মুখ্যমন্ত্ৰীৰ সৈতে শ্যামকানু মহন্তৰ সম্পৰ্ক লুকুৱাবলৈ গঠন কৰা হৈছে SIT: গৌৰৱ গগৈ
গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে আয়োজন কৰা জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয়, ন্যায়িক জিম্মাত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা যেন অনুভৱ হৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ। এই উপলক্ষে আজি ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। ইয়াৰ মাজতে গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছে আয়োজন কৰা জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “ন্যায়িক জিম্মাত থকা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সুৰক্ষা দিবলৈ ৰাজ্য চৰকাৰে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা যেন অনুভৱ হৈছে।”
তেওঁ লগতে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই এছ আই টিৰ জৰিয়তে যিদৰে তদন্ত আগুৱাই লৈ গৈছে, এনে অনুভৱ হৈছে যে মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্ক লুকুৱাবলৈ এছ আই টি গঠন কৰিছিল।’ গগৈয়ে তদন্তৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, “আইনী বিশেষজ্ঞসকলে, যিসকলে অপৰাধমূলক আইন, আদালত ব্যৱস্থাৰ বিষয়ে জানে, সকলোৱে তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে।” তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰীয়ে তদন্তৰ নেতৃত্ব লৈছে আৰু তেওঁক নিজৰ ভাবমূৰ্তি ৰক্ষাৰ বাবে ব্যস্ত হৈ থকা যেন লাগে।”
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই গগৈয়ে কয় যে, ৰাজ্যখনে এনে এক কণ্ঠ হেৰুৱালে, যিয়ে নিজৰ জনসাধাৰণ, সংস্কৃতি, পৰিৱেশৰ হৈ সাহসেৰে কথা কৈছিল । তেওঁ কয়, ‘তেওঁৰ সপোন, ভূপেন হাজৰিকাৰ ‘বৰ অসম’ৰ সপোনক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য।’
ইফালে জুবিনৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা দহজনীয়া এছ আই টিৰ মুৰব্বী বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই শনিবাৰে সাংবাদিকৰ আগত কয় যে, “তদন্ত চলি আছে…সকলোৰে ভাষ্য ৰেকৰ্ড কৰা হৈছে। আমি ২৪ ঘণ্টাই কাম কৰি আছো আৰু তদন্ত সঠিক দিশত চলি আছে।” তেওঁ কয় যে, এছ আই টিয়ে সময়মতে আদালতত প্ৰতিবেদন দাখিল কৰিব। গুপ্তাই পূৰ্বে কৈছিল যে, ৯০ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব।
তদন্তৰ বাবে ছিংগাপুৰ ভ্ৰমণ কৰা এছ আই টিৰ দলটোক নেতৃত্ব দিব মুন্না প্ৰসাদ গুপ্তাই। এই বিষয়ত তেওঁ কয় যে,”আমি এই ভ্ৰমণৰ বাবে সাজু আৰু আমি ছিংগাপুৰ কৰ্তৃপক্ষৰ সময়সূচী অনুসৰি যাম আৰু আমাৰ তদন্ত আগবঢ়াই নিম।”