জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যাত্ৰা অহিংস প্ৰদ্ধতিৰে আগুৱাই নিব লাগিব: আছুৰ মুখ্য উপদেষ্টা

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ প্ৰথমে দাবী কৰে যে, সম্পূৰ্ণ অহিংস প্ৰক্ৰিয়াৰে হ'ব লাগিব জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যাত্ৰা।

জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যাত্ৰা অহিংস প্ৰদ্ধতিৰে আগুৱাই নিব লাগিব: আছুৰ মুখ্য উপদেষ্টা
Published: 

18 Oct 2025 | 08:04 PM

অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ প্ৰথমে দাবী কৰে যে, সম্পূৰ্ণ অহিংস প্ৰক্ৰিয়াৰে হ’ব লাগিব জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যাত্ৰা। মূল লক্ষ্য আৰু উদ্দেশ্যৰ পৰা কোনেও বিচলিত হ’ব নালাগিব বুলিও দাবী কৰে আছুৰ উপদেষ্টাগৰাকীয়ে।

তেওঁ কয়, “হিংসা প্ৰক্ৰিয়া অৱলম্বন কৰিলে জুবিন গাৰ্গক ন্য়ায় প্ৰদানৰ প্ৰক্ৰিয়া বিপথে যাব। হিংসাত্মক পৰিস্থিতিত চৰকাৰে আত্যাচাৰ আৰু দমনমূলক ৰাজত্ব চলাবলৈ সুযোগ পাব। চৰকাৰলৈ দাবী অহিংস আন্দোলনকাৰীৰ ওপৰত যাতে অত্যাচাৰ-আক্ৰমণ নচলে।”

“প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আমাৰ পদক্ষেপসমূহ অহিংস আৰু শান্তিপূৰ্ণ হ’ব লাগিব।” তদন্ত প্ৰক্ৰিয়াৰ ওপৰত ৰাইজক আস্থা ৰাখিবলৈ অনুৰোধ জনাই এইদৰে কয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই। তেওঁ লগতে দাবী কৰে যে, তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ আৰু পানী নসৰকা তদন্ত হ’ব লাগিব।

ইফালে, বাক্সাৰ লাঠি চালনা, শিলাবৰ্ষণ, গুলিচালনাৰ ঘটনাক ছাত্ৰ সন্থাই গৰিহণাৰ দিয়াৰ লগতে তদন্তৰ দাবী জনায়। আছু নেতাগৰাকীয়ে কয়,”জুবিন গাৰ্গে ন্যায় পাব লাগিব। দোষীয়ে শাস্তি পাব লাগিব।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...