ্বন শ্ব’ আয়োজন কৰা হৈছিল নেকি? তেওঁলোকৰ ভূমিকা সন্দৰ্ভত ৰাজহুৱা কৰিবলৈ দাবী জনাইছে বিধায়ক গগৈয়ে।

জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰাটো দেশদ্ৰোহ হ’ব নোৱাৰে বুলি উল্লেখ কৰি গগৈয়ে কয়, “যদি এইটো দেশদ্ৰোহ হয়, তেন্তে প্ৰতিজন অসমীয়াই ইয়াৰ বাবে দোষী হৈ থিয় দিছে।”

ইয়াৰ পূৰ্বে গগৈয়ে ৰাইজৰ দলৰ সদস্যৰ সৈতে ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দাখিল কৰি গাৰ্গৰ মৃত্যুৰ ন্যায্য আৰু স্বচ্ছ তদন্তৰ দাবী জনায়।

ইফালে, সূত্ৰই জনোৱা মতে, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এইবাৰ দুৰ্গা পূজাৰ উৎসৱত অংশগ্ৰহণৰ পৰা বিৰত আছে আৰু ৩ অক্টোবৰত জন্মদিনো উদযাপন নকৰে। জুবিন গাৰ্গৰ মৃত্যুৰ এই শোকাৱহ পৰিৱেশৰ পৰিপ্ৰেক্ষিততেই তেওঁ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰতিবাদ অব্যাহত ৰখাৰ প্ৰতিজ্ঞা কৰি অখিল গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে নিজে চচললৈ আহি পোনপটীয়াকৈ ৰাইজক সম্বোধন নকৰালৈকে মই অনশনত থাকিম।” এতিয়া অখিল গগৈৰ এই অনশনৰ প্ৰতি চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে কি বা গুৰুত্ব দিয়ে নে নিদিয়ে সেয়া লক্ষণীয় হ’ব। ইতিমধ্যে অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিব খোজা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...