শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত! চলোৱা হৈছে যাৱতীয় প্ৰস্তুতি…

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে কেইবাটাও গোচৰ। উল্লেখ্য যে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে একাংশ অনুৰাগী জাঙুৰ খাই উঠা দেখা গৈছে।

শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত! চলোৱা হৈছে যাৱতীয় প্ৰস্তুতি...

শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত!

Updated On: 

21 Sep 2025 13:29 PM

আজি অসম পালেহি অসমীয়াৰ বুকুৰ আপোন জুবিন গাৰ্গৰ নিঠৰ দেহ।  প্ৰথমে কাহিলিপাৰা বাসগৃহ ৰখা হ’ব জনতাৰ শিল্পী জুবিনৰ নশ্বৰদেহ। কাহিলিপাৰাৰ বাসগৃহ সন্মুখত অনুৰাগীয়ে ফুলেৰে সজাই তুলিছে পথ। তাৰ পিছত সৰুসজাইত জনতাৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। সৰুসজাই ষ্টেডিয়ামত কৰিছে লাখ লাখ অনুৰাগী ভিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীত উপস্থিত হৈছে লাখ লাখ অনুৰাগী।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে কেইবাটাও গোচৰ। উল্লেখ্য যে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে একাংশ অনুৰাগী জাঙুৰ খাই উঠা দেখা গৈছে। ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে। আয়োজক শ্যামকানু মহন্ত আৰু তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ অনুৰাগীৰ।

তাৰ পিছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেজেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ চি আই ডিলৈ স্থানান্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

ইফালে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত। জানিব পৰা মতে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে। শ্যামকানু মহন্তক বহিঃৰাজ্যত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।  শ্যামকানুৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত ৰুজু হৈছে গোচৰ। তথ্য অনুসৰি, বৰ্তমান নতুন দিল্লীত আছে শ্যামকানু। শেহতীয়া মন্তব্য আৰু পূৰ্বৰ পোষ্টৰ মাজত মিল নথকাক লৈ সন্দেহ। সংবাদ সংস্থা PTIত কৰা শেহতীয়া এক মন্তব্যত কণ্ঠশিল্পী জুবিন গাৰ্গ কেৱল নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাই নহয়, জিৰণি ল’বলৈহে ছিংগাপুৰলৈ গৈছিল বুলি কয় মুখ্য আয়োজক শ্যামকানু মহন্তই।

লগতে পঢ়ক: অসমীয়াৰ বাবে জুবিন গাৰ্গ কোন? এই দৃশ্যই কৈ গ’ল সকলো…

বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক