Zubeen Garg Death Live Updates: অসম পালে সকলোৰে মৰমৰ জুবিন গাৰ্গৰ নশ্বৰদেহ

Assamese Singer Zubeen Garg Death News Live Updates: জুবিন গাৰ্গ আমাৰ মাজত নাই...অনুৰাগীক কন্দুৱাই নীৰৱে শুই পৰিল প্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিনক শেষবাৰৰ বাবে বিদায় দিবলৈ অনুৰাগীৰ ভিৰ।

Zubeen Garg Death Live Updates: অসম পালে সকলোৰে মৰমৰ জুবিন গাৰ্গৰ নশ্বৰদেহ
Updated On: 

21 Sep 2025 07:57 AM

LIVE NEWS & UPDATES

  • 21 Sep 2025 07:57 AM (IST)

    স্বৰ্গৰথত জুবিন, ৰাজপথত ভিৰ হাজাৰ হাজাৰ লোকৰ

    ৰাজপথত ভিৰ হাজাৰ হাজাৰ লোক। অশ্ৰুসিক্ত নয়নেৰে কাহিলিপাৰা বাসগৃহৰ সন্মুখত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ অনুৰাগীৰ।

  • 21 Sep 2025 07:20 AM (IST)

    গৃহ অভিমুখে জুবিন গাৰ্গ

    গৃহ অভিমুখে জুবিন গাৰ্গ। পুষ্পসজ্জিত বাহনেৰে বাসগৃহলৈ লৈ গৈছে বাসগৃহলৈ…মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে জুবিনৰ শেষ যাত্ৰাৰ ভিডিঅ’।

  • 21 Sep 2025 07:17 AM (IST)

    জুবিনক চাবলৈ বাট চাই ৰৈছে হাজাৰ হাজাৰ অনুৰাগী…

    পুষ্প সজ্জিত বাহনেৰে কাহিলীপাৰাৰ বাসগৃহলৈ লৈ গৈ আছে জুবিন গাৰ্গক। সৰুসজাইত আৰু জুবিনৰ বাসগৃহত জুবিনৰ অনুৰাগীৰ ভিৰ।

  • 21 Sep 2025 07:02 AM (IST)

    অসমী আইৰ কোলাত জুবিন

    জুবিন গাৰ্গে ঘৰমুখী যাত্ৰা আৰম্ভ। শোকত ভাগি পৰিছে অনুৰাগীসকল।

  • 21 Sep 2025 06:47 AM (IST)

    অসম আহি পালে জুবিনৰ নশ্বৰদেহ

    অসম আহি পালে জুবিনৰ নশ্বৰদেহ। বিমানবন্দৰত দেখা গৈছে জনসমূ্দ্ৰ।

  • 21 Sep 2025 06:30 AM (IST)

    পৰিয়ালৰ অনুমতিৰ পিছত নিয়া হ’ব সৰুসজাইলৈঃ বিমল বৰা

    পৰিয়ালে যিমান সময় বিচাৰে, সেই সময়ৰ বাবে জুবিনক ৰখা হ’ব পৰিয়ালৰ লগত। এই কথা জনালে মন্ত্ৰী বিমল বৰাই।

  • 21 Sep 2025 06:18 AM (IST)

    মায়াবিনী ৰাতিৰ বুকুত… গীতটিৰে দিল্পীত বিদায় জনাই মুখ্যমন্ত্ৰীয়ে

    এক অসহনীয় পৰিৱেশ, কোনেও কল্পনা কৰা নাছিল জুবিন গাৰ্গৰ অকাল বিয়োগৰ। দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটি গাই শ্ৰদ্ধাঞ্জলি জনায় জুবিন গাৰ্গক।

  • 21 Sep 2025 06:16 AM (IST)

    হাজাৰ হাজাৰ জনতাৰ নয়নৰ মণি জুবিন

    প্ৰকৃতি ভালপোৱা শিল্পীজনৰ নশ্বৰদেহ কিছুসময় পিছত আকাশমাৰ্গেৰে আহি পাব অসম। কলা কফিনত অনা হৈছে হিয়াৰ আমঠু জুবিনক।

  • 21 Sep 2025 05:39 AM (IST)

    জুবিনময় চৌদিশ… কাহিলীপাৰাৰ বাসগৃহত অনুৰাগীৰ ভিৰ

    জুবিনময় চৌদিশ… কাহিলীপাৰাৰ বাসগৃহত অনুৰাগীৰ ভিৰ। প্ৰশাসনৰ বাধাৰ পিছতো অনুৰাগীয়ে নিশাৰে পৰা অপেক্ষা কৰি আছে জুবিনক এবাৰ চাবলৈ।

  • 21 Sep 2025 05:29 AM (IST)

    পুৱা ৪.৩০ বজাত দিল্লীৰ পৰা উৰা মাৰিছে গুৱাহাটীলৈ

    দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাই জুবিনৰ মৃতদেহ আনি আছে অসমলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা। পুৱা ৪.৩০ বজাতহে দিল্লীৰ পৰা উৰা মাৰিছে গুৱাহাটীলৈ।

  • 21 Sep 2025 05:14 AM (IST)

    চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল

    ছিংগাপুৰৰ পৰা অনা কফিন জোখতকৈ ডাঙৰ হোৱাৰ বাবে চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল। বৰ্তমান Air India Express flight IX 1197ৰে আনি আছে জুবিনক।

আজি অসম আহি পাব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। আজি সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ অনা হৈছে নশ্বৰদেহ। শেষবাৰলৈ সকলোৰে মৰমৰ জুবিনক চাবলৈ অপেক্ষা কৰিছে সকলোৱে। সৰুসজাইত প্ৰৱেশ কৰিব নোৱাৰিব কোনো যান-বাহন। সকলো অনুৰাগীক আইন-শৃংখলা মানি চলিবলৈ আহ্বান। আজি পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

 

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক