গুৱাহাটীত উপস্থিত হৈছে নেকি শ্যামকানু মহন্ত? বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা…

শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা। শ্যামকানু মহন্তৰ গুৱাহাটীৰ বাসগৃহলৈ যোৱা কাৰ্বি পথত মোতায়েন CPRF বাহিনী। বাসগৃহলৈ সোমাই যোৱাৰ পথত সাজু বৃহৎ ITBPৰ দল ইতিমধ্যেই চৰ্চালৈ আহিছে শ্যামকানু অসমলৈ উভতি অহাৰ খবৰ। যাৰ পিছত অধিক সন্দেহৰ মাজত সোমাই পৰিছে বিষয়টো। 

গুৱাহাটীত উপস্থিত হৈছে নেকি শ্যামকানু মহন্ত? বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা...

শ্যামকানু মহন্ত

Updated On: 

25 Sep 2025 13:00 PM

জুবিনৰ তদন্তক লৈ জ্বলিছে অসম। সামাজিক মাধ্যমত বিভিন্নজনক বিভিন্ন প্ৰতিক্ৰিয়া। ইয়াৰ মাজত চৰ্চিত হৈছে আন এক উদ্বেগজনক খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ ওলোৱাৰ পিছৰে পৰা  নিৰুদ্দেশ হৈ থকা  শ্যামকানু মহন্ত গুৱাহাটীত উপস্থিত হোৱাক হৈ আৰম্ভ হৈছে চৰ্চা। বুধবাৰে নিশা বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ খবৰ।  এয়াৰ ইণ্ডিয়া বিমানযোগে শ্যামকানুৰ উপস্থিত হোৱা সন্দেহ একাংশৰ।

শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। শ্যামকানু মহন্তৰ গুৱাহাটীৰ বাসগৃহলৈ যোৱা কাৰ্বি পথত মোতায়েন CPRF বাহিনী। বাসগৃহলৈ সোমাই যোৱাৰ পথত সাজু বৃহৎ ITBPৰ দল। ইতিমধ্যেই চৰ্চালৈ আহিছে শ্যামকানু অসমলৈ উভতি অহাৰ খবৰ। যাৰ পিছত অধিক সন্দেহৰ মাজত সোমাই পৰিছে বিষয়টো।

ইফালে সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, গুৱাহাটী আহি পাইছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। প্ৰকাশ পাইছে সিদ্ধাৰ্থ শৰ্মাৰ বিমানৰ টিকট। দিল্লীৰ পৰা ইণ্ডিগ’ বিমানেৰে গুৱাহাটীত উপস্থিত হৈছে সিদ্ধাৰ্থ শৰ্মা। 20D নম্বৰ আসনত বহি আহিছিল সিদ্ধাৰ্থ শৰ্মা।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,’মই নাভাবো যে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মা গুৱাহাটীত আছে। মই কথা কৈ থকালৈকে শ্যামকানু আৰু সিদ্ধার্থ গুৱাহাটীলৈ অহা নাই। উৰা বাতৰিত বিশ্বাস নকৰি ধৈৰ্য ধৰিব লাগিব। এটা প্ৰক্ৰিয়াৰ মাজেৰে ন্যায় হ’ব।’ ইফালে  শ্যামকানুক বিচাৰি বিভিন্ন স্থানত অভিযান তদন্তকাৰী দলৰ। মহন্তৰ সন্ধানত প্ৰায় ৩০-৩৫ জনীয়া CIDৰ দলৰ অভিযান। এতিয়া যিকোনো মুহূৰ্ততে শ্যামকানু মহন্ত গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰা হৈছে।

নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকক বিচাৰি উলিয়াবলৈ আৰক্ষী-প্ৰশাসনে প্ৰচেষ্টা তীব্ৰতৰ কৰি তোলাৰ সময়তে যোৱা ২৫ ছেপ্টেম্বৰত গীতনগৰত শ্যামকানু মহন্তৰ বাসগৃহৰ সমীপৰ ৰাজপথত টহল দিয়া দেখা গৈছে নিৰাপত্তা বাহিনীয়ে। ইতিমধ্যে মহন্ত আৰু তেওঁৰ সংশ্লিষ্ট সংগঠনসমূহক ৰাজ্যত কোনো ধৰণৰ অনুষ্ঠান আয়োজন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁৰ সৈতে জড়িত যিকোনো অনুষ্ঠানৰ পৰাও চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আৰ্থিক অনুদান, বিজ্ঞাপন, পৃষ্ঠপোষকতা আৰোপ কৰিব।

ইফালে এই সন্দৰ্ভত মুখ খুলিছে, অসম এছ’চিয়েশ্যন ছিংগাপুৰে। তেওঁলোকে কয় যে, গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজহুৱাভাৱে কোনো মন্তব্য দিব নোৱাৰে কিয়নো একাংশ সদস্যই তদন্তত সহযোগিতা আগবঢ়াইছে। লগতে কয়, “আমাৰ মৰমৰ জুবিন দাৰ অকাল বিয়োগত ছিংগাপুৰৰ সমগ্ৰ অসমীয়া জনগোষ্ঠীক গভীৰ শোকত ভাগি পৰিছে। তেখেতৰ পৰিয়াল আৰু অসম তথা ইয়াৰ বাহিৰত থকা আমাৰ সমাজলৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।”

লগতে পঢ়ক: জুবিনৰ মৃত্যুৰ তদন্ত কমিটীৰ পৰা আঁতৰিল মহিলা বিষয়াৰ নাম, সন্দীপন গাৰ্গৰ সৈতে আছিল….

প্ৰেমৰ উষ্ণতাৰ ‘লাভ বাইট’ প্ৰেয়সীৰ বাবে হ’ব পাৰে বিপদ! জানেনে কি ঘটিব পাৰে দেহত?
ছালখন কেনেকৈ ডিটক্স কৰিব জানেনে? জানক সহজ উপায়
অনলাইন বজাৰ কৰাৰ সময়ত মনত ৰাখিব এনে কথা, অন্যথা হ’ব পাৰে প্ৰৱঞ্চনাৰ চিকাৰ
আপুনিও খায় নেকি চেনিযুক্ত দৈ? কি হয় জানক...