শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'মই আছোঁ আহি থাকিম...', জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত পাপন

‘মই আছোঁ আহি থাকিম…’, জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত পাপন

Trishna Kalita
Trishna Kalita | Published: 30 Sep 2025 15:40 PM

কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছে পাপন। জুবিনৰ বাসগৃহত উপস্থিত হৈ সকলো অনুষ্ঠান বাতিল কৰিছে বুলি মন্তব্য কৰে পাপনে। বৰ্ষাপাৰাত জুবিনৰ দুটা গীত গাব বুলি উল্লেখ কৰে পাপনে। 

জুবিন অবিহনে অসমীয়াই পাৰ কৰিলে ১২টা দিন। কাইলৈ জুবিনৰ আপোন চহৰ যোৰহাটত আদ্যশ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে ১৩ দিনীয়া মাঙ্গলিক অনুষ্ঠান।  আজি যোৰহাটলৈ ৰাওনা হৈছে জুবিন গাৰ্গৰ পৰিয়াল।কিছু সময়ৰ পাচতে যোৰহাটত উপস্থিত হ’ব জুবিন গাৰ্গৰ চিতাভষ্ম কঢ়িয়াই নিয়া বিশেষ বাহন।  যোৰহাট জিলা প্ৰশাসনে প্ৰায় সম্পূৰ্ণ কৰিছে সকলো প্ৰস্তুতি।

ইয়াৰ মাজতে আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান। বৰ্ষাপাৰাত গীত পৰিৱেশন কৰিবলৈ সাজু শ্ৰেয়া ঘোষাল। জুবিন গাৰ্গৰ স্মৃতিত গীত পৰিৱেশন কৰিব অংগৰাগ মহন্তই। তাৰ পূৰ্বে কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈছে পাপন। জুবিনৰ বাসগৃহত উপস্থিত হৈ সকলো অনুষ্ঠান বাতিল কৰিছে বুলি মন্তব্য কৰে পাপনে। বৰ্ষাপাৰাত জুবিনৰ দুটা গীত গাব বুলি উল্লেখ কৰে পাপনে।