জুবিন মৃত্যুৰ গোচৰত শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ…

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ হৈছে। ইয়াৰ লগতে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

জুবিন মৃত্যুৰ গোচৰত শ্যামকানু-সিদ্ধাৰ্থসহ ৫ অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ...
Updated On: 

15 Oct 2025 11:12 AM

আজি CJM আদালতত হাজিৰ কৰাৰ পাছতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ন্যায়িক জিম্মালৈ প্ৰেৰণ হৈছে। ইয়াৰ লগতে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । ১৪ দিনৰ ন্যায়িক জিম্মালৈ কৰা হৈছে আটাইকে। জানিব পৰা মতে, তেওঁলোকে দাখিল নকৰিলে জামিন আবেদন।

আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাছতে আজি CJM আদালতত হাজিৰ কৰা হয় শ্যামকানু মহন্তকে ধৰি পাঁচত অভিযুক্তক। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত এই পাঁচজন ব্যক্তি। চিআইডিয়ে ৫ অভিযুক্তক হাজিৰ কৰি মুখ্য দণ্ডাধীশৰ আদালতত । অভিযুক্ত কেইজন হৈছে-শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, ভাতৃ সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য।

ইফালে, চলি থকা তদন্তৰ অংশ হিচাপে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী, প্ৰীতম ভূঞাই শেহতীয়াকৈ চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে। ইয়াল লগতে দেৱজ্যোতি হাজৰিকা নামৰ আন এজন আজি হাজিৰ হোৱাৰ কথা আছে বুলি জানিবলৈ দিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। মুন্না প্ৰসাদ গুপ্তাই কয় যে, সুস্মিতা গোস্বামী, প্ৰীতম ভূঞাক জেৰা চলোৱা হৈছে।

মুন্না প্ৰসাদ গুপ্তাই কয় যে, জুবিনৰ মৃত্যুৰ সময়ত উপস্থিত থকা ছিংগাপুৰৰ ১১ জন প্ৰৱাসী অসমীয়াৰ ভিতৰত ১০ জন চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয়। আনজন ছিংগাপুৰৰ নাগৰিক হোৱাৰ বাবে তেওঁৰ ক্ষেত্ৰত কথাটো বেলেগ বুলি কয় মুন্না প্ৰসাদ গুপ্তাই। কিন্তু লগতে তেওঁ কয় যে, তেওঁ হাজিৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

Related Stories
বাক্সাত সাময়িকভাৱে কৰ্তন ইণ্টাৰনেট সেৱা, সাম্ভাৱ্য হিংসাত্মক পৰিস্থিতি ৰোধৰ বাবে সিদ্ধান্ত চৰকাৰৰ
বাক্সাত ইণ্টাৰনেট সেৱা কৰ্তনৰ পৰা ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকলৈ, দিনটোৰ খবৰ…
বাক্সাত ১৬৩ ধাৰা জাৰি প্ৰশাসনৰঃ কৰিব নোৱাৰে প্ৰতিবাদ, দিব নোৱাৰে শ্লোগান…বিভিন্ন দিশত নিষেধাজ্ঞা…
বাক্সা জিলা কাৰাগাৰৰ সমুখত উত্তেজনা, দুষ্কৃতিকাৰীয়ে জ্বলালে আৰক্ষীৰ বাহন, শূন্যলৈ গুলীচালনা আৰক্ষীৰ
শ্যামকানুহঁতক কঢ়িয়াই নিয়া বাহনলৈ শিলগুটি-জোতা-ছেণ্ডেল দলিয়াই ‘জয় জুবিনদা’ ধ্বনি একাংশৰ
কোনো কয়দী নোহোৱা বাক্সা জিলা কাৰাগাৰ হ’ব শ্যামকানু-সিদ্ধাৰ্থহঁতৰ নতুন ঠিকনা
হঠাতে কেতিয়াবা শ্মশানযাত্ৰা দেখা ভাল নে বেয়া? জানক শাস্ত্ৰই কি কয়...
হ'ব অমংগল! আনৰ পৰা ধাৰ লৈ এইসমূহ বস্তু নথ'ব ঘৰত, জানক...
ম্যাদ উকলি যোৱা কণ্ডম ব্যৱহাৰৰ ফলত কি হ'ব পাৰে? জানক
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণবোৰ কি কি? ই কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে?