Zubeen Garg Last Video: অমৃতপ্ৰভাই কৰিছিল ডিলিট! SIT য়ে লাভ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ শেষৰটো ভিডিঅ’…

Zubeen Garg Last Video: অৱশেষত আৰক্ষীয়ে লাভ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ শেষৰটো ভিডিঅ'। অভিযোগ অনুসৰি সিদ্ধাৰ্থ শৰ্মাৰ কথামতে অমৃতপ্ৰভাই এই ভিডিঅ'টো ডিলিট কৰিছিল।

Zubeen Garg Last Video: অমৃতপ্ৰভাই কৰিছিল ডিলিট! SIT য়ে লাভ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ শেষৰটো ভিডিঅ...

জুবিন গাৰ্গ

Published: 

13 Oct 2025 | 04:52 PM

অৱশেষত এছ আই টিয়ে লাভ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ ভিডিঅ’টো। এই ভিডিঅ’টো ডিলিট কৰা হৈছিল যদিও আৰক্ষীৰ IT বিশেষজ্ঞই উদ্ধাৰ কৰে ভিডিঅ’সমূহ। অমৃতপ্ৰভা মহন্তৰ লগতে আৰু আন এটা মোবাইলত আছিল ভিডিঅ’সমূহ। সূত্ৰ অনুসৰি জানিব পৰা মতে, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে অমৃতপ্ৰভাই ভিডিঅ’সমূহ ডিলিট কৰিছিল। কিন্তু এতিয়া এই ভিডিঅ’সমূহ এছ আই টিয়ে উদ্ধাৰ কৰিছে। যাৰ পাছত জুবিনৰ মৃত্যুৰ পাক কিছু পৰিমাণে খোল খাব বুলি ক’ব পাৰি।

যোৱা ১৯ ছেপ্টেম্বৰত মৃত্যু হৈছিল হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ। য়াটৰ পৰা পানীত নামি সাঁতুৰি থকাৰ সময়তে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। সেই সময়ৰ বহু ভিডিঅ’পোহৰলৈ আহিছে যদিও আজিও সম্পূৰ্ণ ভিডিঅ’টো প্ৰকাশ পোৱা নাই। কোনো এটা চক্ৰই টুকুৰা টুকুৰকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছিল।

তেনেস্থলত সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিডিঅ’ৰ ওপৰত সন্দেহ কৰি আহিছিল। কিয় এই ভিডিঅ’ প্ৰকাশ হোৱা নাছিল তাক লৈ হৈছিল বহু সন্দেহ। ইয়াৰ মাজতে এছ আই টিয়ে তদন্ত কৰি জুবিন গাৰ্গৰ জীৱনৰ শেষ সময়ৰ ভিডিঅ’খিনি উদ্ধাৰ কৰে। যি ভিডিঅ’ অভিযুক্তসকলে ডিলিট কৰিছিল।

উদ্ধাৰ হোৱা এই ভিডিঅ’ই তদন্তকাৰী দলক বহু ক্লু দিয়াৰ সম্ভাৱনা আছে। ইয়াৰোপৰি ইয়াৰ পাছত এই ঘটনাই অন্য এক গতিও ল’ব পাৰে। এই ডিলিট হোৱা ভিডিঅ’সমূহত কি আছে এতিয়ালৈকে স্পষ্ট কথা পোহৰলৈ অহা নাই। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SDGP মুন্না প্ৰসাদ গুপ্তাই কয় যে, ঘটনা সন্দৰ্ভত তদন্ত চলি আছে। শীঘ্ৰেই আদালতত সকলো তথ্য দাখিল কৰা হ’ব। ইয়াৰোপৰি ঘটনাৰ তদন্ত কৰিবলৈ আৰক্ষীয়ে ছিংগাপুৰলৈ যোৱাৰ পৰামৰ্শ বিচৰা বুলিও কয় তেওঁ।

 

অন্য খবৰ পঢ়কঃ দ্বিতীয় পত্নীৰ অত্যাচাৰ! টকা নিদিয়া বাবে স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব