Zubeen Garg Death Live Updates: ২৩ ছেপ্টেম্বৰত হ’ব জুবিন গাৰ্গৰ শেষকৃত্য, জনালে মুখ্যমন্ত্ৰীয়ে

Assamese Singer Zubeen Garg Death News Live Updates: জুবিন গাৰ্গ আমাৰ মাজত নাই...অনুৰাগীক কন্দুৱাই নীৰৱে শুই পৰিল প্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিনক শেষবাৰৰ বাবে বিদায় দিবলৈ অনুৰাগীৰ ভিৰ।

Zubeen Garg Death Live Updates: ২৩ ছেপ্টেম্বৰত হব জুবিন গাৰ্গৰ শেষকৃত্য, জনালে মুখ্যমন্ত্ৰীয়ে
Edited By: 

Monjit Dutta | Updated On: 21 Sep 2025 | 11:17 PM

সৰুসজাইত ৰখা হৈছে অমসীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ। অগণন গুণমুগ্ধই শ্ৰদ্ধা নিবেদন কৰিছে প্ৰিয় শিল্পীগৰাকীক। অনুৰাগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজি ওৰে নিশা শ্ৰদ্ধা নিবেদন অনুষ্ঠান অব্য়াহত থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনসমুদ্ৰত পৰিণত হৈছে সৰুসজাই।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 21 Sep 2025 11:08 PM (IST)

    সৰুসজাইত এতিয়াও জনস্ৰোত

    প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাবলৈ সৰুসজাইত এতিয়াও অব্যাহত আছে জনস্ৰোত। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অসমীয়াৰ হৃদয়ত জোৱাৰ তুলি অহা প্ৰাণৰ শিল্পীগৰাকীৰ এই শেষ যাত্ৰাত সংগ দিয়াৰ মানসেৰে নিশাৰ সময়তো সৰুসজাইত দেখা গৈছে ব্যাপক সমাগম।

  • 21 Sep 2025 08:47 PM (IST)

    পানীত ডুবি মৃত্যু হৈছিল জুবিনৰ…

    সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ছিংগাপুৰৰ পৰা দিয়া মৃত্যুৰ প্ৰমাণ পত্ৰ অনুসৰি, জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবাৰ ফলত হৈছে। অৱশ্যে এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয় বুলি কয় শৰ্মাই। ইয়াৰ পাছতে এতিয়া জুবিনৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে।


  • 21 Sep 2025 08:17 PM (IST)

    ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ অন্তিম যাত্ৰা

    জুবিন গাৰ্গৰ সমাধিস্থল ক’ত হ’ব আৰু তেওঁৰ শেষকৃত্য কেতিয়া সম্পন্ন হ’ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে। যিহেতু বহু লোকে জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে আগ্ৰহী, গতিকে কাইলৈও জুবিন গাৰ্গক সৰুসজাইত ৰখা হ’ব। ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অন্তিম যাত্ৰা। ৰাজ্য়িক শোক ২৩ তাৰিখলৈকে সম্প্ৰসাৰণ কৰা হৈছে। চৰকাৰী অনুষ্ঠানৰ তাৰিখ সলনি হ’ব। জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে ৰাজ্য চৰকাৰে দুটা স্থান বাচি উলিয়াইছে। জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গক গুৱাহাটীৰ আশে-পাশেই ৰখাটো বিচাৰে পৰিয়ালে।

  • 21 Sep 2025 06:20 PM (IST)

    সোণাপুৰৰ কমাৰকুছি হ’ব জুবিন গাৰ্গৰ অন্তিম স্থান

    সোণাপুৰতেই শেষ শয়ন হ’ব জুবিন গাৰ্গৰ। পত্নী গৰিমা শইকীয়া গাৰ্গৰ ইচ্ছা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ। সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰথম প্লটত ১০ বিঘা মাটি অধিগ্ৰহণ। ইয়াতেই নিৰ্মাণ কৰা হ’ব সমাধিক্ষেত্ৰ। সমবাদমেলত জনালে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

  • 21 Sep 2025 05:42 PM (IST)

    জুবিনক লৈ BCCI ৰ সিদ্ধান্ত…

    বিচিচিআইৰ সচিব দেৱজিত শইকীয়াই কয় যে,  ৩০ ছেপ্টেম্বৰত হ’বলগীয়া খেলৰ পূৰ্বে ৪০ মিনিট সময় প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হ’ব।অসম ক্ৰিকেট এছোচিয়েশ্যন আৰু বিচিচিআইয়ে জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। জুবিনৰ স্মৃতিত ৪০ মিনিটৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ’ব। সম্ভৱতঃ ক্ৰিকেট জগখনে তেওঁক দিব পৰা এয়া হ’ব সবাতোকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি।

  • 21 Sep 2025 05:02 PM (IST)

    জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ চেম্বাৰ্ছ অৱ কমাৰ্চৰ

    জুবিন গাৰ্গৰ অকাল মৃত্যু শোক প্ৰকাশ কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চৰ। এক শোকবাৰ্তাত তেওঁলোকে অধ্যক্ষ মহাবীৰ জৈনে কয়, “জুবিন গাৰ্গৰ অকাল বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁ সংগীতেৰে আমাক মোহিত কৰা এজন অসাধাৰণ শিল্পীয়েই নহয়, তেওঁৰ সৰলতা আৰু মমতাৰে অগণন মানুহক অনুপ্ৰাণিত কৰা এক নম্ৰ আত্মাও আছিল। তেখেতৰ বিয়োগ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেখেতৰ পৰিয়াল, প্ৰশংসক আৰু অগণন শুভাকাংক্ষীলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ পবিত্ৰ আত্মাই চিৰশান্তি লাভ কৰক।”

  • 21 Sep 2025 04:24 PM (IST)

    আজি ওৰে নিশা জুবিন গাৰ্গক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি

    অনুৰাগীৰ আশাৰ প্ৰতি লক্ষ্য ৰাখি আজি গোটেই নিশা খোলা থাকিব সৰুসজাই ষ্টেডিয়াম। জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব অনুৰাগীয়ে । জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • 21 Sep 2025 02:47 PM (IST)

    জিৰণি ল’বলৈ ছিংগাপুৰলৈ গৈছিল জুবিন : শ্যামকানু মহন্ত

    মূলতঃ জিৰণি ল’বলৈ আৰু অসম সমাজৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। কেৱল নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা নাছিল জুবিন গাৰ্গ। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱাৰ এক সাক্ষাৎকাৰত স্পষ্টীকৰণ দিছে নৰ্থ ইষ্ট ফেষ্টিভেল মুখ্য আয়োজক শ্যামকানু মহন্তই।

  • 21 Sep 2025 01:59 PM (IST)

    সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

    সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। উত্তৰ-পূব জনজাতীয় সংগ্ৰহালয়ৰ কাষত স্থান পৰিদৰ্শন। পৰিয়ালৰ ইচ্ছা- গুৱাহাটীৰ আশে-পাশে হওক জুবিনৰ সমাধি।

  • 21 Sep 2025 01:36 PM (IST)

    জুবিনক চাবলৈ অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী Chowna Mein আহে

    জুবিনক চাবলৈ অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী Chowna Mein আহে। গুৱাহাটীত শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহত ৰাজ্যখনৰ হকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ উপস্থিত হয়।

  • 21 Sep 2025 01:14 PM (IST)

    কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ নশ্বৰ দেহ

    কাহিলিপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ নশ্বৰ দেহ।
  • 21 Sep 2025 12:58 PM (IST)

    কিছুসময় পাছত জুবিন গাৰ্গে পাব নিজৰ বাসগৃহ

    কিছুসময় পাছত জুবিন গাৰ্গে পাব নিজৰ কাহিলিপাৰাত স্থিত বাসগৃহ। অজস্ৰ গুণমুগ্ধৰ মাজেৰে লখৰাত উপস্থিত হৈছে জুবিনৰ পুস্পসজ্জিত বাহন। অনুৰাগীৰ মুখত জয় জুবিনদা ধ্বনি

  • 21 Sep 2025 12:20 PM (IST)

    অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় অজস্ৰ গুণমুগ্ধৰ

    অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় অজস্ৰ গুণমুগ্ধৰ। সামাজিক মাধ্যমত মন্ত্ৰী বিমল বৰাই শ্বেয়াৰ কৰিলে পোষ্ট।

  • 21 Sep 2025 11:18 AM (IST)

    সৰুসজাইত ভিৰৰ মাজত অচেতন বহু লোক

    কেতিয়াও উভতি নাহে জুবিন… কান্দোনত ভাগি পৰিছে হাজাৰ হাজৰ জুবিন অনুৰাগী। সৰুসজাইত ভিৰৰ মাজত অচেতন বহু লোক।

  • 21 Sep 2025 10:40 AM (IST)

    সোণাপুৰত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য

    সূত্ৰৰ খবৰ অনুসৰি, সোণাপুৰ কুমাৰকুছিৰ হাতীমূৰাত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য। পুৱা ভাগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই সেই স্থান পৰিদৰ্শন কৰিছিল। ইয়াৰ পাছত সেই স্থান শেষকৃত্যৰ বাবে নিশ্চিত কৰা বুলি জানিব পৰা গৈছে। ইফালে, জুবিনৰ পৰিয়ালেও সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

  • 21 Sep 2025 10:15 AM (IST)

    জুবিন গাৰ্গৰ মৃত্যুত মানস ৰবীনৰ শোকপ্ৰকাশ

    জুবিন গাৰ্গৰ মৃত্যুত মানস ৰবীনৰ শোকপ্ৰকাশ। সামাজিক মাধ্যমত দিলে বিশেষ পোষ্ট।

  • 21 Sep 2025 09:40 AM (IST)

    সিদ্ধাৰ্থ শর্মা, শেখৰ গোস্বামী আৰু সন্দীপন গাৰ্গ ক’ত ?

    জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা সিদ্ধাৰ্থ শর্মা, শেখৰ গোস্বামী আৰু সন্দীপন গাৰ্গ অহা নাই অসমলৈ।

  • 21 Sep 2025 09:38 AM (IST)

    কাহিলীপাৰাত উপস্থিত অখিল গগৈ

    কাহিলীপাৰা জুবিনৰ বাসগৃহত উপস্থিত বিধায়ক অখিল গগৈৰ। উপস্থিত হাজাৰ হাজাৰ অনুৰাগী।

  • 21 Sep 2025 09:23 AM (IST)

    কান্দোনত ভাগি পৰিল আৰক্ষী

    কান্দি কান্দি জুবিনৰ শেষ যাত্ৰাত সহযোগ এজন আৰক্ষী জোৱানৰ।

    কান্দোনত ভাগি পৰিল আৰক্ষী

  • 21 Sep 2025 08:51 AM (IST)

    এবাৰ প্ৰাণ ভৰি চোৱাৰ হেঁপাহ ইউকেলিপটাছৰ দৰে ওখ জুবিনক

    গুৱাহাটী বিমান বন্দৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহ অভিমুখে  লৈ অনা হৈছে জুবিন গাৰ্গক। পথৰ দুয়োকাষে সষ্টি হৈছে জনসমুদ্ৰৰ। পাৰ ভাঙি ওলাই আহিছে শত-সহস্ৰ অনুৰাগী, এবাৰ জুবিন গাৰ্গক চাবলৈ। একাঁজলি শ্ৰদ্ধা জনাবলৈ। কাহিলীপাৰাৰ পৰা জুবিন গাৰ্গক লৈ যোৱা হ’ব সৰুসজাইলৈ। তাতেই সকলোৱে জনাব পাৰিব শ্ৰদ্ধা।

  • 21 Sep 2025 08:42 AM (IST)

    বিদায় জুবিন…

    কোনেও আশা নকৰা এই দৃশ্য। কেতিয়াও এই সময় পুনৰ ঘূৰি নাহে।

  • 21 Sep 2025 08:29 AM (IST)

    কান্দোনত ভাঙি পৰিছে জুবিন গাৰ্গৰ পত্নী

    স্বামী জুবিন গাৰ্গক হেৰুৱাৰ বিয়োগত কান্দোনত ভাগি পৰিছে গৰিমা শইকীয়া গাৰ্গ।

  • 21 Sep 2025 07:57 AM (IST)

    স্বৰ্গৰথত জুবিন, ৰাজপথত ভিৰ হাজাৰ হাজাৰ লোকৰ

    ৰাজপথত ভিৰ হাজাৰ হাজাৰ লোক। অশ্ৰুসিক্ত নয়নেৰে কাহিলিপাৰা বাসগৃহৰ সন্মুখত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ অনুৰাগীৰ।

  • 21 Sep 2025 07:20 AM (IST)

    গৃহ অভিমুখে জুবিন গাৰ্গ

    গৃহ অভিমুখে জুবিন গাৰ্গ। পুষ্পসজ্জিত বাহনেৰে বাসগৃহলৈ লৈ গৈছে বাসগৃহলৈ…মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে জুবিনৰ শেষ যাত্ৰাৰ ভিডিঅ’।

  • 21 Sep 2025 07:17 AM (IST)

    জুবিনক চাবলৈ বাট চাই ৰৈছে হাজাৰ হাজাৰ অনুৰাগী…

    পুষ্প সজ্জিত বাহনেৰে কাহিলীপাৰাৰ বাসগৃহলৈ লৈ গৈ আছে জুবিন গাৰ্গক। সৰুসজাইত আৰু জুবিনৰ বাসগৃহত জুবিনৰ অনুৰাগীৰ ভিৰ।

  • 21 Sep 2025 07:02 AM (IST)

    অসমী আইৰ কোলাত জুবিন

    জুবিন গাৰ্গে ঘৰমুখী যাত্ৰা আৰম্ভ। শোকত ভাগি পৰিছে অনুৰাগীসকল।

  • 21 Sep 2025 06:47 AM (IST)

    অসম আহি পালে জুবিনৰ নশ্বৰদেহ

    অসম আহি পালে জুবিনৰ নশ্বৰদেহ। বিমানবন্দৰত দেখা গৈছে জনসমূ্দ্ৰ।

  • 21 Sep 2025 06:30 AM (IST)

    পৰিয়ালৰ অনুমতিৰ পিছত নিয়া হ’ব সৰুসজাইলৈঃ বিমল বৰা

    পৰিয়ালে যিমান সময় বিচাৰে, সেই সময়ৰ বাবে জুবিনক ৰখা হ’ব পৰিয়ালৰ লগত। এই কথা জনালে মন্ত্ৰী বিমল বৰাই।

  • 21 Sep 2025 06:18 AM (IST)

    মায়াবিনী ৰাতিৰ বুকুত… গীতটিৰে দিল্পীত বিদায় জনাই মুখ্যমন্ত্ৰীয়ে

    এক অসহনীয় পৰিৱেশ, কোনেও কল্পনা কৰা নাছিল জুবিন গাৰ্গৰ অকাল বিয়োগৰ। দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটি গাই শ্ৰদ্ধাঞ্জলি জনায় জুবিন গাৰ্গক।

  • 21 Sep 2025 06:16 AM (IST)

    হাজাৰ হাজাৰ জনতাৰ নয়নৰ মণি জুবিন

    প্ৰকৃতি ভালপোৱা শিল্পীজনৰ নশ্বৰদেহ কিছুসময় পিছত আকাশমাৰ্গেৰে আহি পাব অসম। কলা কফিনত অনা হৈছে হিয়াৰ আমঠু জুবিনক।

  • 21 Sep 2025 05:39 AM (IST)

    জুবিনময় চৌদিশ… কাহিলীপাৰাৰ বাসগৃহত অনুৰাগীৰ ভিৰ

    জুবিনময় চৌদিশ… কাহিলীপাৰাৰ বাসগৃহত অনুৰাগীৰ ভিৰ। প্ৰশাসনৰ বাধাৰ পিছতো অনুৰাগীয়ে নিশাৰে পৰা অপেক্ষা কৰি আছে জুবিনক এবাৰ চাবলৈ।

  • 21 Sep 2025 05:29 AM (IST)

    পুৱা ৪.৩০ বজাত দিল্লীৰ পৰা উৰা মাৰিছে গুৱাহাটীলৈ

    দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাই জুবিনৰ মৃতদেহ আনি আছে অসমলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা। পুৱা ৪.৩০ বজাতহে দিল্লীৰ পৰা উৰা মাৰিছে গুৱাহাটীলৈ।

  • 21 Sep 2025 05:14 AM (IST)

    চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল

    ছিংগাপুৰৰ পৰা অনা কফিন জোখতকৈ ডাঙৰ হোৱাৰ বাবে চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল। বৰ্তমান Air India Express flight IX 1197ৰে আনি আছে জুবিনক।

  • 21 Sep 2025 01:15 AM (IST)

    জুবিনৰ কাহিলীপাৰাৰ বাসগৃহৰ সন্মূখত অজস্ৰ গুণমুগ্ধৰ ভিৰ

    শেষবাৰৰ বাবে কাহিলীপাৰাৰ বাসগৃহলৈ জুবিনৰ যাত্ৰা। ইতিমধ্যে লখৰা পাৰ হৈ কাহিলীপাৰাৰ পথত প্ৰৱেশ কৰিছে জুবিনৰ বাহন। কাহিলীপাৰাৰ বাসগৃহৰ সন্মূখত অজস্ৰ গুণমুগ্ধৰ ভিৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...